মোনা
নীলিমা গগৈ
অৰ্দ্ধ শতক বসন্ত অথবা শৰত গৰকা
মৰম ভালপোৱা
তোৰে স’তে মোৰ প্ৰেম।
ত ই নাথাকিলে মোৰ কাষত
স’ততে হেৰুৱাওঁ
ধন, টকা-পইছা আৰু সম্পদ
আলমাৰিৰ চাবিকাঠি
কণমানি ৰেডিঅ’টো
ডায়েৰী, কিতাপ-বহী আৰু ফাইল।
তই নহ’লে খাবলৈ নাপাওঁ
দুপৰীয়াৰ টিফিন
পিবলৈ নাপাওঁ
এবটল বিছলাৰী পানী।
মনত পৰাৰে পৰা
ত ই যে মোৰ পৰম বন্ধু
সুহৃদ বান্ধৱ,অতিকে আপোন
নজনাকৈয়ে গঢ়ি উঠিল
তোৰে স’তে প্ৰেম।
স্কুলৰ সমুদায় কিতাপ-বহী
পেন কাৰ্ড, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স
অথবা
আধাৰ কাৰ্ড
যিয়ে সযতনে সামৰি ৰাখে
কলম-পেঞ্চিল।
কিন্তু!
দুঃখ লাগে মোৰ তেতিয়া
যেতিয়া তোৰ গাৰ ৰং পুৰণি হয়।
সেইদিনাই তোৰ অনুপস্থিতিত
অনুভৱ কৰোঁ বিৰাৎ শূণ্যতা
যিহেতু
তোক পেলাই দিব লাগে
ৰাস্তাৰ সিপাৰে ডাচবিনত।
অনুভৱ কৰো তেতিয়া
মই যেন স্থবিৰ মৰা বিৰিখৰ ডাল!!
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬

No comments:
Post a Comment