এজাক বৰষুণে ধুই নিলে মোৰ অভিমান
জুমী চিৰিং
কঠালগুৰি, লক্ষীমপুৰ
এজাক বৰষুণে ধুই নিলে মোৰ অভিমান
আকাশে বুজি পালে অন্তৰৰ গোপন গান,
ডাৱৰৰ বুকুত সাঁচি থোৱা নীৰৱ বেদনা
ধূসৰিত সময়বোৰৰ কৰুণ যান্ত্ৰিকতা।
এজাক বৰষুণে আহি ক'লে মৰমৰ কথা
“কিয় ইমান অভিমানী হৈ থাকা তুমি?”
হৃদয়ৰ ভিতৰত জাগে গোপনে আশা
সুখৰ সপোনবোৰ কিয় বাৰু দুখেৰে ভৰা !
সেই ক্ষণতে বৰষুণজাকে আহি
মৰমতে চুমিলেহি গুলপীয়া গালৰ ৰং,
কেঁচা মাটিৰ সুগন্ধিত জীপাল কৰি
মচি দিলে অভিমানী মনৰ প্ৰতিটো ঢং।
ফাগুন অহাৰ বাটেৰে জুমি চালোঁ
সেউজীয়া বনৰ আশাৰ ঘাঁহবোৰ,
মনৰ ভিতৰত জমা হোৱা বুকুৰ কষ্টবোৰ
কেনেকৈ যে বৰফ গলি সৰে বৰষুণবোৰ।
ফাগুনৰ মিঠা বৰষুণজাকে শিকালে
অভিমানী হিয়াত কেনেকৈ ফুলে শান্তি,
সেউজীয়া সপোনবোৰ আকাশী আশা
হৃদয়ত আশাবোৰ জীৱন জীনাৰ ভাষা।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment