সময় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

সময়

 

সময় 


           অভিজিৎ হাজৰিকা 

         গোলাঘাট, দেৰগাঁও


শুনিছোঁ বহুতৰে মুখত,

সময় বৈ যায় হেনো নদীৰ দৰে।


দেখিছোঁ, সময়ৰ এখন হাতত আছে

মধুৰ ফুলৰ পাহি,

যি দিয়ে আইৰ মৰমৰ সুগন্ধ

আৰু দেখাই নতুন নতুন সপোনৰ আশা 


সেই সময়ৰ সোঁততে

সপোনে মেলে নতুন পাখি।


আকৌ, একেই সময়ৰ আনখন হাতত আছে

অন্ধকাৰ বেদনাৰ ছাঁয়া।

সেই সময়লৈ লাগে ভয়,

যেন সেই সময়েই

নতুন  নতুন সপোন দেখাৰ

নিদ্ৰাক কাঢ়ি নিয়ে।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages