শৰতৰ শেৱালি
জুমী চিৰিং
কঠালগুৰি, লক্ষীমপুৰ
শুকুলা ডাৱৰ কুঁৱলী ফালি
বসুন্ধৰা বুকু সেউজীয়া কৰি
সময়ৰ উৰণীয়া যানত উঠি
ধৰালৈ আহিছে শৰতৰ শেৱালি।
জ্যোস্না ভৰা নিৰ্জন ৰাতি
সেউজী প্ৰেমৰ ওৰণি টানি
পদুলি মুৰত সুগন্ধি বিলাইছে
শৰতৰ শেৱালি লাজুকী পাহি।
স্নিগ্ধ শৰতৰ নিৰ্মল জোনাকত
নীলিম আকাশৰ বুকুত জ্বলিছে
আশাৰ এগছি ৰূপালী বন্তি
মুগ্ধ নয়নেৰে চাওঁ ৰ’ লাগি।
নিৰিবিলি গধূলি মনৰে পদূলি
মায়াত মগন শৰতৰ মিঠা আবেলি
জান-জুৰি দাঁতিত সাজোন-কাচোন
শুভ্ৰ কঁহুৱা কোমল পাহি মুক্ত নাচোন।
পুখুৰীত মাৰিছে ভেট-পদুমে হাঁহি
শাৰদীয় শেৱালি আলিংগন বিচাৰি
ৰুনুক-জুনুক কৈ আহি মুকুতা মণি
দূবৰি শীতল দলিচাত ধৰেহি সাৱটি।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬

No comments:
Post a Comment