আমি প্ৰকৃততে স্বাধীন হ’লোঁনে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, August 1, 2026

আমি প্ৰকৃততে স্বাধীন হ’লোঁনে

 


আমি প্ৰকৃততে স্বাধীন হ’লোঁনে ?


     প্ৰতি বছৰে ১৫ আগষ্টৰ দিনটোৱে আমাক সোঁৱৰাই দিয়ে এখন দীঘলীয়া সংগ্ৰাম আৰু অলেখ শ্বহীদৰ ত্যাগৰ কথা। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে ব্ৰিটিছৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হৈ এক সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। এই দিনটো সমগ্ৰ দেশবাসীৰ বাবে নিঃসন্দেহে গৌৰৱৰ আৰু আনন্দৰ দিন। আজি দেশে ৭৯ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন কৰিছে। কিন্তু স্বাধীনতাৰ ৭৯ বছৰৰ এই যাত্ৰাতো এটা প্ৰশ্নই আজিও আমাৰ বিবেকক সঘনাই জোকাৰি যায় - আমি প্ৰকৃততে স্বাধীন হ’লোঁ নে?

   ৰাজনৈতিকভাৱে আমি স্বাধীন, তাত কোনো সন্দেহ নাই। এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিক হিচাপে আমাৰ ভোটাধিকাৰ আছে, নিজৰ চৰকাৰ নিৰ্বাচন কৰাৰ ক্ষমতা আছে। কিন্তু স্বাধীনতা কেৱল ৰাজনৈতিক অধিকাৰতে সীমাবদ্ধ নহয়। দৰিদ্ৰতা, নিবনুৱা সমস্যা, মূল্যবৃদ্ধি আৰু অৰ্থনৈতিক বৈষম্যই আজিও অসংখ্য মানুহৰ জীৱন সংকটাপন্ন কৰি ৰাখিছে। অৰ্থনৈতিক স্বাধীনতা অবিহনে ৰাজনৈতিক স্বাধীনতা কিমানদূৰ পূৰ্ণ?

   জাতিৰ পিতা মহাত্মা গান্ধীয়ে “পূৰ্ণ স্বৰাজ”ৰ সপোন দেখিছিল, য’ত নিহিত আছিল দৰিদ্ৰতা, অনাহাৰ আৰু শোষণৰ পৰা মুক্তি। আজি ৭ দশকৰো অধিক সময় অতিক্ৰম কৰাৰ পাছতো দেশৰ এক বুজনসংখ্যক জনসংখ্যাই দুবেলা-দুমুঠি অন্নৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। নিবনুৱা সমস্যাই যুৱপ্ৰজন্মক দিশহাৰা কৰিছে। শেহতীয়া অৰ্থনৈতিক জৰীপ আৰু বিশ্ব বৈষম্য প্ৰতিবেদনসমূহে (World Inequality Report) বাৰে বাৰে আঙুলিয়াই দিছে যে ভাৰতত সম্পদৰ কেন্দ্ৰীকৰণ ভয়াৱহভাৱে বৃদ্ধি পাইছে। মুষ্টিমেয় কেইজনমান পুঁজিপতিৰ হাতত দেশৰ সৰ্বাধিক সম্পদ কুক্ষিগত হৈ থকাৰ বিপৰীতে, সাধাৰণ জনতাই মূল্যবৃদ্ধিৰ লগত যুঁজিবলগীয়া হৈছে। এই অৰ্থনৈতিক বৈষম্যৰ ক্ৰমৱৰ্ধমান গ্ৰাফডালে প্ৰমাণ কৰে যে স্বাধীনতাৰ সুফল এতিয়াও সমাজৰ একেবাৰে তলৰ স্তৰৰ মানুহখিনিৰ কাষ পোৱাগৈ নাই। অৰ্থনৈতিক স্বাধীনতা অবিহনে ৰাজনৈতিক স্বাধীনতা এক প্ৰকাৰৰ বিড়ম্বনা মাথোঁ।

     সামাজিক স্বাধীনতাৰ দিশটোও সমানেই গুৰুত্বপূৰ্ণ। এখন সুস্থ আৰু স্বাধীন সমাজত লিংগ, ধৰ্ম, বৰ্ণ বা জাতিৰ ভিত্তিত কোনো বৈষম্য থাকিব নালাগে। কিন্তু বৰ্তমানৰ প্ৰেক্ষাপটত আমি কি দেখিবলৈ পাওঁ?

   আজিও আমাৰ সমাজত নাৰীৰ সুৰক্ষা এক জ্বলন্ত সমস্যাৰ বিষয়। প্ৰতিদিনে বাতৰিকাকতৰ পৃষ্ঠাত প্ৰকাশ পোৱা নাৰী নিৰ্যাতনৰ ঘটনাই আমাক আমাৰ সামাজিক স্বাধীনতাৰ প্ৰকৃত স্বৰূপটো সোঁৱৰাই দিয়ে।

    ধৰ্মীয় মেৰুকৰণ আৰু সাম্প্ৰদায়িক সংঘাতে সমাজৰ ঐক্যৱদ্ধতাক প্ৰতিদিনে ভাবুকি দি আহিছে।

   মত প্ৰকাশৰ স্বাধীনতা, যি গণতন্ত্ৰৰ মূল আধাৰ, সেয়াও যেন আজি বিভিন্ন সময়ত অঘোষিত চেঞ্চৰশ্বিপৰ সন্মুখীন হ’বলগীয়া হৈছে।

   যিখন দেশত সাধাৰণ নাগৰিকে ন্যায়ালয়ৰ দুৱাৰদলিত ন্যায় বিচাৰি গৈ বছৰ বছৰ ধৰি অপেক্ষা কৰিবলগীয়া হয়, চিকিৎসাৰ অভাৱত দুৰ্গতই প্ৰাণ হেৰুৱায়, সেইখন দেশৰ স্বাধীনতাক আমি সম্পূৰ্ণ বুলি দাবী কৰোঁ কেনেকৈ?

    তাত্ত্বিকভাৱে চাবলৈ গ’লে, মানসিক বা বৌদ্ধিক স্বাধীনতা অবিহনে প্ৰকৃত স্বাধীনতা অসম্ভৱ। আমি আজিও মানসিকভাৱে ঔপনিৱেশিক দাসত্বৰ শিকলি সম্পূৰ্ণৰূপে চিঙিব পৰা নাই যেন অনুভৱ কৰোঁ। আমাৰ শিক্ষা ব্যৱস্থা, আমাৰ জীৱনশৈলী, আনকি আমাৰ চিন্তাধাৰাতো এতিয়াও এক প্ৰকাৰৰ পশ্চিমীয়া অন্ধানুকৰণ বিৰাজমান। 

   নিজৰ মাতৃভাষা, লোক-সংস্কৃতি আৰু পৰম্পৰাক অৱহেলা কৰি আনৰ সংস্কৃতিক সাৱটি লোৱাৰ প্ৰৱণতাই আমাৰ বৌদ্ধিক দৈন্যতাকে উদঙাই দিয়ে। যি জাতিয়ে নিজৰ ভাষা সংস্কৃতিক লৈ হীনমন্যতাত ভোগে, সেই জাতি প্ৰকৃতাৰ্থত স্বাধীন হ’ব নোৱাৰে।

   স্বাধীনতা কেৱল এটা দিনৰ উৎসৱ বা উদযাপন নহয়, ই এক নিৰন্তৰ প্ৰক্ৰিয়া আৰু প্ৰতিগৰাকী নাগৰিকৰ দায়বদ্ধতা। “আমি স্বাধীন হলোঁ নে”— এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি আমি কেৱল চৰকাৰ বা ব্যৱস্থাক দোষাৰোপ কৰিলেই নহ’ব, সমাজৰ প্ৰতিজন নাগৰিকে নিজৰ দায়বদ্ধতা স্বীকাৰ কৰিব লাগিব।

  যিদিনা সমাজৰ আটাইতকৈ দুৰ্বল শ্ৰেণীৰ মানুহজনেও নিজকে সুৰক্ষিত আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী বুলি অনুভৱ কৰিব, যিদিনা সমাজত কোনো ধৰণৰ ধৰ্মীয় বা জাতিগত বৈষম্য নাথাকিব, যিদিনা নাৰীয়ে নিশাৰ ভাগতো নিৰ্ভয়ে পথত খোজ কাঢ়িব পাৰিব, যিদিনা ধৰ্ম, জাতি বা ভাষাৰ ভিত্তিত বৈষম্য নাথাকিব; সেইদিনাহে আমি প্ৰকৃত অৰ্থত গৌৰৱেৰে ক’ব পাৰিম— “হয়, আমি স্বাধীন হ’লোঁ।” 


Doksiri দকচিৰি, আগষ্ট, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages