আকাশখন নথকা হ'লে- - ??
✍️ত্ৰিৰঞ্জন টাইড
লখিমপুৰ
আকাশখন যদি নথকা হলে পৃথিৱীয়ে বাৰু কলৈ মূৰ তুলি চালে হেঁতেন ?
আকাখন যদি নথকা হলে ওখ ওখ বটবৃক্ষবোৰ কলৈ বাৰু মূৰ তুলি বাঢ়িল হেঁতেন
আকাশখন যদি নথকা হলে ক’লা ক’লা মেঘবোৰ ক’লৈ বাৰু চুলি মেলি উৰিল হেঁতেন ??
তাতোতকৈ বা আৰু কি হল হেঁতেন - -
যদিহে আকাশখন নথকা হ'লে -সেই যে ৰাতি ৰাতি তৰাবোৰে ক’ত বাৰু গাঁও পাতি জিলিকি থাকিল হেতেন
জোন আৰু বেলিয়ে আমাক এৰি ক'ত বাৰু পোহৰ দি থাকিল হেতেন ?
কথাষাৰ আৰু সঘনাই নাভাৱো নুসুধোঁ
মস্তিষ্কত ঘাঁ লাগে
আকাশখন নথকা হ'লে বতাহবোৰ ক'ত বাৰু বলি বলি টোপনি গ’ল হেঁতেন ?
আকাশখন নথকা হলে জোন আৰু বেলিয়ে কোন বাটেদি দৈনন্দিন আমাৰ বাবে আহ যাহ কৰিল হেঁতেন ??
নতুবা চৰাইবোৰ মনৰ কথা পাতি পাতি ক’ত বাৰু পাখি মেলি জাকে জাকে উৰিল হেঁতেন ?
নতুবা ধুমুহা বৰষুণৰ গছবোৰ ক’ত বাৰু শান্ত হৈ জিৰণি ললে হেঁতেন ??
আকাশ ! তুমি থকা বাবেই মই জীৱনৰ উচ্চতা ডিঙি মেলি চাবলৈ শিকিলোঁ
তুমি থকা বাবেই মই বুকুৰ ভোগলিক পৰিসীমা জুখিবলৈ শিকিলোঁ
তুমি থকা বাবেই মই দূৰলৈ গতি কৰি চাই নক্ষত্ৰৰ পাটিগণিত শিকিলোঁ ।
আকাশ ! তুমি নথকা হলে - -- - ???
No comments:
Post a Comment