শৈক্ষিক অৰ্থনৈতিক স্বশাসন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, July 31, 2026

শৈক্ষিক অৰ্থনৈতিক স্বশাসন


 

শৈক্ষিক অৰ্থনৈতিক স্বশাসন


নৱ কান্ত পেগু 

MSc Physics, B.Ed, M.Ed, NET

   

                       

ৱশেষত চৰকাৰে নিজেই ক'লে কলেজ বিশ্ববিদ্যালয় সমূহৰ উন্নয়নৰ বাবে ছাত্ৰ ছাত্ৰীৰ পৰা বৰ্ধিত হাৰত মাচুল সংগ্ৰহ কৰিব লাগিব ইতিমধ্যে মাচুল বৃদ্ধিৰ কাম আৰম্ভ হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰ-ছাত্ৰী সকলে মাচুল বৃদ্ধিৰ বিৰুদ্ধে আন্দোলন কৰিছে। অন্যান্য কলেজ বিশ্ববিদ্যালয়তো মাচুল বৃদ্ধি হ'লে ছাত্ৰ-ছাত্ৰী সকলে আন্দোলন কৰিব। কেম্পাছে কেম্পাছে বিশৃংখল পৰিবেশ সৃষ্টি হ'ব।

ভাৰতবৰ্ষ এখন বিশাল দেশ। বিশাল দেশ মানেই বহুত মানুহ। বহুত মানুহ মানেই এখন ডাঙৰ বজাৰ। বহজাতিক ব্যৱসায়িক তথা বিত্তীয় সংস্থা বিলাকে অফিচিয়েলি ভাৰতবৰ্ষক এখন‌বজাৰ বুলিয়েই গণ্য কৰে। যেতিয়াৰ পৰা ভাৰতবৰ্ষত নব্য উদাৰবাদী অৰ্থনীতি চলিল তেতিয়াৰ পৰাই ভাৰতবৰ্ষৰ চৰকাৰী সেৱা ব্যৱস্থা সমূহৰ অৱস্থা বেয়া হৈ আহিল। ভাৰতবৰ্ষৰ মানুহে সাংবিধানিক ভাবে দুটা অতি আৱশ্যকীয় সেৱা ব্যৱস্থা স্বাস্থ্য আৰু শিক্ষা চৰকাৰী ভাবে বিনামূলীয়াকৈ পাব লাগে। স্বাধীনতাৰ পিছতেই ভাৰতবৰ্ষৰ শিক্ষিত অশিক্ষিত সচেতন লোক সকলে স্কুল কলেজ বিশ্ববিদ্যালয় গঢ়িবলৈ এক আন্দোলন গঢ়িলে। আমি পঢ়া গুৱাহাটী বিশ্ববিদ্যালয় খন কেনেকৈ গঢ়া হৈছে সেই ইতিহাস পঢ়ালে চকুপানী ওলাই যায়। আমি নামমাত্ৰ মাছুল দি ডিব্ৰুগড়  বিশ্ববিদ্যালয়ৰ পৰা এম এছ চি আৰু  গুৱাহাটী বিশ্ববিদ্যালয় বি.এড. (B.Ed) পাচ  কৰিছো। মই ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় (এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়)ৰ পৰা এম.এড. (M.Ed) সম্পূৰ্ণ কৰিছোঁ। গুৱাহাটী , ডিব্ৰুগড় বিশ্ববিদ্যালয় খন নথকা হ'লে আমাৰ দৰে দুখীয়া ছাত্ৰ সকলে উচ্চ শিক্ষা লাভ কেতিয়াও কৰিব নোৱাৰিলে হেঁতেন। বি বৰুৱা কলেজৰ জন্ম হৈছে স্বাধীনতা আন্দোলনৰ ফলত। আজিৰ তাৰিখত বহুতে সেইবোৰ কথা নাজানে

বি বৰুৱা কলেজত সুদীৰ্ঘ কাল অধ্যক্ষ হোৱা বিখ্যাত ভাষাবিদ প্ৰয়াত প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য নলবাৰীৰ দীঘেলী গাঁৱৰ পৰা খোজ কাঢ়ি আহিছিল গুৱাহাটীলৈ উচ্চ শিক্ষা লাভৰ বাবে। কলেজত নাম লগাবলৈ এই মেধাৱী ছাত্ৰ জনৰ হাতত পইচা নাছিল। অধ্যক্ষ গোপীনাথ বৰদলৈয়ে তেওঁক ১৫ টকীয়া এটা বৃত্তি দিছিল তেনেকৈয়ে তেওঁৰ উচ্চ শিক্ষা লাভৰ বাট মুকলি হয়।

গুৱাহাটী বিশ্ববিদ্যালয়ত এতিয়া যি সকলে পঢ়ি আছে বা পঢ়ুৱাই আছে তেওঁলোকলৈ অনুৰোধ শ্ৰদ্ধেয় মহেশ্বৰ নেওগ ছাৰে লেখা বিশ্ববিদ্যালয়ৰ_স্বপ্ন নামৰ কিতাপখন পঢ়ক। কেনেকৈ এগৰাকী পোহাৰি এজন ড্ৰাইভাৰেও গুৱাহাটী বিশ্ববিদ্যালয় গঢ়িবলৈ বৰঙণি আগবঢ়াইছে।

এতিয়া সেইবোৰ কথা অতীত হ'ল। দুখীয়া মেধাৱী ছাত্ৰই উচ্চ শিক্ষা লাভ কৰিবলৈ বহুত ধন খৰছ কৰিব লাগে। ধন নহ'লে উচ্চ শিক্ষা লাভ কৰিব নোৱাৰি। এতিয়া ৰাইজে গঢ়া কলেজ বিশ্ববিদ্যালয় বিলাকতো self finance course হ'ল। ইয়াৰ অৰ্থ হৈছে চৰকাৰী কলেজৰ ভিতৰতেই এখন ব্যক্তিগত কলেজ। এইখন কলেজৰ সকলো খৰছ ভৰছ ছাত্ৰই বহত কৰিব লাগে। আজিৰ তাৰিখত চৰকাৰে এইটোৱেই বিচাৰে। চৰকাৰী কলেজ বিশ্ববিদ্যালয় চলাই ৰাখিবলৈ চৰকাৰৰ ইচ্ছা নাই। চৰকাৰে কয় চৰকাৰৰ হাতত পইচা নাই। সেই কাৰণেই এতিয়া চৰকাৰে চৰকাৰী কলেজ বিশ্ববিদ্যালয় সমূহক অটোনমাছ বা স্বশাসিত কলেজ বিশ্ববিদ্যালয় কৰিবলৈ এক প্ৰকাৰৰ ধুমুহাৰ সৃষ্টি কৰিছে। মানুহ বিলাকেও কথাটো ভাল পাইছে। ভাল পোৱা নাই সেই সকলে যিসকলে দেশৰ ইতিহাস জানে। যিসকলে সাংবিধানিক অধিকাৰৰ কথা জানে। যি সকলে সেই কথাও জানে নব্য উদাৰবাদী অৰ্থনীতিয়ে দেশখনক ক্ৰমাৎ এখন বজাৰলৈ ৰূপান্তৰিত কৰিছে। ভাৰতবৰ্ষ এতিয়া এখন বৃহৎ বজাৰ। স্বাস্থ্যৰ বজাৰ শিক্ষাৰ বজাৰ সকলো সেৱা ব্যৱস্থাৰ বজাৰ। এইখন বজাৰত কিছুমান শিক্ষাৰ বেপাৰীয়ে দপদপাই থাকে। তেওঁলোকে ছাত্ৰক গ্ৰাহক customer বুলি মুকলিকৈ কবলৈ বেয়া নাপায়। তেওঁলোকে পৃথিৱীখনতেই বিজ্ঞাপনেৰে ভৰাই দি তেওঁলোকৰ দোকান লৈ ছাত্ৰ গ্ৰাহকক আকৰ্ষণ কৰে।

আগতে পঞ্চম বাৰ্ষিক পৰিকল্পনাত সিদ্ধান্ত লোৱা হৈছিল চৰকাৰৰ সকলো বিভাগত পাচ বছৰলৈ কি কি নতুন পৰিকল্পনা আঁচনি নীতি সিদ্ধান্ত লোৱা হ'ব। এতিয়া সেই পৰিকল্পনা নাই তাৰ ঠাইত আহিল নিটি আয়োগ। পঞ্চম বাৰ্ষিক পৰিকল্পনাত চৰকাৰী মন্ত্ৰী বিষয়াৰ উপৰিও চৰকাৰৰ সৈতে সম্পৰ্ক নথকা অৰ্থনীতিবিদ শিক্ষাবিদ আদিকো সদস্য কৰি লৈছিল। নীতি আয়োগত প্ৰধানমন্ত্ৰী মূৰব্বী আৰে কেইবাজনো মন্ত্ৰী তথা বিষয়া সদস্য হৈ থাকে।

বিজেপি চৰকাৰে পঞ্চম বাৰ্ষিক পৰিকল্পনা ব্যৱস্থা গুচাই নিটি আয়োগ স্থাপন কৰে ২০১৫ চনত ১ জানুৱাৰী তাৰিখে। এতিয়া যেতিয়াই তেতিয়াই নিটি আয়োগৰ মিটিং হয় আৰু সিদ্ধান্ত লয়। আজিকালি প্ৰায় দৈনিক নিটি আয়োগৰ নিৰ্দেশনা পত্ৰ আহে সকলো বিভাগলৈ। নিটি আয়োগৰ সিদ্ধান্ত শিলৰ ৰেখাৰ দৰে। এই আয়োগে লোৱা সিদ্ধান্তৰ হেৰফেৰ হ'ব নোৱাৰে।

২০১৮ চনত নিটি আয়োগে সিদ্ধান্ত ললে যে উচ্চ শিক্ষাৰ অনুষ্ঠান বিলাকক স্বশাসিত কৰি দিলে শৈক্ষিক উন্নতিৰ সম্ভাৱনা বৃদ্ধি হ'ব। গতিকে উচ্চ শিক্ষাৰ অনুষ্ঠান বিলাকক অটনমী দিব লাগে। ২০১৮ চনৰ ২০ মাৰ্চ তাৰিখে মানব সম্পদ উন্নয়ন বিভাগৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে ভাৰতবৰ্ষৰ ৬০ খন ঐতিহাসিক চৰকাৰী সাহায্য প্ৰাপ্ত বিশ্ববিদ্যালয় আৰু কলেজৰ স্বশাসিত শিক্ষানুষ্ঠানলৈ প্ৰবৰ্তিত কৰে।

অৰ্থাৎ প্ৰকাৰন্তৰে ৰাজহুৱা তথা চৰকাৰী বিশ্ববিদ্যালয় আৰু কলেজ বিলাকক ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান কৰি দিয়া হয়। চৰকাৰে এই দিনটোক এক ঐতিহাসিক দিন বুলি কৈছে যদিও বিশিষ্ট শিক্ষাবিদ সকলে কৈছে ভাৰতীয় শিক্ষা ব্যৱস্থাত এই দিনটো এটা কলঙ্কিত দিন। সদ্যহতে এই শিক্ষানুষ্ঠান সমূহে চৰকাৰী অনুদান লাভ কৰিব যদিও পিছলৈ তেওঁলোকে নিজেই নিজৰ বিত্তীয় ব্যৱস্থা চলাব লাগিব। অৰ্থাৎ শৈক্ষিক অটনমীৰ লগতে বিত্তীয় অটনমীৰ ব্যৱস্থা হ'ব লাগিব।

অৰ্থাৎ চৰকাৰে উচ্চ শিক্ষাত হাত ধুই দিলে। এটা সময়ত কটন কলেজক বিশ্ববিদ্যালয় কৰাৰ এক ধুমুহাৰ দৰে দাবী সৃষ্টি হৈছিল শিক্ষক সকলৰ মাজত। এই দাবী শিক্ষকৰ পৰা অহাটো চৰকাৰে বিচাৰিছিল। চৰকাৰৰ আঁচনি আছিল কটন কলেজ বিশ্ববিদ্যালয় কৰাটো। চৰকাৰৰ সেইটো নীতিয়েই আছিল।

সেই সময়তেই কটন কলেজৰ শতবৰ্ষ উদযাপনৰ কেইবছৰমান পিছত দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক তথা ডীন অধ্যাপক অনিল সদগোপালক এখন সভালৈ মাতিছিল বক্তা হিচাপে। তেতিয়া কটন কলেজক বিশ্ববিদ্যালয় কৰাৰ ধুম নাম চলিছে। বিশেষকৈ কটন কলেজৰ শিক্ষক সকলে বিচাৰিছে কটন কলেজ বিশ্ববিদ্যালয় হোৱাটো।

তেওঁলোকে বাচাৰিছে অধ্যাপক সদগোপালে কৈ যাওক কটন কলেজক বিশ্ববিদ্যালয় কৰাৰ কথা।

 সকলোৱে ৰৈ আছে সদগোপালৰ মুখেৰে কটন বিশ্ববিদ্যালয়ৰ দাবীৰ কথা শুনিবলৈ। বাতৰি কৰিবলৈ। কিন্তু মিটিঙত ছাৰে ওলোটা কথা ক'লে। তেওঁ ক'লে আপোনালোকে ইমান এখন ডাঙৰ ঐতিহ্য মণ্ডিত কলেজৰ মৃত্যু বিছাৰিছে কিয়। কটন কলেজক বিশ্ববিদ্যালয় নকৰিব। এইখন ভাৰতবৰ্ষৰ এখন ঐতিহাসিক কলেজ। ইয়াত ৰান্ধনীৰ পৰা ঘাঁহ কটা মানুহলৈ সকলো চৰকাৰী চাকৰিয়াল। বিশ্ববিদ্যালয় হ'লে সব বেচৰকাৰী হৈ যাব। আপোনালোকে সেইটো নকৰিব।

তাৰ পিছৰ কাহিনী সকলোৱে জানে।

  উচ্চ শিক্ষাত এতিয়া  এক জোৰদাৰ ধুমুহা চলিছে চৰকাৰী কলেজক অটোনমাছ কৰাৰ ধুমুহা। এই ধুমুহাত কি হয় সেইবোৰ ধুমুহা পাৰহৈ যোৱাৰ পিছত হে মানুহ বোৰে ভাল দৰে গম পাব ধুমুহা কিয় আহিছিল।

 অলপতে কলেজ খন অটোনমাছ কলেজ ঘোষিত হ'ল। 

আমাৰ গাঁৱৰ কলেজ খনৰ লগত জড়িত সকলোৱে আনন্দ উপভোগ কৰিছে। কেৱল মই আনন্দিত হব পৰা নাই। মোক যদি কোনোবাই নিগেটিভ মনৰ মানুহ বুলি কয় মোৰ কোনো আপত্তি নাই। বহুত মানুহে বুজা নাই মই কিয় আনন্দ কৰিব পৰা নাই। এদিন হয়তো বুজি পাব কিন্তু তেতিয়ালৈ বহুত পলম হৈ যাব। অধ্যাপক সদগোপালে কিয় কটন কলেজৰ সভাত সকলোকে উদ্দেশ্য কৰি কৈছিল কটন কলেজক চৰকাৰী কলেজ হৈ থাকিবলৈ দিয়ক বিশ্ববিদ্যালয় নকৰিব সেইকথা এতিয়া সচেতন লোকে বুজিলে।

চৰকাৰী কলেজ বিলাকক বিশ্ববিদ্যালয় বা অটোনমাছ কলেজ কৰাৰ প্ৰচেষ্টা টো চলিছে ২০১৮ চনৰ পৰা জোৰদাৰ হৈছে।

অটোনমাছ কলেজ আজিৰ তাৰিখত এক তপত খবৰ হৈ আছে। সমগ্ৰ দেশতে প্ৰায় ধাৰাবাহিক ভাৱে  চৰকাৰী কলেজক অটোনমাছ বা স্বশাসিত কলেজ ঘোষণা কৰি আছে। কলেজ পৰিয়াল তথা ৰাইজেও এই ঘোষণাক আন্তৰিকতাৰে স্বাগতম জনাইছে। মানুহ বোৰ সুখী হৈছে। অটোনমাছ কলেজৰ ঘোষণাকলৈ সংশ্লিষ্ট সকলে উৎসৱৰ দৰে উদযাপন কৰিছে।

অটোনমাছ কলেজ মানেই এখন বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয় এখনৰ সকলো কিম যিদৰে নিজে কৰিব লাগে অটোনমাছ কলেজ এখনৰ সকলো কাম কলেজ খনে নিজে কৰিব লাগে।

বিশ্ববিদ্যালয় এখনৰ অধীনত থকা কলেজ এখনৰ পাঠ্যক্ৰম পৰীক্ষা আদি বিশ্ববিদ্যালয়ৰ পৰিচালনাত চলাইছিল। তেতিয়া পৰীক্ষা ব্যৱস্থাটোও কটকটীয়া হৈ চলিছিল। যেতিয়া নতুনকৈ কলেজ এখনে তেওঁ লোকৰ পৰীক্ষা বোৰ নিজাববীয়াকৈ চলাব লাগিব তেতিয়া তাত কিছু অসুবিধাৰ সন্মূখীন হোৱা স্বাভাৱিক। এই প্ৰসংগত বিশ্ববিদ্যালয় অনুদান আয়োগৰ অৱসৰপ্ৰাপ্ত কেইবাজনো শিক্ষাবিদে মন্তব্য কৰিছে যে অটোনমাছ কলেজ ব্যৱস্থাটোৱে ভাৰতবৰ্ষৰ কটকটীয়া পৰীক্ষা ব্যৱস্থাটোৰ অৱসান ঘটাব । এই প্ৰসংগত সংস্কাৰ কমিটীৰ বিশেষজ্ঞ সদস্য দুজনে ৰাজহুৱা ভাবে কাকতত প্ৰৱন্ধ লিখি মন্তব্য কৰিছে  Autonomous colleges are breaking India's rigid degree system। 

উল্লেখযোগ্য যে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত human resource development (HRD) ministry আৰু  University Grants Commission (UGC) এ উদ্যোগ লৈছিল উচ্চ শিক্ষাৰ সংস্কাৰৰ বাবে এখন বিশেষ কমিটি গঠন কৰিবলৈ। নিটি আয়োগৰ নিৰ্দেশ মতে‌ শিক্ষা সংস্কাৰ কমিটী এখন গঠন কৰি দিয়া হৈছিল। এই কমিটিৰ অধ্যক্ষ আৰু অন্যতম সদস্য আছিল Arvind Panagariya আৰু B Venkatesh Kumar  নামৰ দুজন বিশেষজ্ঞ লোক ।

এই reform ব্যৱস্থা মতে যিবিলাক কলেজলৈ National Assessment and Accreditation Council (NAAC), বা  National Accreditation Board (NAB) মূল্যায়নত 3.51 বা তাতোকৈ বেছি নম্বৰ পাইছে   0 to 4 স্কেলত  সেইবিলাক কলেজ অটোনমাছ কলেজ হোৱাৰ যোগ্য বুলি বিবেচিত হোৱাৰ কথা ঘোষণা কৰা হৈছিল।

কিন্তু পিছলৈ এই নম্বৰতকৈ কম নম্বৰ পোৱা কলেজকো অটোনমাছ কলেজ কৰি দিয়া হ'ল। সংস্কাৰ ( reform) কমিটীয়ে নিৰ্দ্ধাৰণ কৰি দিয়া মানৰ তলতো অটোনমাছ কলেজ ঘোষণা কৰা এই কথাটোৱে প্ৰমান কৰে যে চৰকাৰে বিচাৰিছে যি কোনো প্ৰকাৰে কলেজ বিলাক অটোনমাছ কৰিব লাগে। সেইমতেই বহুত কলেজ অটোনমাছ হৈ গ'ল, হৈ আছে। এতিয়া লৈ ভাৰতবৰ্ষত ১০০০ৰৰো অধিক চৰকাৰী কলেজক অটোনমাছ কৰি দিয়া হৈছে। এতিয়া অতি ক্ষিপ্ৰ গতিত প্ৰতিষ্ঠিত কলেজ সমূহক অটোনমাছ কলেজ বা বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কাম চলি আছে।

অটোনমাছ কলেজ এখন সম্পূৰ্ণ স্বশাসিত অৰ্থাৎ কলেজ খনে নিজৰ মতে সকলো কাম কৰিব পাৰিব। শৈক্ষিক আৰু বিত্তীয় সকলো দায়িত্ব কলেজ খনৰ নিজৰ হ'ব। যেনেকৈ বিশ্ববিদ্যালয় এখনে শৈক্ষিক বিত্তীয় আদি সকলো দায়িত্ব নিজে পালন কৰিব লাগে তেনেদৰেই অটোনমাছ কলেজ এখনেও এই দায়িত্ব নিজে সামধা কৰিব লাগিব। কলেজ খনে চলি থকা বিষয় বা কোৰ্ছ সমূহ এৰা ধৰা কৰিব পাৰে বা‌ নতুন নতুন বিষয় কোৰ্ছ উপস্থাপন কৰিব পাৰে। পৰীক্ষা পদ্ধতিও নিজৰ মতে সজাই ল'ব পাৰে।

সংস্কাৰ কমিটীৰ বিশেষ সদস্য দুজন Arvind Panagariya & B Venkatesh Kumar ৰাজহুৱাকৈ কাকতত লিখিছে যে Armed with autonomy, colleges are gaining full control of their destiny and of their students ।

শৈক্ষিক ভাবে যেনেকৈ অটোনমাছ কলেজ এখনে পাঠ্যক্ৰম পৰীক্ষা আদি সকলো নিজৰ মতে চলাব পাৰে তেনেকৈ প্ৰশাসনিক ভাবে  কলেজৰ governing body,  academic council, board of studies and finance committee সকলো নিজৰ মতে কৰিব পাৰিব। 

আটাইতকৈ ডাঙৰ কথাটো হ'ল বিত্তীয় বিষয়ত কলেজ খনে সম্পূৰ্ণ স্বাধীনতা   full freedom লাভ কৰিব। তেওঁলোকে নিজৰ মতে ছাত্ৰৰ tuition fees আৰু অন্যান্য  fees  নিজেই নিৰ্দ্ধাৰণ কৰিব পাৰিব। কলেজ খন যিহেতু কোনো বিশ্ববিদ্যালয়ৰ লগত affiliated নহ'ব গতিকে তেওঁলোকে সকলো নিজেই কৰিব লাগিব শৈক্ষিক বিত্তীয় সকলো।

অটোনমাছ কলেজ সমূহে autonomy লাভ কৰাৰ সময়ত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান RUSA ৰ পৰা অনুদান লাভ কৰিব যদিও পৰবৰ্তী সময়ত চৰকাৰী অনুদানৰ পৰা বঞ্চিত হব। পিছলৈ নিজৰ শৈক্ষিক প্ৰশাসনিক উন্নয়নৰ বাবে নিজেই বিত্তীয় দায়িত্ব নিজে পালন কৰিব লাগিব।

মুম্বাইৰ Jai Hind College খন অটোনমাছ হোৱাৰ পিছত বিত্তীয় অটনমীৰ বাবে ধন আহৰণ কৰিবলৈ বিভিন্ন ধৰণৰ  বহুত certificate course আৰম্ভ কৰিছে। এইবিলাকৰ ভিতৰত তেওঁলোকে আৰম্ভ কৰা এটা বিষয় হ'ল  wine tourism,  অৰ্থাৎ মদকলৈ হোৱা পৰ্যটনৰ বিষয়টো লৈয়ো এই কলেজত পঢ়িব পাৰিব। এই প্ৰসংগত এগৰাকী অধ্যাপকে মন্তব্য কৰিছে কোনোবা কলেজ বা বিশ্ববিদ্যালয়ে হয়তো শৈক্ষিক অটনমীৰ বাবে চেক্স টুৰিজিমৰো কোৰ্ছ আৰম্ভ কৰিব। 

এনেকুৱা আৰু বহুত ধৰণৰ বিষয় ভালেমান কলেজত আৰম্ভ কৰিছে ছাত্ৰক আকৰ্ষণ কৰিবলৈ। অভিযোগ উত্থাপিত হৈছে যে অটোনমাছ কলেজ সমূহত ছাত্ৰ ছাত্ৰীক জীৱিকা দিয়াৰ নামত বৌদ্ধিক দিশটোক সম্পূৰ্ণ আওকাণ কৰা হৈছে। কেৱল বাণিজ্যিক তথা কৌশল সম্পৰ্কীয় বিষয় পঢ়ি ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী লাভ কৰিব ইতিহাস দৰ্শন আদি বিষয় বিলাক অৱহেলিত হৈ থাকিব। 

অটোনমাছ কলেজ সমূহে বিত্তীয় অৱস্থাৰ উন্নতিৰ কথা ভাবি বৌদ্ধিক জ্ঞান প্ৰদানৰ দিশটো লৈ আওকাণ কৰাৰ কথাও বহুত ক্ষেত্ৰত অভিযোগ আনিছে।

University Visvesvaraya College of Engineering (UVCE)  বাঙ্গালোৰ বিশ্ববিদ্যালয়ৰ এখন বিখ্যাত কলেজ আছিল। এইখন অটোনমাছ ঘোষণা কৰি চৰকাৰে আই আই টিৰ দৰে কৰাৰ ঘোষণা কৰে যদিও চৰকাৰী বিত্তীয় সাহায্যৰ অভাৱত কলেজ খনে এতিয়া ভয়ানক সংকটৰ সন্মূখীন হৈছে। প্ৰাক্তন ছাত্ৰ আৰু শিক্ষক সংগঠন সমূহে এতিয়া কলেজ খনক সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰক অনুৰোধ কৰিছে। অনুৰোধ কৰিছে কলেজ খনৰ অটোনমাছ কৰাৰ ঘোষণা উঠাই লবলৈ।

ভালেমান চৰকাৰী কলেজ বিশ্ববিদ্যালয় অথবা অটোনমাছ কলেজলে উন্নিত হোৱাৰ পিছত বিত্তীয় সংকটত ভোগাটো পৰিলক্ষিত হৈছে।

বহুতে হয়তো নাজানে আই আই আই টি চমুকৈ ত্ৰিপল আই আই টি নামৰ বিখ্যাত উচ্চ শিক্ষাৰ অনুষ্ঠান এখনে বিত্তীয় সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰৰ অনুমতি সাপেক্ষে ঋণ লৈছে।

এয়েই হ'ল অটনমীৰ আচল ৰূপ। যিবিলাক সাধাৰণ মানুহে কলেজ বিশ্ববিদ্যালয় পাতিবলৈ মাটি দান কৰিছিল ভৰালৰ ধান বেচি বৰঙণি দিছিল তেওঁলোকৰ আশা আকাংক্ষা মনোবেদনাৰ এতিয়া কোনো মূল্য নাই।


Doksiri দকচিৰি, আগষ্ট, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages