উন্নয়ণ প্ৰকল্প পৰিৱেশ আৰু আমি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, July 15, 2021

উন্নয়ণ প্ৰকল্প পৰিৱেশ আৰু আমি

 উন্নয়ন প্ৰকল্প , পৰিবেশ আৰু আমি

                                                   ✍️অঞ্জুমনি দত্ত

                                           চিৰিং চাপৰি, ডিব্ৰুগড়




      কোনো এখন দেশৰ অৰ্থনৈতিক উন্নয়ন দেশখনৰ অৰ্থনীতিৰ তিনিওটা খণ্ড অৰ্থাৎ কৃষিখণ্ড , উদ্যোগ খণ্ড আৰু সেৱাখণ্ডৰ উন্নয়নৰ ওপৰত নিৰ্ভৰ কৰে । দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন উন্নয়ন প্ৰকল্প হাতত লয়। এনে প্ৰকল্পসমূহৰ কাৰ্যকাৰিতাৰ বাবে জনসাধাৰণে সহযোগিতা আগবঢ়োৱাটো নাগৰিক হিচাপে প্ৰতিজন ব্যক্তিৰ কৰ্তব্য । কিন্তু বহু সময়ত এনে উন্নয়ন প্ৰকল্পসমূহে পৰিবেশ তথা জৈৱ বৈচিত্ৰতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱা দেখা যায় । এনে নেতিবাচক প্ৰভাৱ যিমান পাৰি সিমান কম কৰি পৰিবেশৰ ভাৰসাম্যতা ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় । এনে ক্ষেত্ৰত জনসাধাৰণৰ সচেতনতা নিতান্তই জৰুৰী । জনসাধাৰণৰ সচেতনতাৰ বাবেই বিভিন্ন সময়ত পৰিবেশ ৰক্ষাৰ স্বাৰ্থত জনসাধাৰণে বহুতো উন্নয়ন প্ৰকল্পৰ বিৰোধিতা কৰি অহা দেখা গৈছে ।

               বিগত কিছু সময় ধৰি ভাৰত চৰকাৰে গ্ৰহণ কৰা কিছুমান উন্নয়ন প্ৰকল্পই পৰিবেশৰ ওপৰত অতি বিৰূপ প্ৰভাৱ পেলোৱা দেখা গৈছে । ২০২০ বৰ্ষৰ ২৪ এপ্ৰিল তাৰিখে কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰৰ নেতৃত্বত গঠন হোৱা National Board of Wildlife (NBWL) ৰ বিশেষজ্ঞ কমিটিখনে ভাৰতবৰ্ষৰ বহুকেইখন অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ একাংশত উন্নয়ন প্ৰকল্পৰ বাবে অনুমতি প্ৰদান কৰাত ই অভয়াৰণ্যকেইখনৰ জৈৱ বৈচিত্ৰতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । ইয়াৰ লগে লগে সচেতন মহলে এই প্ৰকল্পৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰিছে । এই প্ৰকল্পই সামৰি লোৱা প্ৰধান অভয়াৰণ্য কেইখন হৈছে-

১/ দিহিং পাটকাই অভয়াৰণ্য , অসম (Dehing Patkai Wild life Sanctuary .)

২/ ভগৱান মহাবীৰ অভয়াৰণ্য আৰু মলেম ৰাষ্ট্ৰীয় উদ্যান , গোৱা ( Bhagwan Mahabir Wildlife Sanctuary and Mollem National Park )

            পূৱৰ আমাজন হিচাপে খ্যাত দিহিং পাটকাই বৰ্ষাৰণ্য উত্তৰ পূৱ ভাৰতৰ সবাতোকৈ বৃহৎ বৰ্ষাৰণ্য । প্ৰায় ৫৭৫০০ হেক্টৰ ( ৫৭৫ sqkm) ভূমি জুৰি থকা এই বৰ্ষাৰণ্য খনৰ অন্তৰ্গত দিহিং পাটকাই অভয়াৰণ্য ই ১১৭০০হেক্টৰ ( ১১৭ sqkm) ভূমি আগুৰি আছে । বহুতো লুপ্তপ্ৰায় আৰু স্পৰ্শকাতৰ উদ্ভিদ আৰু প্ৰাণীৰ বাসভূমি এই অভয়াৰণ্য হস্তী সংৰক্ষণ ক্ষেত্ৰ হিচাপে বিশেষভাৱে জনাজাত হোৱাৰ উপৰিও এই বৰ্ষাৰণ্য নাহৰফুটুকী বাঘ , গিবন , ক’লা ভালুক , ৰঙা উৰণীয়া কেৰ্কেটুৱা , ঢেকীয়াপতিয়া বাঘ , নেউল , প্ৰায় ২০০ প্ৰজাতিৰ চৰাই , ১০১ প্ৰজাতিৰ অৰ্কিড , বিভিন্ন সৰীসৃপ , পখিলা আদিৰ আবাসস্হল ।

              NBWL ৰ বিশেষজ্ঞ কমিটিয়ে এই অৰণ্যৰ প্ৰায় ৯৮.৫৯ হেক্টৰ ভূমিত কয়লাৰ খনন আৰু পথ নিৰ্মাণৰ বাবে ক’ল ইণ্ডিয়া লিমিটেডক ( Coal India Limited ) অনুমতি প্ৰদান পিছতেই সমগ্ৰ অসমজুৰি ইয়াৰ বিৰুদ্ধে সচেতন জনসাধাৰণে প্ৰতিবাদ আৰম্ভ কৰিছিল । এই খনন আৰু পথ নিৰ্মাণে যাতে অভয়াৰণ্যখনৰ বিৰল প্ৰাণী আৰু উদ্ভিদসমূহৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে এই প্ৰকল্প বন্ধ কৰিবলৈ বৃহৎ জনমত গঢ়ি তোলা হৈছিল । সামাজিক মাধ্যমত # Save Dehing Patkai আৰু # I m Dehing Patkai ৰ জৰিয়তে জনতাই এই প্ৰকল্পৰ বিৰোধিতা কৰিছিল । ইয়াৰ ফলশ্ৰুতিতেই অভয়াৰণ্যখনত এই প্ৰকল্পৰ কাৰ্যকাৰিতা সাময়িকভাৱে স্হগিত ৰখা হয় যদিও ভৱিষ্যতে কি পদক্ষেপ গ্ৰহণ কৰা হয় সেয়া লক্ষণীয় হ’ব । অৱশ্যে ০৫ জুন ২০২১ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাত ই এক আশাৰ বতৰা কঢ়িয়াই আনিছে ।

              ২৪ এপ্ৰিল , ২০২০ তাৰিখে NBWL ৰ কমিটিয়ে দিয়া অনুমোদন অনুসৰি এই উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত তিনিটা প্ৰকল্পই সামৰি লোৱা আন এখন অভয়াৰণ্য হৈছে ভগৱান মহাবীৰ অভয়াৰণ্য আৰু ইয়াৰ অন্তৰ্গত মলেম ৰাষ্ট্ৰীয় উদ্যান । বিভিন্ন বন্যপ্ৰাণী আৰু চৰাইৰ বাবে বিখ্যাত এই অভয়াৰণ্য প্ৰায় ৭২১ প্ৰজাতিৰ উদ্ভিদ , ২৩৫ প্ৰজাতিৰ চৰাই , ২১৯ প্ৰজাতিৰ পখিলা, ৭০বিধ স্তন্যপায়ী , ৪৫ বিধ সৰীসৃপ , ২৪ প্ৰজাতিৰ অৰ্কিডৰ আবাসভূমি । লুপ্তপ্ৰায় ধনেশ পক্ষীৰ লগতে স্পৰ্শকাতৰ অৱস্থাত থকা প্ৰায় ১৮ বিধ প্ৰজাতিৰ চৰাই ইয়াত পোৱা যায় ।

                NBWL ৰ কমিটিয়ে দিয়া অনুমোদন অনুসৰি ২৪০০০ হেক্টৰ জুৰি থকা এই অভয়াৰণ্যৰ ৮৫.৫০ হেক্টৰ ভূমি শক্তি প্ৰকল্প , ৩২.০৮৫ হেক্টৰ ভূমি NH4A বহল কৰিবৰ বাবে মুকলি কৰি দিয়া হয় । ইয়াৰ পূৰ্বে ২০১৯ চনৰ ডিচেম্বৰ মাহত অভয়াৰণ্যখনৰ ১৬.৫১ হেক্টৰ ভূমি ৰেল লাইন প্ৰকল্পৰ বাবে মুকলি কৰি দিয়া হৈছিল ।

            অভয়াৰণ্যখনৰ জৈৱ বৈচিত্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্পৰ বিৰোধিতা কৰি ৪ জুন, ২০২০ তাৰিখে প্ৰায় ১৪৯ জন পৰিবেশ সংৰক্ষণকাৰী , বিজ্ঞানী , শিল্পী আৰু সচেতন নাগৰিকে অভয়াৰণ্যখনৰ ৰক্ষণাবেক্ষণৰ বাবে কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল । ইয়াৰ সমসাময়িকভাৱে স্হানীয় অঞ্চলৰ জনসাধাৰণেও শান্তিপূৰ্ণ সমদল , গীত নৃত্য আদিৰ মাধ্যমেৰে এই প্ৰকল্প বাতিল কৰিবলৈ দাবী জনাই আহিছে ।। জনসাধাৰণৰ এনে প্ৰতিবাদৰ বিপৰীতে গোৱাৰ শক্তিমন্ত্ৰী নিলেশ কেৱৰালে ( Nilesh Cabral ) এই শক্তি আৰু ৰেলৱে প্ৰকল্পৰ জৰিয়তে প্ৰদেশখনৰ হ’ব পৰা লাভালাভৰ বিষয়ে অৱগত কৰি জনসাধাৰণক পতিয়ন নিয়াবৰ প্ৰচেষ্টা কৰা দেখা গৈছে । এই প্ৰতিবাদ তথা জনমত আৰু চৰকাৰৰ পদক্ষেপৰ ওপৰতে নিৰ্ভৰ কৰিব অভয়াৰণ্যখনৰ ভৱিষ্যত ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages