এক আধৰুৱা গল্প
✍️অতুল চন্দ্ৰ বড়ো শোণিতপুৰ, মিছামাৰি
চিলিংৰ ওপৰত ধপধপনি। এন্দুৰ, হয়তো ডালশলিয়া । মোৰ বুকুৰ ধপধপনি । গেষ্ট্ৰিক,,, ভিষন অৱহেলিত হৈ অত- তত বিশৃংখল ভাৱে পৰি ৰইছে কিতাপবোৰ । ৰমনি যোৱাৰ পাছৰ পৰা ৰুমটো যেন ডাষ্টবিনত পৰিনত হৈছে । চিগাৰেটৰ টুকুৰা, খালি পেকেট, খাওঁতে প্লেটৰ পৰা উফৰি যোৱা মটৰ আদিয়ে ক্ৰমশঃ দখল কৰিছে তলিখন।
ভিষন অকলশৰীয়া অনুভৱ হৈছে নিজকে । কোনো মূহুৰ্তত নিজৰ অৱস্থিতিৰ কথাও পাহৰি গৈছোঁ। কাহানিবাই দুঃস্বপ্ন বোলি পাহৰি পেলোৱা অতিতে নিসংগতাৰ সোযোগ লৈছে ।
“স্বপ্নালী” মোৰ জীৱনৰ এটা দুস্বপ্ন স্বৰূপ । হোমাগ্নিক সাক্ষি কৰি জীৱনভৰ একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে শিৰত সেন্দুৰকন লৈয়ো এনেদৰে প্ৰতাৰণা কৰি তাই আতৰি যাবগৈ পাৰে ,মোৰ বিশ্বাস আজিও নহ’ল। তাইৰ লগতে মই হেৰুৱালো মোৰ সকলো আশা,ভৰসা,ভবিষ্যতৰ সপোন।
পিতাই ৰ মৃত্যুৰ পাছত চাকৰিটোক ভৰসা কৰিয়েই সম্পূৰ্ণভাৱে চহৰৰ বাসিন্দা হ’লোহি । বিয়াৰ প্ৰথম দুটা বছৰ কোনো সাংঘাটিক ধৰনৰ এনে কোনো ঘটনা মোৰ মনত নপৰিল যাৰ কাৰণে তাই মোক উপেক্ষা কৰি আতৰি গৈছিল ।
এবছৰৰ ভালপোৱা । তাৰ পাছত বিয়া। দেউতাৰ উপস্থিতিত গঞা ক সাক্ষী কৰি সম্পূৰ্ণ নীতি নিয়মৰ মাজেদি আমাৰ বিবাহ সম্পন্ন হৈছিল । মাক দেউতাক নাইকিয়া ছোৱালীজনীক একমাত্ৰ ককায়েকে মোৰ হাতত তুলি দিছিল তাইৰ হাতখন ।
স্বপ্নালী এৰি যোৱাৰ আঠ মাহ আগত ককায়েকৰ মৃত্যু হৈছিল। আকস্মিক মৃত্যু। ককায়েকৰ মৃত্যুত স্বপ্নালীক সান্ত্বনা,সাহস দিবলৈ মোৰ কোনো ভাষা নাছিল। কাৰণ ককায়েক তাইৰ ককায়েকেই নাছিল,লালন-পালন কৰি ডাঙৰ-দীঘল কৰা মাক-বাপেকৰ দৰে। বিছনাখনতে বহি লৈ তাই মাত্ৰ হিয়া ঢাকুৰি কান্দি আছিল । একো কথাৰে সান্ত্বনা দিব নোৱাৰি এই চকীখনতে মই নিথৰ হৈ বহি ৰৈছিলোঁ । মইও ভাগি পৰিছিলো সম্পূৰ্ণৰূপে ।
হঠাৎ যেন কোঠাটোৰ সমস্ত আচবাববোৰ লৰিব ধৰিলে । টেবুলৰ ওপৰত থকা ফুলদানিডাল, আলমাৰিৰ কিতাপবোৰ, বেৰত ওলমি থকা ফটো ফ্ৰেমবোৰ প্ৰথমে লাহে-লাহে , ক্ৰমাৎ যেন গতি বাঢ়িব’লৈ ধৰিলে । ভূমিকম্প,,,,,
অনুভৱ হল মোৰ চকি খনো কঁপিব ধৰিছে, তলৰ মাটিখিনি যেন ফাঁট মেলিছে । “স্বপ্নালী” মোৰ চকুত ক্ৰমাৎ ধূসৰ হৈ আহিব ধৰিলে, দুৰলৈ,,, আৰু দুৰলৈ আঁতৰি গৈ থাকিল তাই ।
স্বপ্নালী,,,,, স্বপ্নালী,,,,
স্বপ্নালীক ধৰিবলৈ গৈ প্ৰচণ্ড এটা খুন্দাত মই মাটিত পৰি গ’লো ।
ধহ্-মহাই উঠি চাওঁ । সকলো যেন ঠিকেই আছে । টেবুলখনতে হাতৰ ওপৰত মুৰটো থৈ গোটেই ৰাতিখন এটা ভয়ানক কাহিনী পাগুলি পাৰ কৰি দিলোঁ। একতীয়াকৈ থকাৰ বাবে ডিঙিত বিষ অনুভৱ কৰিছোঁ । ওচৰতে ঠিয় হৈ মোৰ ৱালমেট দীপজ্যোতি মোৰ ফালেই ঘোপাকৈ চাই আছে ।
“ সপোনতে গল্প লিখি আটালি নেকি অ’ তই? কালি হ’বলা দুৱাৰ বন্ধ কৰিবলৈকে পাহৰিলি ?” দীপে কলে । সম্বিৎ ঘুৰি অহাত অপ্ৰস্তুত ভাবে মই কলোঁ “তই কেতিয়া আহিলি ?”
“কাহানিবাই আহিছিলোঁ, তই যেতিয়া কোনোবা স্বপ্নালীক সান্ত্বনা দি কান্দি আছিলি। জোঁকাৰি জোঁকাৰি উঠাব নোৱাৰি, এটা ঠিয় ভুকু সুধোৱাত হে । কিবা এটা লিখোঁ বুলি কৈ তই হবলা গোটেই বটল টো গিলি চকীখনতে শুই গলি ।“
এৰা, হয়তো ! যোৱা ৰাতিয়ে দীপজ্যোতি তেওঁৰ ৰূমলৈ যোৱাৰ পাছত গল্প এটা লিখোঁ বুলি বহিছিলো । কেতিয়া,কেনেকৈ শুই পৰিলোঁ গমেই নাপালো ।
দীপজ্যোতিয়ে আকৌ ক’লে “ তোৰ মনত আছেনে যে আজি তোক জ্যোতি চুটীয়া বাইদেউওৱে কাহিনীৰ দেদলাইন দি থৈছে , তাতে এইবাৰ চাচপেন্স থকা কাহিনী লাগে ।“
এৰাতু, লিখোঁ বুলি বহি কোনো এটা কাহিনীয়েই মনলৈ অহা নাছিল , তাতে বাইদেউৱে আলোচনীখনৰ বাবে যেনেকৈ নহওঁক আজিৰ ভিতৰত এটা গল্প লিখি দিবলৈ কৈছে । কাহিনীৰ কাঠুমাটো মনৰ মাজত আঁকি থাকোঁতেই কোন পৰত যে মুৰটো হাউলি পৰিছিল ত’ত ধৰিবই নাপালো । দীপজ্যোতিৰ কাৰনেই সপোনটো আধৰুৱা হৈ থাকিল । অবশ্যে তেওঁৰ ওপৰত খং কৰাৰ পৰিৱৰ্তে আৱদাৰৰ সুৰৰে কলোঁ “ ঐ দীপ, যাচোন আজি পুৱাৰ চাহকাপ তইয়ে বনাগে ।মই এক ঘন্টাৰ ভিতৰত এটা কাহিনী লিখোঁ । আৰু কাহিনীৰ ক্ৰেডিট তোকই দিম দে । “
“ অ, হয়নে নিশাচৰ লেখকজন তাৰমানে আজি দিনৰ পোহৰত গল্প লিখিব । হবদে,,লিখ,লিখ মই চাহ কৰি আছোঁ বাৰু ।“ -হাঁহি হাঁহি তেওঁ পাকঘৰৰ ফালে অগ্ৰসৰ হল। মইও আজি শিৰোনামাৰ পৰাই লিখিব আৰম্ভ কৰিলোঁ যদিও শিৰোনাম ভাবোঁতে সময় লাগে আজি সকলো স্পষ্ট হৈ আছে । শিৰোনাম “সপোনৰ ৰহস্য” নামতেই চাচপেন্স ।
No comments:
Post a Comment