শূন্যতা
মনালিছা শইকীয়া
বোকাখাত
হঠাৎ এদিন
উভতিছিল আপুনি আপোনজনৰ কাষলৈ
কিন্তু সিদিনা
ৰৈ থকা নাছিল কোনো আপোনালৈ
কোনবাটে বাট বুলিছিল আপুনি
আছিলনে সিবাটৰ দুকাষে
সেউজ অৰণ্য অথবা শস্যময় পথাৰ
আপুনি যিদিনা ওলাই গৈছিল
জ্বলা নাছিল বিজুলীবাতি আপোনাৰ
চহৰখন আৰু চুবুৰীটো পোহৰাবলৈ
জ্বলোৱা নাছিল কোনেও
এগছি মাটিৰ চাকি আপোনজনৰ
মুখবোৰ পোহৰময় কৰিবলৈ
কাতৰ হৈছিল সকলো
উদ্বিগ্নতাত কঁপিছিল কুটুমৰ বুকুবোৰ
কথাবোৰ
বেলিৰ দৰেই সঁচা
জোনাকৰ দৰে ফটফটীয়া
বিচাৰিছিলনে আপুনি আপোনাক
অথবা ইতিহাস হৈ পৰা আপোনজনক
যিদিনা বিছাৰিছিল
সিদিনা ৰৈ থকা নাছিল কোনো আপোনালৈ...
Doksiri দকচিৰি, আগষ্ট, ২০২৬
.jpg)

No comments:
Post a Comment