মণিকৰ্ণিকা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, August 1, 2026

মণিকৰ্ণিকা

 


মণিকৰ্ণিকা


                       অনুস্মিতা ফুকন


গংগাৰ বুকুত প্ৰতিপলে জ্বলি থাকে চিতা,  

ৰাতি নাই,দিন নাই, নাই কোনো বিৰতি।  

শৰীৰ এৰি আত্মা আকাশত বিলীন হয়,  

আৰু ঘাটৰ শিলবোৰত স্মৃতিয়ে নীৰৱে কান্দি ৰয়৷


ধোঁৱাৰ মাজেৰে ৰিণি-ৰিণি বাজি উঠে প্ৰাৰ্থনাৰ সুৰ,  

ঘণ্টাৰ ধ্বনি, মন্ত্ৰৰ গুঞ্জৰণ।  


ইয়াত মৃত্যুও উৎসৱ, বিদায়ো মুক্তি,  

য’ত

শিৱৰ ত্ৰিশূলতেই বান্ধ খাই থাকে জীৱন।


কাৰোবাৰ অন্তৰ খালী হয়, কাৰোবাৰ পাপ ধুই যায়,  


মণিকৰ্ণিকা, 

যি আহে ইয়াত, ঘৰলৈ ঘূৰি নাযায়,  

গংগাৰ সোঁতত সি নিজেই গংগা হৈ বৈ যায়।


মাটি, পানী, অগ্নি, বায়ু — সকলো একাকাৰ,  

এই ঘাটত শেষ নাই, আৰম্ভণিও নাই।  


কাশীৰ স্পন্দন ‘মণিকৰ্ণিকা’ — য’ত জীৱনে মৃত্যুক সাৱটি লয়।


Doksiri দকচিৰি, আগষ্ট, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages