সুসাহিত্যিক তৰুণ চন্দ্ৰ পামেগাম দেৱৰ অপ্ৰকাশিত এটি গানৰ প্ৰসংগত
অমিয় কুমাৰ চিৰাং
উঠা এটি ক্ষণ/মিৰি ছাত্ৰ গন কৰোঁ আহা পণ/ নহ’বা বিমন–।
এই গীতি কবিতাটিৰ সম্পূৰ্ণ অন্তৰাবোৰ কোনে জানে ? ধৰি ল’লোঁ সেই কবিতাটিৰ পৰিধি সিমানেই যেনিবা; কিন্তু এনে বহু লিখনি উঁইয়ে খালে বোলে যিবোৰ পুৰি দিব লগা হৈছিলগৈ। ছাত্ৰাৱস্থাৰ পৰাই গল্প, কবিতা আদি লিখা মেলা আৰম্ভ কৰি অসমৰ এগৰাকী সুসাহিত্যিক হিচাপে প্ৰতিষ্ঠা লাভ কৰা তৰুণ চন্দ্ৰ পামে গাম দেৱৰ লিখনিসমূহ দুটা খণ্ডত প্ৰকাশ কৰিলেও কিছু লিখনি হেৰাই যোৱা বা নষ্ট হোৱা বুলি পৰিয়ালৰ লোকে কৈছে। তেনে এটি বিশেষ গীত হ’ল – কাজে কাজে কাজে ইস্কুল্ল:পৗ কাজে–। ১৯২৪ চনৰ পৰা দেখি অহা মিচিং সমাজত পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ নোহোৱা, শিক্ষাৰ পোহৰ নপৰা সমাজখনত অজ্ঞান আন্ধাৰে আৱৰি কু-সংস্কাৰে কোঙা কৰা অৱস্থাৰ পৰা ৰক্ষা কৰি বিদ্যালয়লৈ যোৱাৰ আগ্ৰহ অনাৰ আহ্বানমূলক সেই গীত।
এলান্ধুকলীয়া সেই সময়ৰ মিচিং সমাজখন শিক্ষাৰ প্ৰতি আগ্ৰহ নাছিলেই বুলি ক’ব পাৰি। অৱশ্যেই উল্লেখ্য; মাজুলীৰ সেই সময়ৰ যাতায়ত আৰু যোগাযোগ ব্যৱস্থাও বৰ অনুকূল নাছিল বুলিলে অত্যুক্তি কৰা নহ’ব। কিন্তু তেনে প্ৰতিকূলতাক নেওচি সামাজিক ভেদাভেদৰ প্ৰাচীৰ ভাঙি শিক্ষা আৰু জ্ঞানৰ আলোকেৰে উদ্ভাসিত হৈ উঠিছিল তৰুণ চন্দ্ৰ পামেগামদেৱ আৰু শিক্ষাৰ সেই জ্যোতিৰে জ্যোতিষ্মান কৰি মিচিং সমাজখন আগুৱাই নিবৰ বাবেই বহু কৰ্মসূচী লৈছিল দুই এক বন্ধুক লগত লৈ। তাতে তেখেতে বহু সময়ত ৰাতি স্কুল পাতি গাঁৱৰ ল’ৰা ছোৱালীবোৰক পঢ়াৰ প্ৰতি ধাউতি বঢ়াবলৈ গানক সাৰথি কৰি লৈছিল। তেনে এটি গানেই আছিল “কাজে কাজে কাজে ইস্কুল্ল:পৗ কাজে”। এই গীতটি দুই একে তেখেতৰ নহয় বুলি কৈ জনৈক পেগু ছাৰৰ বুলি ক’ব খোজে। ইয়াৰ বিপৰীতে স্পষ্ট তিনিটা যুক্তি উনুকিয়াব পাৰি।
১) মিচিং গীতৰ প্ৰথম অনাতাঁৰ শিল্পী বানেশ্বৰ মিলিয়ে শ্বিলং কেন্দ্ৰৰ পৰা গোৱা গীতটি পামেগামদেৱৰ ৰচিত বুলি উল্লেখ আছে। তেনে ক্ষেত্ৰত পামেগামদেৱক আনু নিঃতমৰ প্ৰথমজন গীতিকাৰ বুলি ক’ব পাৰি।
২) প্ৰয়াত পামেগাম দেৱক সমাজে শিল্পী বুলিও জানে; যি গৰাকীৰ সংগ্ৰহত The Folk songs of Mising গৱেষণাৰ বাৱে ১৯৫৩ চনতেই সাজু হৈ উঠিছিল।
৩) পাগ্ৰ উপভাষাৰ লোকে আঙৌ (ভাই/ভনী) শব্দটোৰ সলনি “বৃৰ বৃৰমাং” শব্দটো ব্যৱহাৰ কৰে। তাৰোপৰি সেই তেতিয়াৰ সময়ত যোগাযোগ যাতায়তৰ অসুচলতাৰ বাবে বিভিন্ন উপভাষীয় খেলৰ মাজত সঘন আহ-যাহ নাছিল বাবে তেনে শব্দৰ সানমিহলি হোৱাটো অসম্ভৱেই বুলিব পাৰি। সেই বিষয়ত পামেগাম দেৱৰ পৰিয়ালে আমাক জনোৱা মতে গীতটি পামেগাম দেৱৰে হয় বুলি তেখেতৰ ২য় কন্যা শ্ৰীযুতা জুতিমালা (জোন) পামেগাম পায়েং (লখিমপুৰ), মিচিঙৰ প্ৰথম অনাতাঁৰ (মহিলা) শিল্পী শ্ৰীযুতা অৱন্তী পামেগাম চেতীয়া বাইদেউৱে নিশ্চিতি দি জনাইছে। (ইং১৫/১/২০২৫।)
গীতটি তলত উল্লেখ কৰা হ’ল –
কাজে কাজে কাজে ইস্কুল্ল:পৗ কাজে
আঙৗ বৃৰ কৃৰৃঙা পৰিকল কাজে।
————————————
আনৃনচককৗ বৃৰ মিপাগৗ
বৗৰকুতচুলা তয়াঃদুং নককৗ লৗগাঙৗ
————————————
চিল য়াঃয়াঙৗ য়াম্প য়াঃয়াঙৗ
নককৗ লৗকৰ কৰনামৗ আনদৗঃ আনদৗঙৗ
——————————————
য়ুমমি য়ুপ্তাবৗম মৗপলাঃবঃজৗ
দেঃগৗ লাম্তৗ গৃকল গৃমৃনলাঃবজে।
—————————————
ভাৱাৰ্থঃ
আহা আহা আহা স্কুললৈ ব’লা
ভাই ভনী সকলোৱে পঢ়িবলৈ ব’লা
আমাৰ কাষৰ অমিচিংবোৰ
আমাৰ বাবে ৰৈ আছে
দিনবোৰ পাৰ হৈ গৈয়েই আছে
খোজবোৰ কিয় বাৰু শামূকীয়া হ’ল?
এলাহ নিদ্ৰা এৰি আহা সৱে
আনৰ খোজত খোজ মিলাই যাওঁ আহা আহা আহা।
—————————————————
২০১৬ চন। ৩০ আগষ্ট। তৰুণ চন্দ্ৰ পামেগাম স্মৃতি দিৱস। মাজুলী তামুলনী গাঁৱত। মিচিং আগম কৗবাঙে পাতিছিল। ৰাঃদাং মাজুলী বাংকেৰ দ্বাৰা। তাতে সেই গীতটি সমবেত গীত হিচাপে এটা দলে গাইছিল। মই পৰিচালকগৰাকীক মাতি আনি গীতটিৰ বিষয়ে সুধিলোঁ; যিহেতু তেখেতৰ স্মৃতি দিৱসত বেলেগৰ গীত গোৱা নহয়, তাই শ্ৰীমতী ৰীতা গাম। মোক গীতটিৰ হাতেলিখা প্ৰতিলিপিটো দিলে আৰু ক’লে গীতটি প্ৰধান শিক্ষক শ্ৰীযুত দেৱীৰাম গাম ছাৰে শিকাইছিল। তাতে লিখা আছে “প্ৰয়াত তৰুণ চন্দ্ৰ পামেগামৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত গীত”। তাৰ পিছৰ পৰাই মই সন্ধান কৰি আছিলোঁ। তাৰ পৰবৰ্তী পৰ্যায়ত সন্ধান পাওঁ পৰিয়ালে উদ্ধাৰ কৰা চাৰিখন পৌৰানিক নাটক আৰু ৰাসলীলা নাট। সহযোগ কৰিছিল অন্নদা, সোনজ্যোতি আৰু বন্ধু অনিল পামেগামে। অতি আগ্ৰহত আছিল “মাজুলী সাহিত্য”ৰ যুগল হাজৰীকা দাদা, কমল দত্তদেৱ আৰু ভাতৃপ্ৰতীম সাহিত্যিক ভৱানন্দ হাজৰিকা।
মাজুলীৰ সুসন্তান, বহুগুনৰ অধিকাৰী, সাহিত্য আকাশত উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি থকা, অসমীয়া সাহিত্যলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা তৰুণ চন্দ্ৰ পামেগামদেৱৰ ৰচনাসমগ্ৰত অনুৰণন হয় ঐক্য, সম্প্ৰীতি আৰু সংস্কাৰৰ দুৰ্বাৰ আশাভৰা পণ আৰু সমন্বয়ৰ সেতু গঢ়ি মানৱ প্ৰেমেৰে এক সঁচা সমাজ গঢ়াৰ অই নিঃতম সুৰীয়া সমৃদ্ধিশালী গান।
Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫
No comments:
Post a Comment