অসমৰ অস্তিত্ব এতিয়া বিৰাট সংকটত
নৱ কান্ত পেগু
MSc Physics, NET, B.Ed, M.Ed
অসমখন নাথাকিবগৈ যেন পাইছোঁ । কেতিয়াবা এনে অনুভৱ হয়—আমি যেন কেৱল এখন ৰাজ্যৰ সংকটৰ সন্মুখীন হোৱা নাই; বৰং ক্ৰমশঃ ক্ষয়িষ্ণু হৈ অহা নিজৰ অস্তিত্বৰ এক ভয়ংকৰ সন্ধিক্ষণত থিয় হৈ আছোঁ।
অসমৰ ভূ-ভাগৰ ওপৰত চাৰিওফালৰ পৰা বেদখল চলিছে। বাংলাদেশীয়ে ধুবুৰীৰ পৰা নগাঁৱলৈ ছানি পেলালে। উজনি অসমতো সিঁহতৰ প্ৰভাৱ ক্ৰমাৎ বৃদ্ধি পাব লাগিছে। অৰুণাচলেও অসমৰ সীমাৰ বহু ভিতৰলৈ সোমাই আহিছে, নাগালেণ্ডক গোটেই অসমখনকেই লাগে। তথাপি চৰকাৰ আৰু ৰাইজ অলপো সজাগ হোৱা দেখা নাই।
আৰু কেৱল এয়াই নে, আমাৰ ভিতৰখনো যে কিমান দুৰ্বল হৈ আহিছে! নিজৰ ভাষাটোৰ প্ৰতিয়েই বহু অসমীয়াৰ অৱহেলা দিনক দিনে বাঢ়িছে। সন্তানক ভাল শিক্ষা দিয়াৰ আকাংক্ষা থকাটো নিশ্চয় স্বাভাৱিক; কিন্তু নিজৰ মাতৃভাষাক হীন বুলি ভাবি তাকেই পৰিত্যাগ কৰাটো কেতিয়াও গৌৰৱৰ কথা হ'ব নোৱাৰে। ইংৰাজী শিকক, পৃথিৱীৰ যিকোনো ভাষা শিকক— কিন্তু নিজৰ ভাষাটোক পাহৰি নহয়। অসমীয়া মানুহে নিজৰ সতি-সন্ততিক অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাবলৈ ‘চৰম’ পোৱা হ’ল। নিজৰ সতি-সন্ততিক চাহাব কৰাৰ মানসেৰে ইংৰাজী মাধ্যম বিদ্যালয়ত পঢ়ুৱায়। অথচ অসমত সিঁহতে শুদ্ধকৈ ইংৰাজীও কব নোৱাৰা হৈ পৰে আৰু অসমীয়াৰ ফালেও তথৈবচ। সিঁহত ভাৰতীয়ও হ’ব নোৱাৰিলে, ইংৰাজো নহ’ল। হ’ল—ঠিক বাদুলীটোৰ দৰেই।
অন্য ভাষাত পাৰদৰ্শী হোৱাটো উন্নতি; কিন্তু মাতৃভাষাৰ প্ৰতি লজ্জাবোধ কৰাটো কেতিয়াও উন্নতি নহয়।
ৰাজনৈতিক ক্ষেত্ৰতো আমাৰ আত্মসমালোচনাৰ প্ৰয়োজন আছে। দিল্লীলৈ নিৰ্বাচিত কৰি পঠিওৱা প্ৰতিনিধিসকলে অসমৰ ভূমি, বান-খহনীয়া, সীমা, নিবনুৱা সমস্যা, উদ্যোগ, ভাষা-সংস্কৃতি, জনস্বাৰ্থৰ প্ৰশ্নবোৰ কিমান দৃঢ়তাৰে ৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰিছে—এই প্ৰশ্নটো ৰাইজে নিশ্চয় সুধিব পাৰে।
কিন্তু অসমৰ জনসাধাৰণে দিল্লীলৈ নিৰ্বাচন কৰি পঠিওৱা কোনো এজন সাংসদেই অসমৰ স্বাৰ্থৰ হকে সংসদত এটা শব্দও উচ্চাৰণ নকৰে। এই সময়ত আমাৰ প্ৰয়োজন আছিল এজন হেম বৰুৱাৰ, যিজনে টেবুলত ভুকুৱাই কথা ক'ব পাৰে। সকলোফালৰপৰাই আমাৰ অস্তিত্ব সংকটপূৰ্ণ হৈ পৰিছে। আমাৰ মানুহবোৰ বৰ অকৰ্মণ্য হৈ পৰিছে। এনে এটা অকৰ্মণ্য, সোৰোপা জাতি কেনেকৈ জীয়াই থাকিব? আৰু কেন্দ্ৰীয় চৰকাৰেও উত্তৰ-পূৰ্বাঞ্চলৰ প্রতি সদায় অৱহেলা কৰি আহিছে। চৰকাৰক অসমখন লাগে, কিন্তু অসমীয়া মানুহক নালাগে। অসম গুচি বাংলাদেশ হৈ গ’লেও কেন্দ্ৰীয় চৰকাৰৰ কি আহে কি যায়। এনে এক ভয়ংকৰ পৰিস্থিতিৰ মাজত আমি সোমাই পৰিছোঁ। ৰাজনৈতিক দলবোৰেও সমাজত বিভেদৰ বীজ সিঁচি দিছে। যিমানেই দল হৈছে সিমানেই মানুহ ভাগ ভাগ হৈ পৰিছে। ৰাজনৈতিক দল বাঢ়িলেই যদি মানুহৰ মাজত বিভাজন বাঢ়ে, ধৰ্মৰ নামত যদি সমাজ খণ্ডিত হয়, জাতি-জনগোষ্ঠীৰ পৰিচয় যদি পৰস্পৰৰ বিৰুদ্ধে অস্ত্ৰ হৈ পৰে—তেন্তে ক্ষতি কাৰ?
ধৰ্মক লৈও আমাৰ সমাজখন আজি কিমান যে ভাগত ভাগ হৈ পৰিছে, তাৰ কোনো হিচাপেই নাই। মানুহে নিজৰ নিজৰ বিশ্বাসক লৈ থাকক, তাত কোনো আপত্তি নাই। কিন্তু সেই বিশ্বাসক লৈ আনজনক সৰু কৰা, তৰ্ক-বিতৰ্ক কৰি সমাজখনক আৰু অধিক ভাগ কৰা—এই কথাটোহে ভাবিবলগীয়া।
আৰু এটা কথা আমি মন দি চাব লাগিব। আমাৰ ধৰ্মীয় আৰু পৌৰাণিক কাহিনীসমূহো যুগে যুগে বহু পৰিৱৰ্তনৰ মাজেৰে আহিছে। বিভিন্ন সময়ত বিভিন্ন ঠাইত ৰামায়ণ-মহাভাৰতৰ আঞ্চলিক ৰূপ ৰচনা হৈছে, লোককথা আৰু জনবিশ্বাসৰ বহু কথা তাত সোমাইছে, পিছলৈ বহু কথা সংযোজিতও হৈছে। সেইবাবে পিছত জনপ্ৰিয় হোৱা কোনো এটা কাহিনী শুনিলেই তাক মূল শাস্ত্ৰৰ কথাই বুলি ধৰি লোৱাটো ঠিক নহয়।
মূল গ্ৰন্থত আচলতে কি আছে, কোন সময়ত কথাটো সংযোজিত হৈছে, ক’ৰ পৰা আহিছে—এইবোৰ এবাৰ চাই লোৱাটো অতি প্ৰয়োজন। তেনে কৰিলেহে আমি ধৰ্মটোক আৰু ভালদৰে বুজিব পাৰিম। যিহেতু আমাৰ শাস্ত্ৰবিলাকো বহু বিকৃত হৈছে। মূল শাস্ত্ৰত নথকা অনেক শ্লোক শাস্ত্ৰবিলাকত সোমাই পৰিছে।
শাস্ত্ৰবিলাকত কেনেধৰণে বিকৃত তথ্য সোমাই পৰিছে দুটামান উদাহৰণ দিছোঁ আজি— ‘চাওক, মূল বাল্মীকি ৰামায়ণত শ্ৰীৰামচন্দ্ৰই দুৰ্গা পূজা কৰা কথা নাই। কিন্তু বঙালী কৃত্তিবাসী ৰামায়ণত শ্ৰীৰামচন্দ্ৰই দুৰ্গা পূজা কৰা বুলি দেখুৱালে। এতিয়া অসমীয়া মানুহেও বঙালী ৰামায়ণৰ কথাকেই বিশ্বাস কৰি দুৰ্গা পূজা কৰিবলৈ লৈছে। শ্ৰীৰামচন্দ্ৰৰ গাত ভেজা দি পূজা কৰাটো বৰ অপমানজনক কথা। আন এটা উদাহৰণ চাওক— প্ৰাচীন বৈদিক শাস্ত্ৰত উল্লেখিত ৩৩ দেৱতাৰ তালিকাত ‘সন্তোষী মা’ নামৰ কোনো দেৱীৰ নাম উল্লেখ পোৱা নাযায়। সন্তোষী দেৱীৰ উপাসনা আৰু জনপ্ৰিয়তা মূলতঃ আধুনিক কালত, বিশেষকৈ বিংশ শতিকাত, ব্যাপক ৰূপ লাভ কৰা বুলি ইতিহাসবিদসকলে উল্লেখ কৰিছে।
আৰু ১৯৭৫ চনৰ “Jai Santoshi Maa ” নামৰ হিন্দী চলচ্চিত্ৰখনৰ পিছতহে তেওঁৰ জনপ্ৰিয়তা সমগ্ৰ ভাৰতত দ্ৰুতভাৱে বৃদ্ধি পায় আৰু তাৰ ফলশ্ৰুতিত এতিয়া সন্তোষী মাৰ পূজা চাৰিওফালে চলিব লাগিছে।
শাস্ত্ৰৰ প্ৰতি সন্মান মানে কেৱল বিশ্বাস কৰাই নহয়—তাক বুজি পোৱা, তাৰ উৎস বিচৰা। কি সঁচা কি মিছা তাৰ পাৰ্থক্য নিৰ্ণয় কৰাও আমাৰেই দায়িত্ব।
আজিৰ তাৰিখত অসমৰ হকে আটাইতকৈ ডাঙৰ প্ৰশ্নটো কি বুলি যদি আপোনালোকক সুধো, তেন্তে আপোনালোকে হয়তো ক'ব—“অসমখনক কোনে বচাব?” কিন্তু নহয়।
ডাঙৰ প্ৰশ্নটো হ’ল—অসমক বচাই ৰাখিবলৈ আমি নিজে কিমান সজাগ, কিমান ঐক্যবদ্ধ আৰু কিমান দায়িত্বশীল?
ভূমি হেৰালে মানচিত্ৰ সলনি হয়,
ভাষা হেৰালে পৰিচয় সলনি হয়,
আৰু আত্মসচেতনতা হেৰালে এটা জাতিৰ ভৱিষ্যৎটোৱেই অনিশ্চিত হৈ পৰে।
সেয়ে এতিয়া হুলস্থূলৰ সময় নহয়; সজাগ হোৱাৰ সময়। বিদ্বেষৰ সময় নহয়; যুক্তি আৰু ঐক্যৰ সময়। অভিযোগৰ সময় নহয়; নিজৰ দায়িত্ব স্বীকাৰ কৰাৰ সময়।
অসমক কেৱল চৰকাৰে ৰক্ষা নকৰে, কোনো এটা ৰাজনৈতিক দলেও ৰক্ষা নকৰে। অসমক ৰক্ষা কৰিব সজাগ অসমীয়াৰ বিবেকে। দায়িত্ববোধ আৰু ঐক্যবদ্ধ প্ৰচেষ্টাই।
হাই হাই, কি দিন আহিল বুলি হুমুনিয়াহ কাঢ়ি বহি থাকিলে নহ’ব— এতিয়া সকলোৱে মাৰ বান্ধি সজাগ হৈ থিয় দিব লাগিব।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬


No comments:
Post a Comment