কাতি বিহুৰ লোকাচাৰসমূহ
মনালিছা শইকীয়া
বোকাখাত
তুলসীৰ তলে মৃগ পহু চৰে
থিয়ই থিয়ই ৰামচন্দ্ৰ গোঁসাইয়ে হৰধনু ধৰে
আহিছে গোঁসাই
পাতিছে থান
লৈছে বংশী গাইছে নাম
তুলসী কৰণি অ' ৰাম ঐ ৰাম
দেহাত নাই তৰণি অ' ৰাম ঐ ৰাম
ৰাতি বিহু গাবলৈ যাম...
নিয়ৰত সেমেকা দূবৰিৰ দলিচা গচকি সোমাই অহা শৰৎ ঋতুৰ এক অন্যতম পোহৰৰ উৎসৱ কাতি বিহু। বালিঘোঁৰা এজাকে কহুঁৱাৰ বিশাল সাগৰত সাঁতুৰি নাদুৰি আহিনৰ আকাশত যেতিয়া কপহুৱা মেঘৰ সৈতে লুকাভাকু খেলে ঠিক তেতিয়াই পুৱাৰ ৰ'দালিত গেঁৰ ধৰা ধানৰ ঠোকত নিয়ৰৰ মুকুতামণি বোৰ জিলিকি উঠে। সেইহেন কুঁৱলীৰ সাগৰত সাঁতুৰি গাখীৰতী ধানৰ ঠোক খাবলৈ অহা অলেখ পোক পতংগৰ পৰা খেতি খোলাখন ৰক্ষা কৰিবলৈ চহা খেতিয়কে কাতি বিহুত পথাৰত চাকি বন্তি জ্বলাই সেৱা সৎকাৰ কৰাৰ লগতে শাৰী শাৰী আকাশবন্তি জ্বলাই জগত পোহৰ কৰি তোলে।
অসমৰ মেটমৰা অমূল্য সংস্কৃতিৰ ৰূপৰেখাত কাতি বিহু কঙালী বিহুৰূপে পালন কৰা হয়। বাৰিষাৰ শেষত খেতিয়কৰ তেনেই উদং ভঁৰাল। তাহানিতে আমিও ককা আইতাৰ মুখত শুনা সঁচা কথা সেইবোৰ। সেই সময়ছোৱাত গঞাৰ চৌকাত জুই নজ্বলা দিনবোৰৰ কিছুমান জীয়া কাহিনী মানুহৰ মুখে মুখে বাগৰি ফুৰিছিল। কঙালীত বহুজনৰ চৰুত উতলে কেৱল বনৰীয়া আলু কচু অথবা শাক পাত। তথাপিতো প্ৰতিজন খেতিয়কে কাতিৰ সন্ধ্যা কুঁৱলী ভাঙি পথাৰত চাকি জ্বলাই, সেৱা সৎকাৰ কৰি লখিমীক আদৰ যাচে। কাতি বিহুত সাধাৰণতে অসমীয়া মানুহৰ ঘৰত সচৰাচৰ আন দুটা বিহুত দেখাৰ দৰে খাদ্য সম্ভাৰ পোৱা নাযায়। কাঙাল কাতিত পিঠা পনা বনাবলৈ সৰহভাগ মানুহৰ ঘৰতে চাউলৰ অভাৱ হৈছিল আৰু চাউল থকা কেইঘৰেও নথকা কেইঘৰৰ দুখৰ সমভাগীহৈ পিঠা পনা বনোৱা নাছিল।
আচলতে দীন দুখীয়া চহা খেতিয়কৰ ঘৰৰ চৰুত কেতিয়াবা দুই তিনিদিন পৰ্যন্ত জুই জ্বলা নাছিল। বৰ আকালৰ দিন আছিল সেইবোৰ। বানে ধোৱা পথাৰবোৰত শেহ ভাদতো ধানৰ গোছা পৰিছিল। তথাপিও কাতি বিহুৰ দুদিনমান আগৰেপৰা মানুহৰ মনবোৰ উগুল থুগুল হৈ আছিল। সকলোৰে প্ৰথম চিন্তা আছিল তুলসী ভেটি। ঘৰৰ সৰু সকলে পুৱাতে মাটি কঢ়িয়াই গোলকৈ, চাৰিচুকীয়াকৈ অথবা ওখকৈ ভেটি সজাৰ প্ৰস্তুতি চলাইছিল। ভেটি বনাওঁতে জ্যেষ্ঠজনে তদাৰক কৰাৰ লগতে গোবৰ দিবলৈ দিয়া নাছিল। সেয়ে ভেটিতো ফাটি নোযোৱাকৈ যিমান পাৰি সিমান মিহিকৈ হাতেৰে লিপিব লগা হৈছিল। তুলসী ভেটি গোবৰ আৰু সুতকানি দি লিপিব নাপায় বুলি কৈছিল । যাৰফলত গোবৰ নিদিয়াৰ বাবে ভেটিতো ফাটি গৈছিল আৰু বাৰে বাৰে মাটি পানী লৈ দিনটোত কেবাবাৰো মচিব লগা হৈছিল। মনত পৰে আমাৰ সৰু সৰু হাতৰ তলুৱাবোৰ মাটি লেপি লেপি সেইদিনা ৰঙা পৰি ফৰফৰাইছিল। তাৰবাবে মনত কিন্তু অলপো দুখ লগা নাছিল। তুলসী পুলিটো ৰুবৰবাবে ভেটিতোৰ সোঁমাজত ভগা জেওৰা এটুকুৰা সুমুৱাই থোৱা হৈছিল। ভেটি সজাৰ পাছত পুৰণা চাকি কেইগছ ধোৱা, কেঁচা সুতাৰ বা ঘৰুৱা কপাহৰ গুটি গুচাই শলিতা বটা, কলি কলি অমিতাবোৰ বা ঔটেঙাবোৰ ফুটিয়াই দুফাল কৰি চাকি বনোৱা, চাকি দিবলৈ কলগছ কাটি জেওৰাত পোতা আদি অসংখ্য কামৰ হেচাঁত দিনটো গুছি গৈছিল। আবেলি ঘৰত ল'ৰা বা মতা মানুহ নাথাকিলে চুবুৰীৰ কোনোবা ল'ৰা এটা মাতি তুলসী পুলিটো ৰোৱা হৈছিল। ছোৱালী মানুহে তুলসী ৰুব নাপায় বুলি এটা জনবিশ্বাস আছিল। পুলি ৰোৱাৰ পাছত পুলিৰ গুৰিত পানী দি বৈ যোৱা পানীখিনি শুকুৱাবলৈ পুনৰ ভেটিতো মচা হয়। ছয়াঁময়া সন্ধিয়া নিয়ঁৰত সেমেকি থকা গেঁৰ ধৰা ধানৰ পথাৰখনত অমিতা কাটি এগছি চাকি জ্বলাবলৈ যাবলৈ সকলো উত্ৰাৱল হৈছিল। পথাৰত চাকি জ্বলাই আহি ভৰি হাত ধুই গোঁসাই ঘৰত প্ৰাৰ্থনা কৰি আৰম্ভ কৰা হয় বিহু গোৱা বা তুলসী তোলা গোৱা পৰ্ব।
জাতীয় জীৱনৰ তিনিটি বিহুৰ ভিতৰত কাতি বিহু সম্পূৰ্ণৰূপে আধ্যাত্মিকতাৰ ওপৰত প্ৰতিষ্ঠিত এটি বিহু। পথাৰ, বাৰীঘৰ, পদূলিমুখ আদিত চাকি বাতি জ্বলোৱাৰ পাছতহে ঘৰে ঘৰে তুলসী তোলা গাবলৈ যোৱা হয়। চুবুৰীটোৰ প্ৰতি ঘৰে ঘৰে মাহ প্ৰসাদ খাই খাই তুলসী তোলা গাই ৰাতিলৈকে আমিও সৰুতে ঘুৰি ফুৰিছিলো। মনত ভয় সংশয় নাছিল। ভয় কৰিব লগা ভূত কেইটাৰ বাদে বাকী সকলো আপোন আছিল। জোনাকেই হওঁক বা আন্ধাৰেই হওঁক কুহকুহীয়া ঠাণ্ডাৰ পৰশ লাগি আমাৰ হাত ভৰিবোৰ পথাৰৰ মাজৰ আলিবোৰৰ দৰেই শীতলহৈ পৰিছিল। চুবুৰীটোত তুলসী তোলা গাই ঘুৰি অহালৈ সন্ধিয়া ঘৰে ঘৰে পদূলিমুখত জ্বলাই থোৱা চাকিবোৰ নুমাই গৈছিল বা কোনোবাটোহঁত ঢিমিক ঢামাককৈ জ্বলি আছিল। আমি হাঁচতিত মাহ প্ৰসাদ বান্ধি লৈ যেতিয়া ঘৰ সোমাইছিলোহি চৰুৰ ধোঁৱা বলি থকা ভাতে মোক খা মোক খা কৰি আছিল। সেই নিশা ৰাতি শোৱাৰ পৰতো তুলসী পুলিটো মৰি যাব বুলি চিন্তা হৈছিল। আৰু এনেদৰেই অনাড়ম্বৰ কাঙাল কাতি বিহু আড়ম্বৰপূৰ্ণ আধ্যাত্মিকতাৰ মাজেৰে বছেৰেকলৈ তুলসী তোলা গোৱাতেই অন্ত পৰিছিল।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬

No comments:
Post a Comment