ফৰিং আৰু পৰুৱাৰ কথাৰে
✍️নেহেৰু পেগু
তেজপুৰ
এটা সৰু টাপুত পৰুৱাৰ পৰিয়াল আৰু ফৰিং এটাই বাস কৰিছিল। দুয়ো সুখে সন্তোষে জীৱন নিয়াইছিল। ফৰিংটোয়ে পুৱাৰ কোমল ৰ’দত গছৰ ঠেৰঙনিত আৰাম কৰি থাকোঁতে প্ৰায়ে লক্ষ্য কৰিছিল যে পৰুৱাবোৰে দিন নাই, ৰাতি নাই পিতপিতাই ঘূৰি অকল কামকে কৰি থাকে। ইমান কামনে সিঁহতৰ! এই কথাটোৱে ফৰিংটোৰ মনত যথেষ্ট কৌতুহলৰ সৃষ্টি কৰিছিল। এদিন আৰাম কৰি থকা অৱস্থাৰ পৰা পৰুৱাৰ মূৰব্বী গৰাকীক সুধিয়েই পেলালে-
-পৰুৱা ভাই, কথা এটা কওঁ বেয়া নাাপাবা। ময়ো খাই বৈ জীয়াই আছো আৰু তোমালোকেও খাই বৈ জীয়াই আছা। মোৰ হাতত দেখোন অফুৰন্ত সময়। গান গাও, স্ফূৰ্তি কৰোঁ, খেলোঁ।
তোমালোকে ৰাতিপুৱাৰ পৰা ইমান সৰু পেটটো লৈ কামকে কৰি থাকা দেখোন? কি জীৱন ভাই তোমালোকৰ!
হয়, ভাই ;আমাৰ জীৱনেই এনেকুৱা। সময় দেখোন নাটেই। আমি দিনটোৰে নহয়, ভৱিষ্যতৰ কাৰণেও আমি খাদ্য গোটাই থওঁ। তুমি আৰাম কৰা ভাই। এইদৰে কৈ পৰুৱাটোৱে পুনৰ নিজা কামত মনোযোগ দিলে।
এনেদৰে সময়বোৰ গৈ থাকিল। এবাৰ সিঁহতৰ থকা অঞ্চলত প্ৰবল বানপানী হ’ল। বানপানীৰ কবলত পথাৰবোৰ ডুবি গ’ল। সকলো পানীৰ তলত। সিঁহতৰ টাপুটো যেনেতেনে বাচি থাকিল। সি পথাৰৰ সেউজীয়া শস্যৰ কোমল পাতেৰে পেট ভৰাইছিল। টাপুটোত থকা গছ-লতিকাবোৰ ফৰিংটোৱে খোৱা খাদ্যৰ তালিকাত নাছিল। স্বাভাবিকভাবেই সি খাদ্য সংকটত পৰিল। ইফালে পৰুৱাবোৰৰ দৈনন্দিন জীৱন একেদৰেই চলি থাকিল।
এবাৰ মূৰব্বী পৰুৱাটোৱে গাঁতৰ পৰা ওলাই যাওঁতে হঠাৎ বিমৰ্ষ মনেৰে গছৰ পাত এটাত পৰি থকা ফৰিংটো দেখা পাই সুধিলে-
-কি হ’ল, ফৰিং ভাই; এনেকৈ পৰি আছা যে? তোমাক বেমাৰী যেন দেখা গৈছে, কাৰণটো কি?
দেখিছাই নহয় চাৰিওফালে পানী। আজি তিনিদিন হ’ল, পেটলৈ একো যোৱা নাই।
-আৰু কেইবাদিনলৈ পানী কমাৰ আশা নাই। আচ্ছা তুমি আৰাম কৰা বুলি কৈ পৰুৱাই নিজৰ কামত লাগিল।
ফৰিংটো ভোকত লেবেজান হ’ল। উপায়হীন হৈ সি কেতিয়াও নোখোৱা গছৰ পাতকে খোৱাত লাগিল। সি পৰুৱাবোৰৰ কথা চিন্তা কৰিলে। কিমান দুৰদৰ্শী ইহঁত! ময়ো সিহঁতৰ দৰে ভৱিষ্যত চিন্তা কৰি খোৱাবস্তু গোটাই থোৱা হ’লে মোৰ আজি এই অৱস্থা ন’হল হয়! তাৰ দুগালেদি চকুপানী বৈ আহিল।
এই কাহিনীটো মনলৈ আহিলেই আমাৰ মিচিং সমাজৰ অনুৰূপ ছবি এখন চকুৰ আগত ভাঁহি আহে। ফৰিংটোৰ দৰে ৰংৰহইচ, খোৱা-বোৱা আৰু আৰাম কৰি ভালপোৱা মিচিং সকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰিলে মনটো মৰি যায়। সংস্কৃতত এটা কথা আছে-যোগ্য ভোগ্য বসুন্ধৰা। অৰ্থাৎ এই পৃথিবীত উপযুক্ত জনেহে ভোগ কৰি জীয়াই থাকিব। এই নিৰ্ঘাত সত্য আমাৰ মিচিং সমাজে বা আমাৰ উত্তৰ পুৰুষে কিমান অনুধাবন কৰিব পাৰিছে সন্দেহ আছে। কুৰি শতিকাৰ ষাঠিৰ দশকলৈ আমাৰ মানুহবোৰ বৰ আৰামত হাঁহি স্ফুৰ্তিত জীয়াই আছিল।জীয়াই থকাত একো অসুবিধা নাছিল।জনসংখ্যা কম আছিল, পৰ্যাপ্ত খেতি মাটি আছিল, অশিক্ষিত সমাজখনৰ দৈনন্দিন জীৱন-যাপন প্ৰণালীও বৰ সৰল আছিল। কিন্তু স্বাধীনতাৰ পিছত দেশৰ বিকাশ ত্বৰাণ্বিত হোৱাত আৰু উদ্যোগ, শিক্ষা আৰু সমাজ ব্যবস্থাৰ আন্তঃগাঠনিৰো দ্ৰুতগতিত হোৱা পৰিবৰ্তনে মিচিং সমাজৰ ভেটিটোকে লৰাই দিলে। এই পৰিবৰ্তনৰ ঢৌত আমি ক’ৰবাত যেন খোপনি হেৰুৱালোঁ। অঁনাতাৰ কন্ঠশিল্পী একলব্য গাম দেৱে তেতিয়াই গালে-
Yumngaksun Misinga daropto daropto
Píangé pí:pí dung
Nokké okum lottaso……
কিন্তু আমি সাৰ পালোঁনে? কিমানে সাৰ পালোঁ ? পৰিবৰ্তিত সমাজ ব্যৱস্থাৰ লগত খাপ খুৱাই সময়ৰ স’তে খোজ কাঢ়িবলৈ প্ৰস্তুত হলোনে ? এইটো সত্য যে স্বাধীনতাৰ সময়লৈ দহকৰ ঘৰত গ্ৰেজুৱেট নথকা মিচিং সমাজত আজিৰ তাৰিখত হাজাৰৰ ওপৰত গ্ৰেজুৱেট হ’ল। পষ্ট গ্ৰেজুৱেট ডিগ্রী ধাৰীও বহুত হ’ল। এ.চি.এচ,প্ৰযুক্তিগত শিক্ষা, চিকিৎসা, ইউ. পি. এচ. চিত নিজ প্ৰতিভা দেখুওৱাব পৰা শিক্ষাৰ্থীও বহু ওলাল। ৰাজ্যিক, কেন্দ্রীয়, ভাৰত চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠান বা কোম্পানিত চাকৰি কৰা মিচিং দেধাৰ হ’ল। কিন্তু গাঁৱবোৰ যেন আদিমতম ৰূপ ৰস পান কৰিয়েই তৃপ্ত হৈ থাকিল। এতিয়া গাঁৱলৈ ঘূৰি চালে একপ্ৰকাৰ হতাশাৰ ছবিয়ে মনটো আৱৰি ধৰে। অস্বচ্ছলতা বা মেধাৰ অভাৱত যিসকলে পঢ়া এৰিলে বা যিসকল একেবাৰেই নপঢ়াকৈ থাকি গ’ল এই বুজন সংখ্যক লোকেই গাঁৱৰ সমাজখনক গুৰি বঠা ধৰিব লগা হ’ল। ইয়াতেই যেন ক’ৰবাত আমাৰ চিন্তাৰ পৰিসৰ সংকুচিত হ’ল, কৰ্ম প্ৰেৰণাৰ অভাব ঘটিল, বৌদ্ধিক দৈন্যতাই সমাজখনৰ ভিতৰচোৱা দুৰ্বল কৰিলে, অপুষ্টি চিন্তাই বাট কাটিলে। আমাৰ চিন্তাবোৰ ঠেক হ’ল। মিচিং অধ্যূষিত অঞ্চল সমূহৰ খৰতকীয়া উন্নয়নৰ বাবে চৰকাৰে গঠন কৰা মিচিং অট’নমাচ কাউন্সিল হোৱাৰ পিছতো গাঁৱবোৰত চকুত লগা বিশেষ সালসলনি দেখা পোৱা নাযায়। বৰঞ্চ বহু সময়ত এই কথা প্ৰতীয়মান হৈছে যে আমিয়ে আমাৰ প্ৰগতিৰ অন্তৰায় হৈ পৰিছোঁ। সমাজক ক্ষতি কৰা স্থুল চিন্তা আৰু অদূৰদৰ্শীতা, গাঁৱৰ সমাজ ব্যবস্থাত দকৈ শিপাই যোৱা পৰিলক্ষিত হৈছে। যাৰ বাবে এচাম যুৱপ্ৰজন্ম ৰাজনৈতিক অভিসন্ধিৰ চিকাৰ হৈ পৰিছে। চৌদিশে চানি ধৰা এই অাৱৰণখন অদূৰ ভৱিষ্যতত সহজে নাইকিয়া কৰিব পৰাৰ লক্ষণ সদ্যহতে দেখা নাই।
অনিয়মে অনিয়মৰ জন্ম দিয়ে। অনিয়মৰ আশ্রয় লৈ এখন সমাজ আগবঢ়াই নিব নোৱাৰি ; কিয়নো অনিয়মে সুস্থ সমাজ এটাক সহজে ধ্বংস কৰিব পাৰে। অসুস্থ মনে, অসুস্থ আৰু বিশৃংখল সমাজ এখনৰহে জন্ম দিয়ে। অসুস্থ আৰু বিশৃংখল সমাজৰ পৰা সুস্থ সামাজিক মূল্যবোধৰ অধিকাৰী মানুহ জন্ম হ’ব নোৱাৰে। সাম্প্রতিক সময়ৰ এইটোৱেই সবাতোকৈ মিচিংসকলৰ বাবে ডাঙৰ চিন্তাৰ বিষয়। সমাজৰ উন্নয়ন বিচৰা, জাতিৰ উত্তৰোত্তৰ উন্নতি কামনা কৰা প্ৰতিগৰাকী সমাজ সচেতন মিচিঙে এই বিষয়তো গভীৰতাৰে চিন্তা কৰি কাৰ্য্য পন্থা যুগুতাব লাগিব।
ওপৰত উল্লেখ কৰা কাহিনীটোলৈ আকৌ ঘূৰি আহোঁ। পৰম্পৰাগতভাৱে আমাৰ স্ব-সমৃদ্ধ সাংস্কৃতিক পৰম্পৰা আছে। আমাৰ মাজৰ ভাতৃত্ববোধৰ এনাজৰীডাল শদিয়াৰ পৰা ভৰলীলৈ একেটা সূঁতাৰে গাথা। আমি সমজোৱাকৈ ৰং ধেমালি কৰি ভাল পোৱা জাতি , তাত বেয়া পাবলৈ একো নাই।বৰং পৃথিবীৰ উন্নত জাতিসমুহৰ মাজত এনে সামাজিক ৰীতি-নীতি বা সামাজিক আচৰণ বিদ্যমান বুলি গৌৰৱহে কৰিব পাৰি। অসমত বসবাস কৰা বহু জনগোষ্ঠীৰ তুলনাত আমাৰ মাটি বাৰীও যথেষ্ট আছে। কিন্তু আমি সেয়া সদব্যৱহাৰ কৰিবলৈ জনা নাই। কষ্ট কৰিবলৈ শিকা নাই। অসমৰ যি কোনো জিলাৰ অভিবাসী মুছলিম এলেকাত গলে তাৰ চাক্ষুষ প্ৰমাণ পাব। তেওঁলোকৰ কষ্ট আৰু পৰিশ্ৰমৰ তুলনাত আমাৰ মানুহে দহ শতাংশও পৰিশ্ৰম নকৰে। তেওঁ লোকৰ একেজন মানুহেই খেতিয়ক, বেপাৰী, মিস্ত্রি, যোগালী। আজৰি সময় বুলি এনেয়ে এদিনো বহি নাথাকে। পৰুৱাৰ দৰেই।
অতি সম্প্ৰতি আমাৰ কিছু মানুহ এনে বিভিন্ন কামলৈ মন মেলিছে। হাজিৰা কৰা, টেম্পু চলোৱা, মিস্ত্রি কাম, কনট্ৰেক্ট কৰা আদি। কিন্তু বহুতে সততা শিকা নাই, প্ৰিয়ভাজন হ’বলৈ শিকা নাই, শ্ৰমৰ মূল্য বুজিবলৈ শিকা নাই। কষ্ট নকৰাকৈ ক’তো একো নহয় সেয়া চাকৰিতো নহয়, ব্যৱসায়তো নহয়। সকলোতে লাগিব একাণপটীয়াকৈ লাগি থকাৰ ধ্যৈৰ্য, সহিষ্ণুতা আৰু একাগ্রতা। কৃতকার্য হ’বলৈ কোনো চমু পথ নাই।
জীৱনক সজীব কৰি ৰাখিবলৈ এহাতে ৰং-আনন্দ লাগে , আধ্যাত্মিক উত্তৰণ লাগে, সামাজিক অনুষ্ঠান লাগে। কিন্তু জীয়াই থাকিবলৈ পৰুৱাটোৰ দৰে, সামাজিক একাত্মবোধেৰে নিৰন্তৰ কাম কৰিব লাগিব। তাৰ বাহিৰে গত্যন্তৰ নাই। তেহে এই পৃথিবীত আমাৰ চিনাকি থাকিব।
No comments:
Post a Comment