গোলাপ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 1, 2026

গোলাপ

 

গোলাপ


               শেৱালী বড়া

            ছিপাঝাৰ, দৰং


মোৰ ফুলনিত কিয়নো ফুলিলি তই

গোলাপ মালিতা সৌন্দৰ্য্যৰ ৰাণী হৈ

যদিও তই কাইটেৰে আৱৰা

কবিৰ মনত শব্দৰ জোৱাৰ তুলি

দিঠকত সপোন সিঁচা  

মনৰ ভাৱনাৰে শব্দৰ মালা গাঠি

দি যায় এটি-এটি বাখৰুৱা কবিতা 

সৰগ ভুলোৱা তোৰ ৰূপ-লাৱন্য

মানুহৰ অন্তৰত প্ৰেমৰ আলয় সাজা

কাইটীয়া দেহত উপচি থাকে লয় লাস 

আপোন ভেমত গঙাটোপ হৈ থাকা

ওৰে ৰাতি দেৱ -দেৱীৰ লগত কেলি কৰা

পুৱাৰ সমীৰণে গোপনে আহি 

সৰুৱাই থৈ যায় সুকোমল পাপৰি তোৰ

কেতিয়াবা মনত আশাৰ ভুমূকি মাৰা

কেতিয়াবা বিৰহিনী দেহত বাণ মাৰা

সজল নয়নে চাই থাকে তোলৈ

প্ৰেমৰ প্ৰতাৰণাত আকুল হৃদয় জ্বলে

নপৰো তোৰ প্ৰেমত আকৌ দুনাই।।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages