অৰণ্য মানৱ যাদৱ পায়েঙৰ কৰ্মসংস্কৃতি আৰু আমিবোৰ
✍️ কৃষ্ণ কান্ত মেদক,
২ নং ভাটি মেদক গাওঁ, অৱনৰি
এগৰাকী প্ৰকৃতি প্ৰেমী আৰু তেওঁৰ কৰ্মসংস্কৃতি।যাৰ নামেই পৰিচয়।বহুজনে কৰিব নোৱাৰা কাম এটা অকলেই কৰি দেখুৱাইছে।সেউজীয়া আৰু প্ৰকৃতিৰ সৈতে গঢ়ি তুলিছে তেওঁ এক আত্মিক সম্পৰ্ক।যি সময়ত আমাৰ সমাজত প্ৰাকৃতিক পৰিৱেশ ধ্বংসৰ গৰাহত এইটো সময়তে নিৰলস সাধনাৰে প্ৰকৃতি সংৰক্ষণ কৰি গৈছে তেওঁ।তেওঁ দেশৰ লগতে বিশ্বৰ বুকুত অৰণ্য মানৱ হিচাপে নিজৰ নাম খুধিত কৰি প্ৰকৃতি প্ৰেমৰ প্ৰতি থকা সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।নাম যাদৱ পায়েং বা মূলাই পায়েং।এইগৰাকী মনীষিৰ বিষয়ে সকলোৱে জানে যদিও প্ৰসংগক্ৰমে থুলমূলকৈ ইয়াত আলোচনা কৰিব বিচাৰিছো।অৰণ্য মানৱ যাদৱ পায়েঙৰ জন্ম হৈছিল ১৯৬৩ চনত যোৰহাট জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ মাজৰ বৰঘোগ নামৰ এটা চাপৰিত। পিতৃ লক্ষীৰাম পায়েং আৰু মাতৃ আফুলি পায়েং। পৰিয়ালৰ তেৰটা সন্তানৰ ভিতৰত যাদৱ আছিল তৃতীয় সন্তান। ১৮২৬ চনত সেই ঠাইত বৃটিছ আৰু মানৰ যুদ্ধ চলিছিল, যি যুদ্ধত মান হাৰিছিল। তাতেই এটা জাহাজ-ঘাটো আছিল, আৰু তাত ৰেল-সেৱা প্ৰতিষ্ঠা কৰা হৈছিল। কিন্তু, পায়েঙৰ ছবছৰ বয়সত, খহনীয়াত তেওঁলোকৰ গাওঁখনৰ লগতে ওচৰৰ বহু ঠাই ব্ৰহ্মপুত্ৰত জাহ গ’ল। ফলত সেই চাপৰিটো এৰি কেইবাখনো গাঁৱৰ মানুহ বহু দূৰলৈ উঠি গ’ল। কিন্তু তাৰ কেইবছৰমানৰ পিছতে ব্ৰহ্মপুত্ৰই তাতেই পুনৰ চাপৰি গঢ়াত কিছুসংখ্যক মানুহে পুৰণি গাওঁ আৰু নদীৰ মোহত পুনৰ চাপৰিলৈ উভটি আহে।ঘৰৰ আৰ্থিক অনাটনৰ বাবে যাদৱ পায়েং শৈশৱত আনৰ ঘৰত থাকি যোৰহাটৰ বালিগাঁৱৰ জগন্নাথ বৰুৱা আৰ্য বিদ্যাপীঠ বিদ্যালয়ত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰি আধাতে শিক্ষা জীৱন সামৰিব লগা হৈছিল। আৰ্থিক অনাটনৰ বাবে পিছত তেওঁৰ অধিক পঢ়া নহ’ল। পিছত, জীৱিকাৰ সন্ধানত পায়েঙে দেশৰ বিভিন্ন ঠাই ঘূৰিলে যদিও শেষত নিজৰ চাপৰিটোলৈ পুনৰ ঘূৰি আহিল।১৯৭৯ চন।১৯ বছৰ বয়সত এদিন তেওঁ হঠাৎ দেখিলে যে গ্ৰীষ্মকালৰ প্ৰখৰ ৰ'দত বাঢ়নী পানীত উটি অহা সাপবোৰ পানী শুকাই যোৱাৰ পিছত মুকলি বালিচহীয়া মাটিত সাপবোৰ পৰি আছে। প্ৰখৰ ৰ’দৰ তাপৰ উষ্ণতাত সহ্য কৰিব নোৱাৰি শতাধিক সাপ জঠৰ হৈ পৰি থকা দেখি পায়েঙৰ মনত দুখ লাগিছিল।গৰমৰ উত্তাপত অসহায় সাপবোৰৰ মৰা দেখি যাদৱ পায়েঙৰ চকুত চকুলো নিগৰিল। বিষয়টো তেওঁৰ অন্তৰত বাৰে বাৰে দুলা দি থাকিল।গাঁৱৰ ওচৰৰে দেউৰী সম্প্ৰদায়ৰ জ্যেষ্ঠ সকলক লগ কৰি বিষয়টো অৱগত কৰি পৰামৰ্শ ল'লে। গাঁৱৰ জ্যেষ্ঠ সকলে যাদৱ পায়েঙক এনে পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ হ'লে বিশ্বৰ আটাইতকৈ ওখ ঘাহ ৰুবলৈ পৰামৰ্শ দিলে।প্ৰথম অৱস্থাত তেওঁ বিশ্বৰ আটাইতকৈ ওখ ঘাহটোৰ বিষয়ে বুজি পোৱা নাছিল।তেতিয়া গাঁৱৰ জ্যেষ্ঠ সকলে বিশ্বৰ আটাইতকৈ ওখ ঘাহৰ বিষয়ে বুজাই দিছিল।লগে লগে যাদৱ পায়েঙে সেইটো ঠাইত ৫০ টামান বাঁহৰ মূঢ়া ৰোৱাৰ ব্যৱস্থা কৰিলে।তাৰ পিছত ক্ৰমান্বয়ে এদিন-দুদিনকৈ এজোপা-দুজোপা গছপুলি ৰোৱা আৰম্ভ কৰিলে।তেতিয়াৰ পৰাই তেওঁ নিৰলসভাৱে চলাই গৈ থাকিল “ঔৱনা চাপৰি” নামৰ চাপৰিটোত বিবিধ গছপুলি ৰোৱাৰ কাম। গছপুলি ৰোৱাৰ উপৰিও প্ৰতিপালন কৰি থাকোতে এদিন অঢব্য অৰণ্যলৈ পৰিণত হ'ল। হাবিখন যিমানেই ডাঙৰ হৈ আহিল ইমানেই বনৰীয়া হাতী, হৰিণাকে ধৰি ভিন্ন প্ৰজাতিৰ জীৱ-জন্তু, চৰাই-চিৰিকতি আদিৰ আশ্ৰয় স্থলীলৈ ৰূপান্তৰিত হ'ল।জীৱ-জন্তু, চৰাই-চিৰিকটিৰ কাকলিত মুখৰিত হৈ উঠিল হাবিখন। এদিন হাতীয়ে খাদ্যৰ সন্ধানত ওচৰৰ গাঁৱত প্ৰৱেশ কৰি মানুহৰ ঘৰতো আক্ৰমণ কৰিবলৈ ধৰিলে। যাদৱ পায়েঙে গঢ়ি তোলা হাবিখন গাঁৱৰ কাষতে থকা বাবে হাতীৰ সমস্যা হোৱা বুলি একাংশই অভিযোগ উত্থাপন কৰি গছবোৰ কাটিবলৈ ধৰিলে।আনকি গাঁৱৰ মানুহে যাদৱ পায়েঙৰ বিৰুদ্ধে নানা ধৰণৰ কথা ক'বলৈ আৰম্ভ কৰিল।এদিন যেতিয়া গাঁৱৰ একাংশ ব্যক্তিয়ে গছ কাটিবলৈ আগবাঢ়ি আহিছিল তেতিয়া তেওঁ এনেদৰে কৈছিল— "মোক আগতে কাটি লবি,তাৰ পিছতে গছবোৰ কাটিবি।গছ থাকিলেহে মানুহ থাকিব আৰু মানুহ থাকিলেহে গছ থাকিব।" চাপৰিটোত অধিক গছৰ প্ৰয়োজন আছে।যাতে হাতীয়ে খাদ্যৰ সন্ধানত মুকলি ঠাইলৈ যাব লগীয়া নহয়।চাপৰিটোত অধিক গছপুলি ৰোৱাৰ লগতে প্ৰত্যেকৰ ঘৰত গছ ৰুলে হাতীৰ আক্ৰমণৰ পৰা বাচি থাকিব পাৰিব বুলি গাঁৱৰ ৰাইজক বুজাইছিল। গতিকে তেওঁ চাপৰিটোত অধিক গছ ৰোৱাৰ লগতে হাতীৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ হাতীৰ খাদ্যৰ বাবে তেওঁ চাপৰিটোত কলগছো ৰোৱা আৰম্ভ কৰিলে।নানা ঘাত-প্ৰতিঘাতৰ মাজতো নিজৰ কাম অবিৰতভাৱে কৰি এদিন প্ৰায় ৫.৫ বৰ্গ কি:মি: অৰ্থাৎ চাৰি হাজাৰ এশ বিঘাতকৈ অধিক মাটিৰ অৰণ্যত পৰিণত হ'ল।যাক এতিয়া আমি মুলাই কাঠনি অৰণ্য নামেৰে জনাজাত।এতিয়া হাবিখনত ঢেকীয়াপতীয়া বাঘ, এশিঙীয়া গঁড়, হৰিণা, শহাপহু,বান্দৰ আৰু বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটিৰে পৰিপূৰ্ণ।তাত থকা কেইবাহাজাৰ গছৰ ভিতৰত শিমলু,বাঁহ,অৰ্জুন,এজাৰ, বগৰী, ডিমৰু,সোণাৰু,কৃষ্ণচূড়া,চেগুন আদি গছ অন্যতম।
এনেকৈয়ে নিজ কৰ্ম আৰু জীৱন-জীৱিকাৰে বিশ্বৰ বহু মানুহক উদ্বুদ্ধ কৰিবলৈ সক্ষম হোৱা যাদৱ পায়েং একমাত্ৰ অসমীয়া।যিগৰাকী অসমীয়া সন্তানে জৈৱ বৈচিত্ৰ ৰক্ষাৰ বাবে নি-স্বাৰ্থভাৱে সুদীৰ্ঘ দিন পৰিৱেশ সংৰক্ষণত নিয়োজিত হৈ আছে।এইজনা ব্যক্তিক ২০১২ চনৰ ২২ এপ্ৰিলত ধৰিত্ৰী দিৱসৰ দিনা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে ''ভাৰতৰ অৰণ্য মানৱ(Forest man of India)"উপাধি প্ৰদান কৰিছে।২০১২ চনতে উইলিয়াম ডগলাচ মেকমাষ্টাৰ নামৰ কানাডাৰ তথ্যচিত্ৰ নিৰ্মাতা এজনে যাদৱ পায়েঙৰ কৰ্ম সংস্কৃতিৰ আধাৰত "Forest Man" নামেৰে এখনি তথ্যচিত্ৰ নিৰ্মাণ কৰে।২০১৩ চনত কা চলচ্চিত্ৰ মহোৎসৱত এই তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰে।২০১২ চনত তেওঁক 'ছেংচুৱাৰি এছিয়া ৱাইল্ড লাইফ বটা'২০১৪ চনৰ বিশ্ব পৰিৱেশৰ দিনা "দ্যা হিন্দু" কাকতৰ প্ৰথম পৃষ্ঠাত যাদৱ পায়েঙৰ কৰ্ম আৰু জীৱনক লৈ এটি অনবদ্য চিত্ৰ-কৰ্ম প্ৰকাশ কৰা হৈছিল।২০১৫ চনৰ ২৬ জানুৱাৰীত ভাৰতবৰ্ষৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বটা আৰু একেই বছৰৰ ১৪ ফেব্ৰুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ে পায়েঙক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।২০১৬ চনত বিনায়ক বাৰ্মা নামৰ এজন ব্যক্তিয়ে ''Jadav and Tree-Place" নামেৰে এখন সচিত্ৰ শিশু গ্ৰন্থ ৰচনা কৰিছে।'যাদৱৰ অৰণ্য'নামেৰে সেইখন অসমীয়া ভাষাত অনুবাদ কৰা হৈছে।এনেধৰণৰ বহু বটা-সন্মান লাভ কৰাৰ উপৰিও তেওঁক বহুতো পৰিৱেশ সজাগতা সম্পৰ্কীয় অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিবলৈ আমন্ত্ৰণ কৰে।২০১৫ চনৰ ডিচেম্বৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ দ্বাৰা আয়োজিত 'পেৰিছ জলবায়ু সন্মিলন'তো বক্তৃতা প্ৰদানৰ বাবে আমন্ত্ৰণ কৰা হৈছিল।এইগৰাকী মনিষী অৰণ্য মানৱৰ আলোকচিত্ৰ Miftahul নামৰ চিত্ৰশিল্পী গৰাকীয়ে তেখেতৰ মহান আদৰ্শ জনসাধাৰণৰ মাজত অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে ধেমাজি জিলাৰ গোগামুখ NHPC গুপ্তা দলঙৰ দেৱালত সুন্দৰভাৱে উপস্থাপন কৰি অংকন কৰে।পায়েঙৰ আলোকচিত্ৰ অংকন কৰাৰ উপৰিও দলঙৰ দেৱালত পৰিৱেশ বিষয়ৰ সজাগতামূলক কিছুমান বাক্য লিখা আছে।যত তেওঁ অৰণ্য মানৱ গৰাকীৰ জীৱন দৰ্শন চিত্ৰৰ জড়িয়তে সাধাৰণ মানুহৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে।সেইগৰাকী চিত্ৰশিল্পীৰ মহান চিন্তাধাৰা আৰু দেশৰ লগতে বিশ্বৰ যুগে যুগে আদৰ্শ আৰু অনুপ্ৰেৰণাৰ উৎস অৰণ্য মানৱ গৰাকীৰ আলোকচিত্ৰত কেইদিনমান আগতে কোনো দুষ্টলোকে গোবৰ লেপি অপমান কৰা ঘটনাই সচেতন মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।যিগৰাকী ব্যক্তিক বিশ্বৰ প্ৰান্তে প্ৰান্তে আদৰ্শ হিচাপে লৈ বৰ্তমান সময়ত সেউজ বিপ্লৱ গঢ়াৰ বাবে অহোপুৰুষাৰ্থ কাম কৰি আছে এইটো সময়তে নিজ মাতৃভূমিত এনেধৰণৰ কৰ্মকাণ্ডই কি সুচাৱ বিচাৰিছে এইয়া চিন্তণীয় বিষয়।যোগেন টাইদ আৰু মৃণাল পায়েং নামৰ সোৱণশিৰিৰ দুগৰাকী সচেতন যুৱকে অৰণ্য মানৱৰ আলোকচিত্ৰত লাগি ধৰা গোবৰসমূহ পানী ঢালি চাফা কৰি মানৱ প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে।যি সময়ত পায়েঙৰ প্ৰকৃতি সাধনাৰ কাহিনী মহাৰাষ্ট্ৰ চৰকাৰ আৰু শেহতীয়াকৈ আমেৰিকাতো ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি তেখেতৰ আদৰ্শৰে ছাত্র-ছাত্ৰীক উদ্বুদ্ধ কৰিছে।যি সময়ত সুদূৰ মেক্সিকো চৰকাৰে অৰণ্য মানৱ যাদৱ পায়েঙৰ তত্ত্বাৱধানত গছপুলি ৰোপন কৰি পৰিৱেশ সংৰক্ষণ প্ৰকল্পৰ জড়িয়তে দহবছৰৰ বাবে চুক্তিবদ্ধ কৰি বছৰত তিনিমাহ পৰ্যন্ত থকাৰ ব্যৱস্থা কৰিছে।যত প্ৰতিদিনে একলাখ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰি অৰণ্য মানৱ গৰাকীৰ পৰা গছপুলি ৰোৱাৰ শিক্ষা গ্ৰহণ কৰিব।অসমৰ চিন হিচাপে প্ৰথমতে বিদেশৰ মাটিত তামোল আৰু নাৰিকলৰ পুলি ৰোৱাৰ ব্যৱস্থা কৰিব অৰণ্য মানৱ গৰাকীয়ে।ঠিক সেই সময়তে অৰণ্য মানৱৰ আলোকচিত্ৰত গোবৰ লেপি অপমান কৰা মানসিকতাই কি সূচাইছে এইয়া আমাৰ বাবে দুৰ্ভাগ্যজনক।এইয়ে আমি এনে দু-চিন্তা পৰিহাৰ কৰি অৰণ্য মানৱ যাদৱ পায়েঙৰ আদৰ্শৰে প্ৰত্যেকে প্ৰতিদিনে গছপুলি ৰোৱাৰ লগতে সংৰক্ষণ কৰি সেউজীয়া পৃথিৱী গঢ়ি তোলাত মনোনিবেশ কৰিব লাগে বুলি ভাৱো।
No comments:
Post a Comment