মই মই হোৱাৰ আগেপিছে
টম মেদক
মানুহ হোৱাৰ আগতে মই
জন্তুৱে আছিলো
তাৰ পাছত ওভতগোৰে নাচিবলৈ লাগিলো
নেজ জোকাৰি চেলেকিবলৈ ধৰিলো আৰু মেউ মেউউউ কৰি
ৰাতি ৰাতি গাঁওবোৰ বগাই ফুৰিলো
মানুহ হোৱাৰ পাছতো মই
জন্তুৱেই আছিলো
তাৰ আগতে চিঞৰবাখৰ কৰি নেতা হ’লো
দলত দালালি কৰি বেপাৰী আৰু ৰজা
এতিয়া মই স্বয়ং ঈশ্বৰ হ’লো
নিজৰে নৰকৰ দুৱাৰ খুলি দিলো
আজি দেখিছো সূৰ্যৰ পোছাক পৰিধান কৰি একেটা বাটেৰে আগুৱাই গৈছে অলেখ
মই মই হোৱাৰ আগেপিছে
No comments:
Post a Comment