মিচিং টেট শিক্ষকসকলৰ দায়িত্ব আৰু কৰ্তব্য
✍️জাতিৰাম কামান গোগামুখ
ভাৰত স্বাধীন হোৱাৰ আগতে বা স্বাধীনোত্তৰ ভাৰতবৰ্ষত শিক্ষকৰ চাকৰিৰ বাবে বৰ হাঁহাকাৰ কৰিব লগা হোৱা নাছিল।অৰ্থাৎ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো বৰ জটিল নাছিল।যেনেদৰে জটিল নাছিল ঠিক তেনেদৰে শিক্ষকৰ অৰ্হতা থকা শিক্ষিতৰ সংখ্যাও বৰ সীমিত আছিল।মেট্ৰিক পাছ বা নৰ্মাল পাছ কৰা শিক্ষিত ব্যক্তিয়েই এলপি এমই স্কুলৰ চাকৰি অনায়াসে পাব পাৰিছিল আৰু হাইস্কুল বা হায়াৰ চেকেণ্ডাৰীৰ বাবে বিএ,বিএছচি পাছেই যথেষ্ট আছিল।আনকি নৰ্মচ নথকাকৈ এম এ পাছ কৰিও কলেজৰ প্ৰবক্তা অনায়াসে হব পাৰিছিল।অৱশ্যে তেতিয়াৰ দিনত এম এ পাছ বি এ পাছ আঙুলিৰ মূৰত গনিব পৰা অৱস্থাত আছিল।
যুগ বদলিল।শিক্ষিতৰ সংখ্যাও দহ গুণে বাঢ়িল।নগৰ চহৰটো বাদেই,গাঁৱে ভূঞেও শিক্ষিতৰ সংখ্যা পাইকাৰী হাৰত বাঢ়িল।ডিগ্ৰীধাৰী শিক্ষিত নিবনুৱা অসংখ্য হোৱা বাবে স্কুল কলেজৰ চাকৰিও সহজে নোপোৱা হল।আজিকালি এলপি এমই কে আদি কৰি যিকোনো শিক্ষকৰ চাকৰিৰ বাবে টেট পৰীক্ষাত কুৱালিফাই হোৱাতো বাধ্যতামূলক হৈ পৰিল।অকল TET পাছ কৰিলেই নহব,প্ৰাথমিক আৰু মাধ্যমিক স্কুলৰ শিক্ষকৰ বাবে D El Ed. থাকিব লাগিব,হাইস্কুল ও হায়াৰ চেকেণ্ডাৰীৰ বাবে B Ed. আৰু কলেজ শিক্ষকৰ বাবে NET বা SLET পাছ কৰিব লাগিব।অৱশ্যে নতুন কেন্দ্ৰীয় শিক্ষানীতি মতে কলেজৰ শিক্ষক হবলৈ ৰিছাৰ্চ স্কলাৰ হব লাগিব।অৰ্থাৎ ডক্তৰেট ডিগ্ৰীধাৰী হব লাগিব।
ইয়াতেই প্ৰতীয়মান হয় যে আজিকালি শিক্ষকৰ চাকৰি পাবলৈ কিমান মস্কিল হল!মস্কিলেই নহয় বৰঞ্চ শিক্ষক হোৱাতোও দুৰূহ হৈ পৰিল।আগতে ভেন্সাৰ স্কুল কলেজ খুলিও শিক্ষক প্ৰফেছৰ বুলি চিনাকি দিব পাৰিছিল।আজিকালি সেই মুদাও মৰিল।ভেন্সাৰ স্কুল কলেজ খোলাত চৰকাৰে প্ৰতিবন্ধন লগালে।অসমৰ সৰহ সংখ্যক শিক্ষিত ছাত্ৰ ছাত্ৰীয়ে শিক্ষা বিভাগৰ অধীনত শিক্ষাবৃত্তিক বাছি লোৱা বাবে শিক্ষক পদৰ বাবে সৰ্বাধিক কেণ্ডিডেট হোৱা দেখা যায়।তেনে পৰিপ্ৰেক্ষিতত নতুন শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত প্ৰতিযোগিতামূলক পৰীক্ষা পতাৰ লগতে একাডেমিক কেৰিয়াৰৰ ভিত্তিত অগ্ৰাধিকাৰ দিয়াতো অতি উচিত পদক্ষেপ হৈছে বুলি ধৰিব পাৰি।তেনে দৃষ্টিকোণেৰে স্কুলৰ টেট শিক্ষক সকলো উপযুক্ত মাপদণ্ডৰে নিযুক্ত একো একোটি শিক্ষক।আমাৰ আলোচনাৰ মূল বিষয়বস্তুৱেই হল সেই TET শিক্ষকসকলৰ দায়িত্ব আৰু কৰ্তব্য।
আমি আগতেই কৈ আহিছোঁ যে পূৰ্বতে শিক্ষক হবলৈ বৰ হামৰাও কাঢ়িব লগা হোৱা নাছিল।প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা থাকিলেই সহজে শিক্ষক হব পাৰিছিল।সেইবুলি আগৰ শিক্ষকসকল কম মগজুৰ ভোদা শিক্ষক আছিল বুলি কোৱাৰ আমাৰ ধৃষ্টতা নাই।আমাৰ বোধেৰে আগৰ শিক্ষকচামৰ শিক্ষাগত মানদণ্ড যথেষ্ট পৰিমাণে উন্নত হোৱাৰ লগতে শিক্ষণ পদ্ধতিও আছিল অন্যন্য।এলপি স্কুলৰ শিক্ষাগুৰুক আমি পণ্ডিতহে বুলিছিলোঁ।সঁচাকৈ তাহানিৰ প্ৰাথমিক বিদ্যালয়ৰ কিছুমান শিক্ষক সাক্ষাৎ পণ্ডিতেই আছিল।তেতিয়াৰ এম ই/এম ভি স্কুলত পঢ়োৱা নৰ্মাল পাছ শিক্ষকৰ পাটী গনিতৰ যি জ্ঞান সেই জ্ঞান তুলনামূলক ভাৱে আজিৰ চাম শিক্ষকৰ নাই বুলি ক’লেও বঢ়াই কোৱা নহব নিশ্চয়!
TET Teacher বুলি ক’লে আজিকালি ছাত্ৰ ছাত্ৰী সমন্বিতে অভিভাৱক শ্ৰেনীটোৱে বেলেগ দৃষ্টিৰে চায়।বেলেগ দৃষ্টি মানে তেওঁবিলাকক চোকা শিক্ষক বুলি গন্য কৰে।টেট পাছ শিক্ষকৰ পৰা ছাত্ৰ ছাত্ৰী নালাগে অভিভাৱক সকলেও প্ৰয়োজনতকৈ বেছি আশা কৰে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰা সন্দৰ্ভত।আগতে শিক্ষক নিযুক্তিত শিক্ষকতা কৰিব পৰাৰ মাপদণ্ড নাছিল কিন্তু আজিকালি Teacher হবলৈ Eligible হব লাগিব বাবেই Teacher’s Eligibility Test লোৱা হয় আৰু সেই ইলিজিবিলিটি টেষ্টত সসন্মানে উত্তীৰ্ণ হলেই টিচাৰ হব পাৰি।
অসমত TET লৈ শিক্ষক মকৰল কৰা এটা দশক হল।টেট শিক্ষকৰ তালিকাত মিচিং জনগোষ্ঠীৰ শিক্ষকো ভালেসংখ্যক আছে।সমুদায় টেট শিক্ষকৰ আনুপাতে কিছু কম হলেও একেবাৰে তাকৰ বুলিও ক’ব নোৱাৰি।আমাৰ লেখেৰে বুজন সংখ্যক টেট শিক্ষক আছে মিচিং সম্প্ৰদায়ৰ পৰা।আমি জনাত টেট পাছ মিচিং শিক্ষকসকলৰ প্ৰায় সকলোবিলাকেই একো একো গৰাকী মেধাসম্পন্ন শিক্ষক।এইখিনিতে আমাৰ আহ্বান যে অকল মেধাসম্পন্ন হলেই নহব শিক্ষক হৈ জনগোষ্ঠীটোৰ বাবে কৰিব পৰা কাম বহুত আছে।টেট পাছ টিচাৰসকলৰ প্ৰায় ভাগেই উঠি অহা যুৱক।মেধাৰ লগতে তেওঁলোকৰ আছে অফুৰন্ত কৰ্মশক্তি আৰু উদ্যম।সেই কৰ্মোদ্যম আৰু মেধাক মূলধন হিচাপে লৈ তেওঁলোকে উঠি অহা প্ৰজন্মক জ্ঞানৰ বাট দেখুৱাব পাৰে।
তেনে কৰিবলৈ প্ৰথমেই তেওঁলোক একেটা মঞ্চৰ তলত একত্ৰিত হব লাগিব।আমাৰ বোধেৰে শদিয়াৰ পৰা শোনিতপুৰলৈ,জোনাইৰ পৰা মাজুলী গোলাঘাটলৈ নিশ্চয় সকলো জেগাতে কম বেছি পৰিমাণে টেট শিক্ষক আছে।সেই সকলো টেট শিক্ষকে সামাজিক মাধ্যমত একত্ৰিত হৈ বিদ্যাতনিক চৰ্চা কৰিব পাৰে!আমি নাজানো সদৌ মিচিং টেট শিক্ষক সকলৰ whatsup গ্ৰুপ আছেনে নাই?হয়তু আছে?অথবা নাই।যিকিনহওঁক,টেট শিক্ষকসকলে তেনে এটা মঞ্চৰ ছত্ৰছাঁয়াত একেলগে অৱস্থান কৰাতো অতীৱ প্ৰয়োজনীয়।
এতিয়া আহোঁ প্ৰেকটিকেল কথালৈ।এই মঞ্চৰ যোগেদি টেট শিক্ষকসকলৰ কৰণীয় কি কি হব?
প্ৰথম কথা,একো একোগৰাকী শিক্ষক ওলাই আহিব লাগিব শিক্ষাদান কৰিবলৈ যাৰ যি বিষয়ত ব্যুত্পত্তি আছে।ধৰাহওঁক,এজন শিক্ষকৰ ভূগোলৰ ওপৰত ভাল জ্ঞান আছে!সেইজনে নিজৰ জন্মস্থানকে আদি কৰি চুবা,গাওঁ,মৌজা,
তেহচিল,জিলা,ৰাজ্য,দেশ,মহাদেশৰ লগতে পৰ্বত,পাহাৰ,নদ নদী,সাগৰ,অভৰাণ্যৰ বিষয়ে পুংখানুপুংখ ৰূপে ছাত্ৰ ছাত্ৰীক জ্ঞান দিব পৰাকৈ,লগতে অক্ষাংশ,দ্ৰাঘিমাংশ বিষয়ক সম্যক ধাৰণা এটা দিবলৈ প্ৰথমে টোকা এটা প্ৰস্তুত কৰি লব লাগিব।ঠিক তেনেকৈ বিজ্ঞান,কম্প্যুটাৰ শিক্ষা,গনিত,সাধাৰন জ্ঞান,ইতিহাস,সাহিত্য,সমাজ
বিদ্যা আদি যাৰ যি বিষয়ত দখল আছে,প্ৰত্যেকেই নিজাববীয়াকৈ টোকাবোৰ প্ৰস্তুত কৰি লব লাগে।
ইয়াৰ পাছত শিক্ষকসকলে গ্ৰুপত সমবেত হৈ চেমিনাৰ আকাৰে নিজা নিজা টোকাবোৰৰ এটা পৰীক্ষামূলক পাঠদান কৰিব পাৰে।তেনেদৰে গ্ৰুপত মনোনিত শিক্ষকসকলৰ দ্বাৰা অনলাইন কচিং কৰাব পাৰে পঞ্চম শ্ৰেনীৰ পৰা দশম শ্ৰেনীৰ ছাত্ৰ ছাত্ৰীক।একাদশ বা দ্বাদশ শ্ৰেনীৰ ছাত্ৰ ছাত্ৰীও অংশগ্ৰহন কৰিব পৰাকৈ শিক্ষকগৰাকীয়ে নিজকে প্ৰস্তুত কৰি লব লাগে।
অনলাইন বা ভাৰ্চুৱেল ক্লাছ গাঁৱৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে সম্ভৱ নহবও পাৰে!কাজেই,শিক্ষকসকলে আজৰি পৰত নিজ নিজ অঞ্চললৈ আহি অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক নিৰ্দিষ্ট সময় এটা দি এটা নিৰ্দিষ্ট স্থানত নূন্যতম পাঠদানৰ ব্যৱস্থা কৰিব পৰা যায়।ইয়াত ব্যাপক হাৰত ছাত্ৰ ছাত্ৰীক যোগদান কৰোৱাই,বহুদিনৰ বাবে বিস্তৃত জ্ঞান দিবলৈ কোৱা নাই আৰু এয়া সম্ভৱো নহয়।
এয়া মাথোঁ এটা আৰ্হিমূলক পদক্ষেপহে হব।তেনে কৰাৰ মূল অভিপ্ৰায় হল অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ প্ৰতি ধাউতি জন্মোৱা।তেওঁবিলাকক সকলো খৰছি মাৰি শিকাব নোৱাৰিলেও অন্তত প্ৰাথমিক জ্ঞানখিনি দি পঢ়াৰ আগ্ৰহখিনি বঢ়াব পাৰিলেও এয়া অন্ততঃ সিহঁতৰ বাবে এটা stepping stone হব!
আমাৰ লক্ষ্য হোৱা উচিত গ্ৰাম্য সমাজত শিক্ষাৰ সজাগতা অনা আৰু প্ৰত্যেকখন গাঁৱৰ ল’ৰা ছোৱালীক পঢ়াৰ প্ৰতি ধাউতি যোগোৱা আৰু উদ্দেশ্য হব অন্ততঃ দহগৰাকীকৈ হলেও ভাল মানৱ সম্পদৰ সৃষ্টি কৰা।তেনে কৰিলে গাঁৱত নিশ্চয় শিক্ষাৰ প্ৰতি এটা সজাগতা আহিব।একো নকৰি থকাতকৈ কিবা এটা ভাল কৰি গাঁৱত এটা শৈক্ষিক পৰিৱৰ্তন আনিব পৰাতো সমাজৰ প্ৰতি আগবঢ়োৱা এটি গঠনমূলক কাম হব।আৰু এই গৰাকী শিক্ষকে আগবঢ়োৱা এই প্ৰয়াস দৃষ্টান্ত হৈ ৰব পৰৱৰ্তী কালত।
প্ৰথম পৰ্য্যায়ত টেট শিক্ষকসকলে নিজা নিজা গাওঁ আৰু অঞ্চলত বিদ্যাতনিক শিক্ষা আৰম্ভ কৰি প্ৰত্যেক গাঁৱতে এটাকৈ বুনিয়াদ(Base)তৈয়াৰ কৰি লব লাগে।এইখিনিতে এটা অসুবিধা আৰু বাধা আহি পৰিব পাৰে স্থানীয় শিক্ষকৰ পৰা।ইয়াত টেট শিক্ষকজনৰ কৰণীয়খিনি হব এইধৰণৰ__
প্ৰথম কথা,তেওঁ অবৈতনিকভাৱে ছাত্ৰ ছাত্ৰীক পাঠদান কৰিব লাগিব।দ্বিতীয়তে তেওঁ টেট শিক্ষকসকলৰ পৃষ্ঠপোষকতাত নিয়োজিত টেলেন্ট ছাৰ্চ টেষ্ট(TST)ৰ বাবে ছাত্ৰ ছাত্ৰীক প্ৰস্তুতি চলাব।
তেনে অভিপ্ৰায়েৰে ছাত্ৰ ছাত্ৰীক পাঠদান কৰিলে নিশ্চয় অসুবিধাৰ সন্মুখীন নহব।
এইখিনিতে প্ৰণিধানযোগ্য যে ওপৰত কৈ অহা TST অৰ্থাৎ Talent Search Testৰ আৰ্হি টেট শিক্ষকৰ মঞ্চতেই প্ৰস্তুত কৰি লব লাগে।ত্ৰিমাসিক কৰিব নোৱাৰিলেও অন্ততঃ ছমহীয়া বা বছেৰেকীয়া পৰীক্ষা এটা পাতি কিছু এককালীন জলপানীৰে অন্ততঃ বিশগৰাকী ছাত্ৰ ছাত্ৰীক TST চাৰ্টিফিকেট All Mishing TET Teachers Associationৰ ফালৰ পৰা প্ৰদান কৰাৰ ব্যৱস্থা কৰিব পাৰি।
ওপৰত কোৱা কথাখিনি টেট শিক্ষকৰ আনুষংগিক কামহে।মূল কামটোৱেই হল গাঁৱৰ দুৰ্বল,কম মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলক জ্ঞানৰ পোহৰ দি আগুৱাই নিয়া।গাঁৱৰ এশ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত অন্ততঃ দহগৰাকীকো যদি ভাল শিক্ষাৰে শিক্ষিত কৰি মানৱ সম্পদ গঢ়ি তুলিব পাৰে তেন্তে এয়া সেইগৰাকী টেট শিক্ষকৰ জীৱনত এটা ডাঙৰ সাফল্য হৈ পৰিব পাৰে!একো নকৰাকৈ থকাতকৈ কিবা এটা ভাল কাম কৰি যোৱাৰ আপত্তিনো ক’ত?
আমি গোটেই শিক্ষক সমাজকে সমালোচনা কৰিবলৈ যোৱা নাই কিন্তু আমি এনে শিক্ষক বহুত পাইছো যিসকলে নিজৰ ভুল আৰু সীমিত জ্ঞানেৰে ছাত্ৰ ছাত্ৰীসকলক ভুল শিক্ষা দি আহিছে।কাজেই বহু ছাত্ৰ ছাত্ৰীয়ে পৰৱৰ্তী কাললৈ সেই ভুল শিক্ষাকেই লৈ স্কুল কলেজৰ দেওনা পাৰ কৰি যায়।উদাহৰন স্বৰূপে বহু শিক্ষকৰেই শুদ্ধ ভাষাজ্ঞান নাথাকে।শুদ্ধ বানান,শুদ্ধ উচ্ছাৰণ আৰু শুদ্ধ বৰ্ণপ্ৰয়োগ বহুতেই নাজানে।কাজেই,ছাত্ৰ ছাত্ৰীসকলকো অশুদ্ধ বানান,উচ্ছাৰণ আৰু বৰ্ণপ্ৰয়োগেৰে শিক্ষাদি একেই গতি কৰি পেলায় নিৰীহ ছাত্ৰ ছাত্ৰীৰ।আমাৰ বদ্ধমূল ধাৰণা যে অন্ততঃ টেট শিক্ষকসকল তেনে বিসংগতিৰ পৰা মুক্ত।
অকল টেট শিক্ষকৰ কথা কৈ আমি শিক্ষকসমাজক ভাগ কৰিব বিচৰা নাই যদিও আমাৰ লেখনিৰ মূল উদ্দেশ্যই হল টেট শিক্ষকক লৈহে।আমি সেইকাৰণেই টেট শিক্ষকক বাছি লৈছোঁ যিহেতু তেওঁলোক এটা শিক্ষাগত এচিড টেষ্টৰ পৰা পাৰ হৈ আহি এই বৃত্তিত জড়িত হৈছে।
এজন ভাল ছাত্ৰ গঢ়িবলৈ নিজেই এজন ভাল ছাত্ৰ হব লাগিব।ছাত্ৰক পৰীক্ষা কৰিবলৈ নিজেই পৰীক্ষাত উত্তীৰ্ণ হব লাগিব।নিজে তেনে মেধাভিত্তিক পৰীক্ষা গৰকি আহিছে যেতিয়া নিশ্চয় ছাত্ৰ সমাজক ভাল শিক্ষাই দিব পাৰিব টেট পাছ কৰা শিক্ষকসকল।গতিকে আমাৰ মূল টাৰ্গেটেই হল টেটশিক্ষক।
সদৌ শেষত সকলো মিচিং টেট শিক্ষকক আমাৰ বিনম্ৰ আহ্বান যাতে তেওঁলোকে নিয়মীয়া পাঠদানৰ ওপৰিও আজৰি পৰত,বিশেষকৈ গ্ৰীষ্মকালীন আৰু জাৰকালীন বন্ধবোৰত নিজৰ নিজৰ জেগালৈ আহিলে অন্ততঃ এটা বন্ধকালীন পাঠদানৰ ব্যৱস্থা কৰিব পাৰে।তিনি সপ্তাহ নহলেও,পষেকৰ বাবে,পষেকৰ বাবে নোৱাৰিলেও নূন্যতম এসপ্তাহৰ বাবে জৰুৰীকালীন পাঠদান কৰিব পাৰিলে কিছু পৰিমাণে হলেও গঞাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হব।আমাৰ লক্ষ্য আৰু উদ্দেশ্য হব লাগে quality productৰ ওপৰত।Quantity হিচাপে নহয়।
ধৰি ললোঁ অসমত এশ গৰাকীমান মিচিং টেট শিক্ষক আছে।যদি প্ৰত্যেক গৰাকী শিক্ষকে নিজ গাওঁ বা অঞ্চলৰ অন্ততঃ দহগৰাকীকৈ ছাত্ৰ ছাত্ৰীক মানৱ সম্পদৰ বাবে প্ৰস্তুত কৰিব পাৰে তেন্তে ১০০x১০=১০০০,এহেজাৰ গৰাকী মানৱ সম্পদ গঢ়ি তুলিব পাৰিব মিচিং অধ্যুষিত অঞ্চলত।যদিহে ৫ গৰাকীও গঢ়ি তুলিব পাৰে তেন্তে ৫০০ গৰাকী মেধাসম্পন্ন ছাত্ৰ প্ৰস্তুত হব আৰু একেবাৰে নাই কমেও এজনকৈও যদি মেধাৱী ছাত্ৰ তৈয়াৰ কৰিব পাৰে তেন্তে বছৰি অন্ততঃ আমি ১০০(এশ গৰাকী)মেধাৱী ছাত্ৰ ছাত্ৰী মিচিং সমাজৰ পৰা পাবলৈ সক্ষম হম।এয়া মিচিং সমাজৰ বাবে প্ৰয়োজনাধিকভাৱেই যথেষ্ট আজিৰ তাৰিখত।আজিৰ TET শিক্ষক সমাজে কথাটো দ কৈ ভাৱি চাই আগ বাঢ়িলে নিশ্চয় মিচিং শিক্ষাৰ ক্ষেত্ৰত এটা অনুঘটকৰ কাম কৰিব এয়া ধুৰূপ॥
No comments:
Post a Comment