নাগিনীমৰাঃ এটা নিসংগ সুৰ
ৰূপজ্যোতি পামেগাম
নাগিনীমৰা,
কেনে আছ তই?
তইতো চিনিছিলি—
জুনহেবোটোৰ লোলুপ চকু,
পাহাৰৰ বুকুত নুৰুৰ তপ্ত উশাহ।
দিকু নৈৰ নিৰ্জন পাৰত
আজিও থমকি ৰয়—
এক গোপন গৰ্ভধাৰণৰ কৰুণ ইতিহাস।
মককচাং, টুৱেনচাং, লংলেং...
মেঘমল্লাৰ চকুলো
ভাগি পৰা পাহাৰীয়াৰ কলিজা।
দিখৌ, দিচাং, জাঁজীৰ---
সৌ দৰিকা পাৰৰ নিমাইজান,
শৰাগুৰি ঘাটৰ টিমুক জান—
দেখিলা নে তুমি
কেনেকৈ সিহঁত মূৰ পোলোকা দিলে ?
সবে যেন মিলি আনিলে বৈ
এজাক মৃত কিৰিলিৰ হুমুনিয়াহ।
অথচ নুৰুটো নিৰ্বিকাৰ!
পাদদেশে আজিও জুমি জুমি চায়,
তাৰ বুকুত যেন কোনো দাগেই নাই।
কচোন নাগিনীমৰা,
বুকুৰ এই নিসংগ শিল এটা লৈ—
এতিয়া কেনে আছ তই?
Doksiri দকচিৰি, আগষ্ট, ২০২৬

No comments:
Post a Comment