গিলাচ মানুহ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, September 30, 2026

গিলাচ মানুহ


 গিলাচ মানুহ


                      মাধুৰ্য প্ৰিয়ম দাস


 কিছুদিন ধৰি মই মোৰ চাৰিওফালে কিছুমান মানুহ লগ পালো 

সিহঁতৰ দেহটো গিলাচেৰে গঠিত আছিল

দেখিছিলোঁ সিহঁতৰ শৰীৰ ভেদি

 মনবোৰৰ ইপাৰ সিপাৰ।

গিলাচ বুলি জানিও মই বিশ্বাস কৰিছিলোঁ

অথচ ঠুনুকা হোৱাটো গিলাচৰ ধৰ্ম।


আবেলি কাষেৰে পাৰ হৈ যাওঁতে

সিহঁতৰ মাজত মই নিজক দেখিলোঁ 

সিহঁতে একাষে সানি লৈছে নানা ৰং


মই মোক চিনি পালোঁ!

ইমান সহজতে মোক উপকাৰ কৰাৰ বাবে 

মই ধন্যবাদ নিদি নোৱাৰিলোঁ

আৰু

উভতি আহিলোঁ।


পদূলিত ভগা আইনাৰ টুকুৰা অলপ দেখিলোঁ 

ভৰিৰ কটা দাগটো তেতিয়ালৈ শুকুৱা নাছিল

চুই চাওঁতে অলপ বিষ বিষ লাগিল এতিয়াও।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages