নতুন নতুন তৃপ্তি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, July 31, 2026

নতুন নতুন তৃপ্তি

 


নতুন নতুন তৃপ্তি


                           ড° ইকবাল হোচেইন খান


অবিৰত সুন্দৰৰ পূজা-অৰ্চনা চলে

দেশে দেশে সুন্দৰৰ সাধকে আনন্দৰ মৌ বিচাৰে

তৃষ্ণাতুৰ হৃদয় কৰে তপ-জপ

কামনাৰ জুইৰ কোঁহে কোঁহে জোৱাৰ উঠে 

বসন্তৰ ভাষাৰে জীৱন খোঁজে 

জ্যোতিস্নান হৈ উঠে ইচ্ছাৰ জগত 

কিযে শক্তি যৌনতাৰ অনুৰতি 

শত-সহস্ৰ আহে হিলদল ভাঙি

উন্মাদ হৈ পৰে ভোগৰ ৰাতি 

জাগি উঠে যৌৱনৰ মুকুতা মালা

মিলে নতুন নতুন তৃপ্তি 

বুকুত ৰাখে কতযে স্মৃতি 

নোকোৱা ভাষাৰে কথা পাতে সময়ৰ স'তে 

শিহৰণ জীৱন-যৌৱনৰ 

পূজা-অৰ্চনা চলে সুন্দৰৰ।


Doksiri দকচিৰি, আগষ্ট, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages