শূন্যতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, July 31, 2026

শূন্যতা



 শূন্যতা 


                  মনালিছা শইকীয়া

                          বোকাখাত


হঠাৎ এদিন 

উভতিছিল আপুনি আপোনজনৰ কাষলৈ 


কিন্তু সিদিনা 

ৰৈ থকা নাছিল কোনো আপোনালৈ


কোনবাটে বাট বুলিছিল আপুনি 


আছিলনে সিবাটৰ দুকাষে

সেউজ অৰণ্য অথবা শস্যময় পথাৰ 


আপুনি যিদিনা ওলাই গৈছিল

জ্বলা নাছিল বিজুলীবাতি আপোনাৰ 

চহৰখন আৰু চুবুৰীটো পোহৰাবলৈ


জ্বলোৱা নাছিল কোনেও 

এগছি মাটিৰ চাকি আপোনজনৰ 

মুখবোৰ পোহৰময় কৰিবলৈ 


কাতৰ হৈছিল সকলো 

উদ্বিগ্নতাত কঁপিছিল কুটুমৰ বুকুবোৰ


কথাবোৰ 

বেলিৰ দৰেই সঁচা 

জোনাকৰ দৰে ফটফটীয়া


বিচাৰিছিলনে আপুনি আপোনাক 

অথবা ইতিহাস হৈ পৰা আপোনজনক 


যিদিনা বিছাৰিছিল

সিদিনা ৰৈ থকা নাছিল কোনো আপোনালৈ...         


Doksiri দকচিৰি, আগষ্ট, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages