জুবিনৰ বাণী অমৰ হওক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 1, 2026

জুবিনৰ বাণী অমৰ হওক

 

জুবিনৰ বাণী অমৰ হওক


                                             নাছিৰ আহমেদ 

                                 শিমলাবাৰী গোৱালপাৰা


জুবিন মাথোঁ এটি নাম নহয়,

জুবিন মানে খোলা তৰোৱাল, শানিত তৰোৱাল। 

দুৰ্নীতি, ভ্ৰষ্টাচাৰ,অত্যাচাৰ, শোষণ, হত্যা, লুট আৰু ধৰ্ষণৰ বিৰুদ্ধে 

শূন্যত ওলমি থকা ডেমোক্লোছৰ তৰোৱাল!

তেওঁৰ একো একোটা গান এটি পবিত্ৰ প্ৰাৰ্থনা,

যাদুকৰী কণ্ঠৰ মায়াবিনী গীতৰ ঝংকাৰ যেন                 

ৰাতিপুৱাৰ ৰ’দ-কাচলিৰ কোমল স্নিগ্ধ-সনা, সূৰ্যদীপ্ত মধ্যাহ্নৰ উদীপ্ত আভা, সন্ধ্যাৰাগৰ বিষাদগ্ৰস্ততা!

জুবিনৰ গীত আৰু সংলাপ যেন 

মানৱীয় প্ৰমূল্যবোধৰ মহান বাৰ্তা —

   “মোৰ কোনো জাতি নাই 

    মোৰ কোনো ধৰ্ম নাই 

   মোৰ কোনো ভগৱান নাই, মই মুক্ত মই কাঞ্চনজংঘা।”

তেওঁৰ তেজৰ সিৰা-উপসিৰাত কল্ কল্ ধ্বনি কৰি চিৰ প্ৰবাহিত কাৰ্লমাক্স আৰু চে গুৱেভাৰৰ  মাৰ্ক্সবাদী দৰ্শনৰ ধ্যান ধাৰণা।

তেওঁ প্ৰতিটো সংগীত আৰু বোলছবিৰ মঞ্চত চিঞৰি চিঞৰি কৈছিল,

“I am socialist, I am  leftist!

আমাৰ পথাৰ আমাৰ অধিকাৰ,

আমিয়ে মন্ত্ৰী বনাও,আমাক মন্ত্ৰীয়ে নবনায়।”

ৰাজনৈতিক নেতাৰ ভণ্ডামিক সঁকিয়াই দিছে,

“পলটিক্স নকৰিবা বন্ধু,

          পৰিৱৰ্তন শুনিবলে’ ভাল,

            কিন্তু হৈছে ঘেন্টা ডাল……”


    “মন্ত্ৰী, এম‌.এল.এ সৱ পাপৰহে মাত্ৰ 

      দেখিবলে’ ভাল, আচলতে শব্দ…..”

জুবিনৰ “মিছন চাইনা” বোলছবি হ’ল 

সন্ত্ৰাসবাদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। 


আজি জুবিনবিহীন নিস্তব্ধ প্ৰহৰ, গোমা আকাশ, উঁচুপি উঁচুপি কান্দিছে তেওঁৰ নন্দন কাননত ফুলি থকা প্ৰতিজোপা গছ, চৰাই চিৰিকটি, পোহনীয়া জীৱ-জন্তু আৰু জুবিন অনুৰাগী বিশ্বৰ কোটি কোটি জনতা !

অথচ! এতিয়াও চাৰিওফালে আৰম্ভ হৈছে 

কুৎচিত চেহেৰাৰ দুঠেঙীয়া জন্তু-ৰূপী

অশুভ শক্তিৰ ষড়যন্ত্ৰৰ জাল;

এই কুট-চক্ৰান্তৰ বুহ্য ভেদ কৰি 

ন্যায় পাবনে আমাৰ সকলোৰে চিৰ-নমস্য, হিয়াৰ আমঠু, হাৰ্টথ্ৰব গণশিল্পী জুবিন গাৰ্গ ??

জুবিন গাৰ্গ অমৰ হওক 

অমৰ হওক তেওঁৰ মহান বাণী!


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages