নীৰৱ সংযোগ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, July 31, 2026

নীৰৱ সংযোগ

 

নীৰৱ সংযোগ


                   মৃণাল বৈশ্য

                       তামুলপুৰ


তোমাক পাহৰা নাই,

সেই বাটে মই যোৱা নাই;

যি বাটে সকলো হেৰাই

আন্ধাৰ নমাই, নীৰৱতাই গায়।


হব জানো সময় তোমাৰ চাবলৈ উভতি,

যদি চোৱা পাবা মোৰেই স্মৃতি;

শুকান পাতত লিখিছোঁ আমাৰ কাহিনী,

সমীৰে সমীৰে উৰি গৈ তোমাৰ ছাঁতে জিৰাবহি।


নতুন আৰু পুৰণি কেতিয়াও

একাকাৰ নোৱাৰে হ’ব—,

নতুনৰ আদৰত লুকাই থাকে

পুৰণিৰ নীৰৱ বিদায়ৰ শব্দ।


সময়বোৰ সলনি হৈ গৈছে,

তুমি আৰু আগৰ দৰে নোহোৱা,

মইও আগৰ দৰে নাথাকোঁ;

কিন্তু ক’তবা এটা অংশত

আমি এতিয়াও একেলগে আছোঁ।


জীৱনৰ বাটত, ভিৰৰ মাজত

এদিন দেখা হব অকস্মাৎ,

নাথাকিব কথা কোৱাৰ অধিকাৰ,

চকুতেই লিখা থাকিব সকলো  বতৰা দুখৰ;

এনে লগিব যেন আমি পৰাধীন দেশৰ

পাখি কটা দুটি চৰাই, 

সংগী মাথোঁ মৃত্যুমুখী যাত্ৰাৰ।


তথাপি…

স্মৃতিৰ উৰণ থমকি নাথাকে,

তোমাৰ নামৰ সুৰত

মোৰ হৃদয় আজিও নিঃশব্দে বাঢ়ে।


আমাৰ কাহিনী

নাছিল একো সম্পূৰ্ণ কবিতা,

এটা আধৰুৱা অধ্যায় মাত্ৰ,

সময়েও শেষ কৰিব নোৱাৰা।


Doksiri দকচিৰি, আগষ্ট, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages