জোন আৰু বেলি
✍️ললিতা দাস
শুৱালকুছি কাঞ্চন নগৰ,
কামৰূপ(অসম)
জোন আৰু বেলিৰ সম্পৰ্ক অতি মধুৰ আৰু বহু পুৰণি আছিল। সিহঁতৰ ভাল পোৱাক কিন্তু বেলিৰ ঘৰৰ পৰিয়ালে সমৰ্থন নকৰিলে। কিয়নো জোনৰ পৰিয়ালটি আৰ্থিক ভাৱে দুৰ্বল আছিল। তাইৰ বিয়া এঘৰ নামী -দামী মানুহৰ লগত ঠিক কৰিলে। তাইও নিজৰ বিলাসিতা জীৱনৰ কথা ভাবি সহজতে জোনক পাহৰিবলৈ অকণো কুণ্ঠাবোধ নকৰিলে। আনফালে জোন একেবাৰে বলিয়াৰ দৰে হৈ পৰিল। ইমান দিনৰ পুৰণি সু-সম্পৰ্ক এটা নিমিষতে পুৰি ছাই হৈ গ’ল। তথাপি জোনে বেলিক কৈছিল যে -তোমাৰ প্ৰতিটো বিপদৰ সময়তে মোক পাবা, তোমাৰ বাবে মোৰ ঘৰৰ দুৱাৰ সদায় মুকলি থাকিব। তাইৰ বিবাহ কাৰ্য্য ধুম -ধামেৰে পাৰ হৈ গ’ল। পিছে কি হ’ব!গিৰিয়েকৰ নিকৃষ্ট মানৰ চৰিত্ৰৰ বাবে কিবাকে অতি কষ্টেৰে দু-বছৰ মান কটালে। তাৰ পিছত তাই সম্পূৰ্ণ ভাৱে ত্যাগ কৰি চিৰদিনৰ বাবে সেই খন ঘৰৰ পৰা আঁতৰি ওলাই আহিল। এনেকুৱা এটা সংগহীন জীৱন লৈ তাই পুনৰ গৈছিল জোনৰ ওচৰলৈ মৰমৰ সান্নিধ্য বিচাৰি। কলিং বেল টো বাজি উঠাত জোনৰ মাক -দেউতাক ওলাই আহি কান্দি কান্দি থোকা-থোকি মাতেৰে ক’লে-আই অ’ বহু দেৰি হৈ গ’ল অ’ সৌৱা বেৰ খনত ফুলৰ মালাৰে সৈতে ওলমি থকা জোনৰ ফটো খনতে সেৱা এটি জনোৱা। সি তোমাৰ ফালে একেথৰে ৰ’ লাগি চাই আছে অ’!!!।
No comments:
Post a Comment