সোণাৰু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 1, 2026

সোণাৰু

 

সোণাৰু


                  মৰমী মৌ চাহু

            গেলেকী, শিৱসাগৰ 

        

ৰ’দত জিলমিল হালধীয়া সোণাৰুৰ দৰে

মোৰ আইৰ মুখৰ হাঁহি 

সময়ৰ মৃদু বতাহে সৰোৱা পাহিবোৰ 

বুটলি বুটলি মই একোলা কৰিলোঁ 

আহক এইবেলি ধুমুহা দুৰ্যোগ 

পৰ্বতত ঠেকা খোৱা শব্দৰ দৰে উফৰিব 

সকলো অপবাদ  

তই ডাল ভৰি ফুলি থাক, সোণাৰু

ফুলি ফুলি দুলি থাকক মোৰ আইৰ 

সোণাৰুবুলীয়া হাঁহিধানি।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages