কৃত্ৰিম বুদ্ধিমত্তাৰ নেতিবাচক প্ৰভাৱ
জাতিৰাম কামান
ইলেকট্ৰনিক মিডিয়াৰ অত্যাধুনিক নৱতম সংযোজন হল কৃত্ৰিম বুদ্ধিমত্তা। ইংৰাজীত Artificial Intelligence. নিসন্দেহে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ বিকাশত আৰ্টিফিচিয়েল ইন্টেলিজেন্সে প্ৰযুক্তি আৰু কাৰিকৰীক দিশত এটা বিপ্লৱৰ সূচনা কৰিছে আৰু ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ অদূৰ ভৱিষ্যতে মানৱ সভ্যতাত পৰিব যাৰ ফলত মানুহৰ দৈনন্দিন জীৱনৰ লগতে সামগ্ৰিকভাৱে মানৱ ইতিহাসৰ গতিয়েই সলনি কৰি পেলাব।
কৃত্ৰিম বুদ্ধিমত্তা সিমানেই বিকশিত ৰূপত আত্ম প্ৰকাশ কৰিছে যে ই মানুহৰ মগজু,চিন্তা চেতনা,জ্ঞান আৰু ধ্যান ধাৰণাক অনুসৰণ কৰি ইয়াক আয়ত্ত কৰি লৈ জীৱশ্ৰেষ্ঠ মানুহৰ বিবেকৰ স্থান লবলৈ অগ্ৰসৰ হৈছে। সহজ ভাষাত মানুহৰ মগজুক AI এ কব্জা কৰিবলৈ প্ৰয়াস কৰিছে। আজিকালি AI ক'ত নাই?সকলোতেই আছে। AI এ আপোনাৰ ডাটা সংগ্ৰহ কৰি সকলো অসম্ভৱ কাম কৰিব পাৰে।আপুনি ব্যক্ত কৰা মনৰ ভাৱবোৰ কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰকাশ কৰিব পাৰি। আপোনাৰ গীতত সুৰ দিব পাৰে,আপুনি নজনা কথাবোৰ সুধিলে বিতঙকৈ কৈ দিব পাৰে।কৃত্ৰিম বুদ্ধিমত্তাৰে সজা ৰবটেৰে দৈনন্দিন জীৱনৰ সকলো কঠিন কামবোৰ সহজে কৰি সম্পূৰ্ণ কৰিব পাৰি।
আজিকালি Facebook, X, Instagram, YouTube,
WhatsApp আদি সকলোতেই AI এ কব্জা কৰিবলৈ লৈছে। AI generated ভিডিঅ, ষ্টৰি, মিম, ৰিল, চৰ্ট ভিডিঅ তথা চিৰিয়েলৰ লগতে বহুতে AI generated photo upload কৰি সামাজিক মাধ্যম গৰম কৰি ৰাখিছে।
বিজ্ঞান প্ৰযুক্তিয়ে মানৱ সভ্যতাক যিমান উপকৃত কৰিছে সিমান ধ্বংসও কৰি আছে। দ্বিতীয় মহাসমৰত হিৰোচিমা আৰু নাগাচাকিক পাৰমানৱিক বোমাৰে ধ্বংস কৰা কাৰ্যত স্বয়ং ইয়াৰ আৱিস্কাৰক মহান বৈজ্ঞানিক এলবাৰ্ট আইনষ্টাইন ভাগি পৰিছিল,অনুতাপত দগ্ধ হৈছিল। Albert Einstein felt deep shock,horror and bitter regret after the atomic bombings of Hiroshima and Nagasaki in August 1945.তেওঁ উদ্ভাৱন কৰা ফৰ্মূলাৰ দ্বাৰা আনৱিক শক্তি নিৰ্মাণ আৰু ইয়াৰ অপ প্ৰয়োগ কৰা কথাত চিন্তিত হৈ তদানীন্তন আমেৰিকান প্ৰেচিডেন্ট ফ্ৰেংকলিন ডি ৰুছভেল্টলৈ লিখিছিল - “The one great mistake in my life.”
আইনষ্টাইনে শক্তিৰ বাবে E=mc2 ফৰ্মূলা কেৱল মানৱ কল্যাণৰ বাবেহে উদ্ভাৱন কৰিছিল। ধ্বংসৰ বাবে নহয়। কিন্তু অবিবেচকী মানুহৰ হাতত পৰি ইয়াক অপব্যৱহাৰ কৰা হ’ল; ইয়াৰ জলন্ত উদাহৰণ হ’ল হিৰোচিমা-নাগাচাকিত কৰা পাৰমানৱিক বোমা বৰ্ষণ।
তৎসত্বেও কিন্তু পাৰমানৱিক বোমাকে আদি কৰি ইতিপূৰ্বে আৱিষ্কৃত সকলো বৈজ্ঞানিক আহিলা পাতি, যন্ত্ৰ পাতি, সমৰাস্ত্ৰ, মৰণাস্ত্ৰ ইত্যাদি সকলো মানুহৰ হাতেদি পৰিচালিত হয়। অৰ্থাৎ সেই সকলো বিজ্ঞান প্ৰযুক্তি আৰু কাৰিকৰীক আহিলাৰ চালিকা শক্তি হল মানুহ। সকলো ৰিমট কন্ট্ৰোল মানুহৰ হাতত।মানৱ মগজুৰে নিয়ন্ত্ৰণ কৰা হয় সেই মানৱসৃষ্ট যন্ত্ৰবোৰ।ক্ষেপনাস্ত্ৰই হওক বা মৰণাস্ত্ৰই হওঁক, ই যিমানেই মৰাত্মক নহওক কিয়,ইয়াক মানুহৰ দ্বাৰা নচলালে ই ক্ষতি কৰিব নোৱাৰে।
কিন্তু বিড়ম্বনাৰ কথাটো হল মানৱ সৃষ্ট প্ৰযুক্তিৰ নৱতম সংযোজন AI মানুহৰ দ্বাৰা চালিত হোৱাৰ উপৰিও স্বয়ংচালিত হৈ পৰিছে AI। AI generated robotতেই বোলক অথবা AI generated যিকোনো কামেই AI ৰ দ্বাৰা স্বয়ংক্ৰিয় হবলৈ ধৰিছে। Artificial Intelligence বা কৃত্ৰিম বুদ্ধিমত্তা সিমানেই বিকশিত হৈছে যে ই নিজে নিজে সিদ্ধান্ত দিব পৰা হৈছেগৈ! It is no longer a Robot now. কৃত্ৰিম বুদ্ধিমত্তা এতিয়া মানুহৰ হাতৰ পুতলা হৈ থকা নাই, অনাগত দিনত আৰু অধিক বৌদ্ধিকভাৱে বিকশিত হ’বলৈ গৈ আছে আৰু এয়া মানৱ সভ্যতাৰ বাবে বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব!
AI প্ৰযুক্তি develop কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ Anthropic তেনে এক প্ৰখ্যাত কম্পেনী। ২০২১ চনত ইয়াক প্ৰতিষ্ঠা কৰা হয়। তাতেই গৱেষণাত নিয়োজিত আৰু কৰ্মৰত ২৭ বছৰীয়া যুৱক Jacob Coxonনে যোৱা চেপ্তেম্বৰ মাহত এনথ্ৰপিকৰ পৰা ইস্তফা দিয়ে।ইয়াৰ আগতে Joe Benton এ এনথ্ৰপিক AI কম্পেনীৰ পৰা অব্যাহতি লয়।
তেওঁলোকে Anthropic এৰি যোৱাৰ মূল কাৰণসমূহ হ’ল –
১) কৃত্ৰিম বুদ্ধিমত্তাৰ অপ্ৰতিৰোধ্য দৌৰ।(Unstoppable AI race)
Jacob Coxon ৰ মতে কৃত্ৰিম বুদ্ধিমত্তাই স্বয়ংক্ৰিয়ভাৱে বৌদ্ধিক উত্তৰণত আৰোহণ কৰিবলৈ সক্ষম হৈছে। They are rushing toward self-improving superintelligence.
২) দুৰ্যোগপূৰ্ণ বিপদশংকা!(Catastrophic Risk)
Coxonৰ মতে AI মানৱতাৰ বাবে ধ্বংসৰ কাৰণ হ’ব পাৰে! Coxon warned that AI could kill humanity by the end of the decade.
৩) অনিয়ন্ত্ৰণ (Lack of control)
AI ৰ শেহতীয়া কাৰ্যকলাপে মানুহৰ চকু কপালত উঠাইছে।কিছু AI মডেলে ইন্টাৰনেটত হেক কৰি নিজৰ ভাগে সিদ্ধান্ত লৈ কাম কৰিবলৈ অগ্ৰসৰ হৈছে। এয়া অত্যন্ত বিপদজনক!
Recent incidents where models gained unauthorised internet access and hacked organisations heightened fears of systems.
শেষত এটা সহজ উদাহৰণেৰে মুখনি মাৰিছো। আমি বন্দুক হাতেৰে চলাওঁ। আমাৰ হাতেদি ট্ৰিগাৰ নদবালে বন্দুক বা পিষ্টলেৰে বুলেট বাহিৰ নহয়। ঠিক তেনেকৈ কলমেৰে লিখা কাম হাতেদি হয়; আমাৰ মগজু প্ৰয়োগ নকৰি যেতিয়ালৈকে লিখা নহয় তেতিয়ালৈকে কলম স্থবিৰ। পাৰমাণৱিক বোমা বা ক্ষেপনাস্ত্ৰ মানুহৰ দ্বাৰাই নিক্ষেপ কৰা হয়। তেনেক্ষেত্ৰত যদি ৰিভলভাৰে নিজেই ট্ৰিগাৰ দবাবলৈ লয়, কলমে যদি নিজেই লিখিবলৈ লয়, ক্ষেপনাস্ত্ৰই যদি নিজেই টাৰ্গেট ফিক্সড কৰিবলৈ লয় তেন্তে মানুহৰ বাবে কৰিবলৈ একোৱেই নাথাকিল! ঠিক তেনেধৰণৰ কাৰ্যকলাপ AI এ কৰিবলৈ লৈছে আৰু অনাগত দিনত ল’ব বুলি ইন্টাৰনেট এক্সপাৰ্টসকলে ব্যক্ত কৰিছে।
সাম্প্ৰতিক কালত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিনেটত এই বিষয়ে সৰৱ আলোচনা হৈ আছে। তেনে সংক্ৰান্তত এলন মাক্স, মাৰ্ক জুকাৰবাৰ্গ, বিল গেইটচ, জেৱ বেজচ আদি আমেৰিকা তথা বিশ্বৰ অন্যতম প্ৰধান ধনাঢ্য ব্যক্তিসকল সমালোচনাৰ সন্মুখীন হৈছে। আচলতে তেওঁবিলাকে সভ্যতাৰ নামত বিশ্ব মানৱ সভ্যতাক কোন দিশে লৈ গৈছে? সঁচাকৈ মানৱতা টিকি থাকিবনে? মানৱ সভ্যতা বিশ্বত বৰ্তি থাকিবনে? এয়াই আজিৰ তাৰিখত বহুমূলীয়া প্ৰশ্ন!
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬


No comments:
Post a Comment