মহিষাসুৰ মৰ্দিনী দেৱী দুৰ্গা
নৱজ্যোতি বৰা
যা দেৱী সৰ্বভূতেষু-মাতৃৰূপেন সংস্থিতা।
নমস্তুস্যৈ-নমস্তুস্যৈ-নমস্তুস্যৈ নমো নমঃ।।
প্ৰকৃতিৰ পৰিবৰ্তনৰ লগে লগে আনন্দ-উচ্ছাহৰ বতৰা লৈ দুৰ্গতিনাশিনী মা দুৰ্গাক ধৰাৰ বুকুলৈ আগমহ হয়। দেৱী দুৰ্গতিনাশিনী দশভূজা দুৰ্গা শুভ শক্তি সমূহৰ প্ৰতীক। দেৱী দুৰ্গা আদিশক্তি মহামায়া। দুৰ্গাৰ মহিমা অপাৰ। দেৱী দুৰ্গাৰ শক্তিৰ অবিহনে বিশ্বব্ৰাক্ষণ্ড অচল হৈ পৰিব । দেৱী সমগ্ৰ জীৱজগত তথা মানৱৰ কল্যাণৰ বাবে স্বকীয়ৰূপেৰে আমাৰ মাজত আত্মপ্ৰকাশ কৰি চৰাচৰ জীৱ-জগতৰ মাজত মাতৃ ৰূপে প্ৰকাশিত হৈ সকলো বিপদ বিঘিনিৰ পৰা আমাক ৰক্ষণাবেক্ষণ দি আহিছে। মাতৃ সদায় প্ৰেম আৰু স্নেহৰ প্ৰতিক। মাতৃয়ে নিজৰ সন্তানক যেনেকৈ মৰম চেনেহেৰে ৰক্ষণাবেক্ষন দি প্ৰতিপালন কৰে, ঠিক তেনেকৈ আই মাতৃ মহামায়ায়ো আমাক অশুভ শক্তিসমূহৰ পৰা ৰক্ষা কৰি তেওঁৰ আচলৰ ছএছায়াত আৱৰি ৰাখে।
দেৱী দুৰ্গা সৃষ্টিৰ আদিশক্তি। দেৱী দুৰ্গাই নানা অলৌকিক মহিমাৰে মণ্ডিত হৈ নানা ৰূপে পৃথিৱীৰ অশুভ শক্তিসমূহক বিনাশ কৰিবলৈ ধৰালৈ আগমন ঘটে। দুৰ্গা দেৱীৰ দশমহা বিদ্যাৰূপৰ অলৌকিক কাহিনীবোৰ অতি তাৎপৰ্যপূৰ্ণ। দশমহা বিদ্যাৰূপ ধাৰণ কৰি দুৰ্গাতিনাশশিনী দুৰ্গা আদ্যশক্তি মহামায়া ৰূপে জগতত পৰিচিত হৈ আহিছে। প্ৰাচীন কালৰে পৰা পৃথিৱীৰ ভক্তগণে দেৱী আদ্যশক্তি মহামায়াক দুৰ্গতিনাশিনী, মহাশক্তি স্বৰূপিনী, মাতৃ ৰূপে তথা কন্যা ৰূপেও পূজা অৰ্চনা কৰি আহিছে। সেই বাবে দেৱী দুৰ্গাক অষ্টাদশ, ষোড়শ আৰু দশভূজা ৰূপে সমগ্ৰ এিভুবনতে নানা ধৰণেৰে পূজিত হৈ অহাৰ ফলত আজি বিশ্বায়নৰ যুগতো প্ৰতিবছেৰে দশভূজা মা দুৰ্গাৰ লগতে লক্ষ্মী, সৰস্বতী, কাৰ্তিক, গণেশ সমন্বিতে মৰতলৈ আহি পূজাভাগ গ্ৰহণ কৰি পুনৰ দশমিত কৈলাসলৈ উভতি যায়।
দুৰ্গা পূজাৰ বেদীত দুৰ্গাৰ প্ৰতিমাখনিত মহিষামৰ্দিনী দেৱী দুৰ্গা ৰণমওা হৈ থকা অৱস্থাত দেৱীৰ মনোমোহা ৰূপৰ সৈতে দেৱীৰ প্ৰতিমাৰ সোঁকাষত ঐশ্বৰ্য বিভূতি তথা ধন সম্পদৰ অধিকাৰী দেৱী লক্ষ্মী আৰু সিদ্ধিদাতা গণেশ। বাওঁকাষে বিদ্যাৰ অধিকাৰী সৰস্বতী আৰু কাৰ্তিককো একেখন বেদীতে প্ৰতিষ্ঠিত কৰা হয়। লোকপ্ৰবাদৰ মতে লক্ষ্মী, সৰস্বতী, কাৰ্তিক, গণেশ দেৱী দুৰ্গাৰ পুএ কন্যা ৰূপে অভিহিত কৰিছে যদিও গনেশ আৰু কাৰ্তিক দেৱী দুৰ্গা আৰু শিৱৰ পুএ। লক্ষ্মী দেৱী উদ্ভৱ হৈছিল দেৱতা আৰু অসুৰৰ মাজত হোৱা সমুদ্ৰ মন্থনত । সৰস্বতী হ'ল প্ৰজাপতি ব্ৰক্ষাৰ মানস কন্যা। এই চাৰিগৰাকী দেৱ-দেৱীয়েই চাৰি ৰকমৰ গুণৰ অধিকাৰী। অথাৎ ধৰ্ম-অৰ্থ-কাম-মোক্ষ এই চতুঃবৰ্গৰ প্ৰতিক। স্বয়ং ব্ৰক্ষা, বিষ্ণু, মহেশ্বৰ আদি কৰি সকলো দেৱতাৰ শক্তিৰ পৰা আৱিৰ্ভাব হোৱা মহাশক্তি মহামায়া দেৱী দুৰ্গাৰেই এওঁলোক বিভূতিস্বৰূপ ।
বৰ্তমান সময় হৈছে বিজ্ঞান জয়ৰ দিন বিজ্ঞানে আজি আধুনিক মৰনাঅস্ত্ৰ তৈয়াৰ কৰাৰ সময়ত তাহানিৰ পুৰণি অস্ত্ৰ-শস্ত্ৰৰে সু -সজ্জিত দেৱীৰ মনোমোহা ৰূপৰ সৈতে দেৱীৰ সোঁভৰি খন সিংহৰ পিঠিত আৰু বাওঁভৰিখন প্ৰবল প্ৰতাপী মহিষাসুৰৰ কান্ধত থৈ এিশুল নিক্ষেপ কৰা সেই ৰুদ্ৰমূতি ভয়ংকৰী উগ্ৰচণ্ডী ৰূপতেই প্ৰাচীন কালৰে পৰা মানুহে দেৱীক পূজা অৰ্চনা কৰি আহিছে। কিন্ত আজিও এক প্ৰশ্ন মানুহৰ মনত থাকি গ’ল যে স্বৰ্গ মৰ্ত্য পাতাল বিজয়ী মহাপ্ৰতাপী অত্যাচাৰী মহিষাসুৰে সমগ্ৰ নিভুবনতে অত্যাচাৰ উৎপীড়ন, অশান্তি সৃষ্টি কৰি দেৱৰাজ ইন্দ্ৰ আৰুে দেৱতা সকলক পদদলিত কৰি স্বৰ্গচ্যুত কৰা সত্ত্বেও কি কাৰণে মহিষাসুৰে দেৱী দুৰ্গা দশভূজাৰ সৈতে পূজাৰ ভাগ পাবলৈ সক্ষম হ’ল। ইয়াৰ সবিশেষ উওৰ বিছাৰি আমি বহু পুৰণি এক কাহিনীলৈ মনত পেলাব লাগিব। সৃষ্টিৰ আৰম্ভণিতে ৰম্ভাসুৰ নামৰ এক প্ৰতাপী অসুৰ আছিল। ৰম্ভাসুৰ অপুএক আছিল। সেই বাবে ৰম্ভাসুৰে পুএ লাভৰ কাৰণে মহাদেৱক বহু বছৰ ধৰি তপস্যা কৰি আছিল। ৰম্ভাসুৰৰ এই তপস্যাত মহাদেৱ সন্তুষ্ট হৈ ৰম্ভাসুৰক মহাদেৱে দৰ্শন দি কি বৰ লাগিব ৰম্ভাসুৰক শুধিলে। তেতিয়া ৰম্ভাসুৰে মহাদেৱক ক'লে যে তেওঁ নিজে তিনি জন্মৰ বাবে ৰম্ভাসুৰৰ পুএৰূপে পাবলৈ মহাদেৱক কাতৰ আহ্বান কৰিলে। মহাদেবেও ৰম্ভাসুৰৰ মণোবাঞ্জা পুৰন কৰাৰ প্ৰতিশ্ৰুতি দি অন্তৰ্ধান হ’ল। মহাদেৱৰ বৰ পাই ৰম্ভাসুৰ অতিশয় আনন্দিত হৈ ঘৰলৈ ওভতাৰ পথতে ঋতুমতী হৈ থকা সুন্দৰী মহিষীক দেখি ৰম্ভাসুৰৰ কাম ভাৱৰ উদ্ৰেক হৈ মহিষীৰ লগত ৰতিক্ৰীড়াত প্ৰবৃও হ’ল। বৰাহ পুৰাণৰ মতে মহিষী আছিল বিপ্ৰচিওিৰ কন্যা মহিষ্মতী। এই মহিষ্মতীয়ে এদিন সিন্ধুদীপ নামৰ তপস্যা কৰি থকা এক ঋষিক মহিষীৰ ৰূপ ধাৰণ কৰি ভয় খুৱাইছিল। যাৰ ফলত সিন্ধুদীপ মূনিয়ে মহিষ্মতীক অভিশাপ দিলে যে মহিষ্মতী আজিৰ পৰা মহিষী ৰূপে থাকি যাৱ আৰু কালক্ৰমত এই মহিষীৰ গৰ্ভতে ৰম্ভাসুৰৰ ঔৰসত মহিষাসুৰৰ জন্ম হয়।
মহিষাসুৰৰ জন্মৰ পিছতেই অত্যাচাৰি হৈ পৰিছিল। মহিষাসুৰৰ অত্যাচাৰ নিৰ্যাতনৰ ফলত স্বৰ্গৰ দেৱতা তথা দেৱৰাজ ইন্দ্ৰৰ ৰাজধানী ইন্দ্ৰপ্ৰস্থ আদি কৰি সকলো দেৱতা-গন্ধৰ্ব- কিন্নৰ, যক্ষ আতংকিত হৈ পৰিছিল। আনকি মহিষাসুৰৰ অত্যাচাৰত ঋষি মুনি, সাধু -সন্তু, সন্ন্যাসী অতিষ্ঠ হৈ পৰিছিল। তেনেকৈ অত্যাচাৰ কৰি কৰি এবাৰ মহিষাসুৰে কাত্যায়ন মুনিৰ শিষ্য ৰৌদ্ৰাশ্চ নামৰ মুনি জনে হিমালয় পৰ্বতত তপস্যা কৰি থকাৰ কথা গম পাই ৰৌদ্ৰাশ্চ মুনিৰ তপস্যা ভংগ কৰিবৰ বাবে মহিষাসুৰে মায়াৰ বলেৰে এজনী দীপলিপ সুন্দৰীৰ ৰূপ ধাৰণ কৰি ধ্যান মগ্ন মুনিৰ আগত বিভিন্ন ভংগিমা কৰি থকাত ৰৌদ্ৰাশ্চ মুনিৰ ধ্যানচ্যুত হৈ সুন্দৰীৰ মায়াত মুহিত হৈ পৰিছিল। শিষ্যৰ এই তপস্যা ভংগৰ কথা গুৰু কাত্যায়ন মুনিয়ে ধ্যান কৰি জানিব পাৰি মহিষাসুৰৰ ওপৰত অতি ক্ৰোধাম্বিত হৈ পৰি মহিষাসুৰক কাত্যায়ন মুনিয়ে অভিষাপ দিলে যে – মহিষাসুৰে যি মায়াৰ বলেৰে বিনা কাৰণত তেওঁৰ প্ৰিয় শিষ্যৰ তপস্যা ভংগ কৰিলে, থিক সেইদৰে মহিষাসুৰেও এগৰাকী নাৰীৰ হাততে মৃত্যুবৰণ কৰিব লাগিব। মুনি কাত্যায়নিৰ অভিশাপৰ পিছতো মহিষাসুৰৰ অত্যাচাৰ দিনক দিনে বাঢ়িয়ে যাৱ নৰিলে। এটা সময়ত মহিষাসুৰৰ অত্যাচাৰৰ পৰা মুক্তি বিছাৰি সকলো দেৱতা একলগহৈ দেৱী দুৰ্গাক স্তুতি কৰিলে । ব্ৰক্ষা-বিষ্ণু-মহেশ্বৰ এই তিনি এীদেৱৰ শক্তিকে প্ৰমুখ্য কৰি অন্যদেৱতা সকলৰ মহাশক্তিৰ পৰা মহামায়া মহাশক্তিধাৰিণী দুৰ্গাৰ আৱিৰ্ভাৱ হ’ল। এই মহামায়াকে দেৱতাসকলে মহিষাসুৰক বধ কৰিবলৈ কাতৰ প্ৰাৰ্থনা কৰিলে আৰু দেৱতাসকলৰ প্ৰাৰ্থনাত দেৱী মহামায়াই সন্তুষ্ট হৈ অষ্টদশভূজা উগ্ৰচণ্ডি মূৰ্তি ধাৰণ কৰি মহিষাসুৰক বধ কৰিলে। সেই বাবে শাৰদীয় দুৰ্গাপূজাৰ প্ৰতিমাত দেৱীৰ এই ৰূপটোকে মহিষমৰ্দিনী দেৱী দুৰ্গা প্ৰতিষ্ঠা কৰা হয় ।
মহিষাসুৰে মৃত্যুৰ আগে আগে দেৱী দুৰ্গাৰ আগত কত্যায়ন মুনিৰ অভিশাপৰ কথা স্বীকাৰ কৰি দেৱী দুৰ্গাৰ আগত শিৰনত কৰি এক বৰ পাৱলৈ দেৱীক বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিলে। মহিষাসুৰে দেৱী দুৰ্গাক জনালে যে সি তিনিও ভুবনত সমগ্ৰ ৰাজ্য জয় কৰি দেৱতাৰ ৰজা ইন্দ্ৰৰ ইন্দ্ৰপ্ৰস্থ ভোগ কৰাৰ পাছত তাৰ মনত এতিয়া কোনো অভিলাষা নাই। গতিকে এতিয়া মহিষাসুৰে দেৱী দুৰ্গাৰ শৰণাগত হৈ জীৱনৰ শেষ প্ৰাৰ্থনা জনাই দেৱীৰ পৰা বৰ লাভৰ ইচ্ছা প্ৰকাশ কৰিলে। দেৱী দুৰ্গাও মহিষাসুৰৰ কাতৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ কি বৰ লাগে মহিষাসুৰক শুধিলে। দেৱীৰ পৰা এই সুযোগ পুৱাত মহিষাসুৰে নিজৰ মনৰ অভিলাষৰ কথা দেৱীৰ আগত ক’লে – বিশ্বব্ৰাক্ষণ্ডত যেতিয়ালৈকে চন্দ্ৰ, সূৰ্য থাকিব তেতিয়ালৈকে তেওঁ দুৰ্গা দেৱীৰ চৰণ সেৱাৰ পৰা বঞ্চিত নহৈ অন্য দেৱ-দেৱীৰ দৰে সিয়ো দেৱীৰ শ্ৰী চৰণত থাকি সমস্তু পূজা তথা যজ্ঞৰ ভাগ লৈ জগতত পূজনিয় হৈ থাকিব পাৰে। দেৱী দুৰ্গায়েও মহিষাসুৰৰ শেষ অভিলাষা পূৰণৰ বৰ প্ৰদান কৰি মহিষাসুৰৰ জীৱন ধন্য কৰিলে। সেয়ে আজিও দুৰ্গা দেৱীৰ লগতে মহিষাসুৰে পূজা গ্ৰহণ কৰি আহিছে।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬

No comments:
Post a Comment