সোৱণশিৰিৰ পাৰৰ অই নিঃতম
ৰুয়ুম পেগু
সোৱণশিৰিৰ পাৰত
এদিন জাংকি-পানৈৰ কাহিনী শুনিছিলোঁ—
নদীয়ে যেন আজিও গোপনে গায়
বিৰহৰ অইনি:তম।
তুমি মোৰ জংকি
মই তোমাৰ পানৈ
দুয়োৰে মাজত সোৱণশিৰি,
আৰু পাৰাপাৰ নোপোৱা
এটি নীৰৱ প্ৰেমৰ নদী।
ৰিবি গাচেঙৰ ৰঙেৰে
সজাম তোমাৰ সপোন,
গুমৰাগৰ তালে তালে
ঘূণাসুঁতিত মৃদু ছন্দত
নাচিব আমাৰ মন।
সোৱণশিৰিৰ ঢৌত
ভাঁহি উঠিব অইনি:তম,
তুমি থাকিবা সিপাৰে—
মই ইপাৰে,
মাজত মাথোঁ নদী
আৰু আমাৰ শাশ্বত প্ৰেম গাথা।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬

No comments:
Post a Comment