অৰ্থনৈতিক স্বাৱলম্বীতা আৰু মিচিং নাৰী
জাতিৰাম কামান
গোগামুখ
“নাগিনীয়ে কেঁচুৱা পায় নগাই জাল খায়”। কথাটোৰ গূঢ়াৰ্থ হ’ল সন্তান গৰ্ভস্থ কৰাৰ পাছত তিৰোতাগৰাকী শাৰিৰীক ভাৱে দুৰ্বল হৈ পৰা বাবে তাইক তেজ পানী দি সবল কৰিবলৈ মাংসৰ জাল বনাই খুউৱা হয় সেই কাম নগা মতাই মাইকীক নিদি নিজে খাই লয়। তীৰ্যক অৰ্থত পুৰুষে নাৰীক শোষণ কৰা কথাকে সূচাইছে।
মূৰত এমোঠা খৰি,পিঠিফালে বোকোচা কৰা কেচুঁৱা, কাষলতিত কলহ ভৰা পানী, সিখন হাতে খোজ দিব পৰা আৰু এটা নাঙঠ পিঙঠ সন্তানক টানি খৰ খোজে ঘৰমূৱা হোৱা তিৰোতা গৰাকীৰ ছবি খন মনলৈ আনকচোন? কত তেনে ছবি সচৰাচৰ দেখা যায় বাৰু! এয়া কোনো চিত্ৰশিল্পীৰ তুলিকাত প্ৰাণ পাই উঠা জীৱন্ত চিত্ৰ নহয় বৰঞ্চ অসমৰ নৈ পৰীয়া মিচিং জনজাতীয় দুখীয়া মহিলাৰ গাঁৱে ভূঁঞে দেখা পোৱা জীৱন্ত চিত্ৰ।
মংগোলীয় চৈনিক মূলৰ তানিগোষ্ঠীৰ মিৰি বা মিচিং সকল এহেজাৰ বছৰে নিজৰ অস্তিত্ব অক্ষুন্ন ৰাখিবলৈ বৃহত্তৰ শ্যান মংগোলৰ লগত যুঁজ বাগৰ কৰি তিব্বত গৰকি অৰুনাচলৰ চিয়াং নৈৰ অৱবাহিকাত থিতাপি লৈ ১০০০ বছৰ ধৰি বসবাস কৰি আহি উৰ্ব্বৰ কৃষিভূমি বিচাৰি আকৌ ১১শ খৃষ্টাব্দত ব্ৰহ্মপুত্ৰ উপত্যাকাৰ উজনি অসমৰ নদ নদীসমূহত বসবাস কৰিবলৈ লয়। তানি সকলৰ লিখিত বুৰঞ্জী নাই যদিও ইতিহাসবিদ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে মহাভাৰতত বৰ্ণনা কৰা কীৰাট বংশৰ মানুহৰ বেশভুষা,গাৰ গঠন আৰু বৰণৰ পৰা তানি গোষ্ঠীৰ লোক সকল যে কীৰাটৰ বংশধৰ, সেয়া প্ৰতীয়মান হয়। সেই হিচাপমতে মিচিং সকল কামৰূপত বসবাস কৰি অহা পাঁচ হেজাৰ বছৰেই হল!
১২২৮ খৃষ্টাব্দত আহোম সকল অসমলৈ অহাৰ পাছৰ পৰাহে আহোম দিনপঞ্জী অনুসৰি অসম বুৰঞ্জী সৰৱ। অসম উপত্যাকাত মিচিং সকলৰ অৱস্থিতি আহোমৰ ৰাজত্ব কালৰ পৰাই পোৱা যায়। ইযিকিনহওঁক, ভৈয়ামৰ মিচিং সকলে আদি মিৰিৰ লগত কাজিয়া পেচাল কৰি তৰাগছ কাটি জংঘল ভাঙি চিয়াঙেদি ভটিয়াই আহি উজনি অসমৰ নৈ উপনৈ সমূহৰ পাৰত বসতি স্থাপন কৰে। তাহানিৰ অবিভক্ত লক্ষীমপুৰ জিলাৰ তিনিচুকীয়া ডিব্ৰুগড় আৰু উত্তৰ লখিমপুৰত মিচিং সকলৰ ঘন বসতি আছে। লগতে শোনিতপুৰ শিৱসাগৰ যোৰহাট আৰু গোলাঘাট জিলাত সিঁচৰিত হৈ আছে মিচিংসকল।
নৈ ভাল পোৱা মিচিং সকল মূলতে কৃষিজীৱি।মিচিংসকল বৰ কষ্টসহিষ্ণু জনজাতি বিশেষকৈ মিচিং তিৰোতা সকল পুৰুষতকৈ বেছি কৰ্মঠ, কাজি আৰু পৰিশ্ৰমী। আন জনজাতি তিৰোতা সকলৰ দৰে মিচিং সকল পুৰুষৰ কৰ্মৰ ওপৰত ভৰসা কৰি জীৱন নিৰ্বাহ নকৰে।তেওঁলোক সকলো ক্ষেত্ৰতেই স্বাৱলম্বী। পুৰুষপ্ৰধান সমাজ ব্যৱস্থাত মিচিং নাৰীৰ স্বাৱলম্বীতা ভাৰতীয় নাৰীৰ বাবে আদৰ্শ স্বৰূপ। কিয় মিচিং নাৰীসকল অৰ্থনৈতিক ভাৱে স্বাৱলম্বী ইয়াৰ চমু খতিয়ান এটা দিয়া হ'ল।
মিচিং নাৰী সকলে কৃষি কাৰ্যৰ লগতে বয়ন শিল্প আৰু হাঁহ কুকুৰা,গাহৰি অাদি পালন কৰি নিজৰ খৰছ যোগাৰ কৰাৰ লগতে ঘৰখন চলোৱাত সহায় কৰে। এগৰাকী দুখীয়া গঞা তিৰোতাই কেনেকৈ দিনটো কৰ্ম ব্যস্ততাৰে আৰম্ভ কৰে সেয়া ভাৱিলে বৰ দুখ লাগে।ঘৰৰ পথাৰৰ কামত সিমানেই মজি থাকিব লগীয়া হয় যে বিয়া হৈ ঘৰৰ গৃহিনী হোৱাৰ পাছত নিজৰ গাটোকে সাজি কাচি থাকিবলৈ আহৰি নাপায় । বিয়া হোৱা ছোৱালীয়ে সৌন্দৰ্য্য চৰ্চা সমূলি বাদ দিব লগা হয় দৈনন্দিন কাজ কৰ্মত অতিপাত ব্যস্ত থকা বাবে।
কাজেই ঘৰৰ মতা মানুহটোৱে অন্য জীয়ৰীলৈ চকু দিয়া দেধাৰ উদাহৰন মিচিং গঞা সমাজত পোৱা যায়।পৰিণতিত পাৰিবাৰিক কলহে দেখা দিয়ে বিবাহ বৰ্হিভুত সম্পৰ্ককলৈ।কিন্তু তথাপিও মিচিং বিবাহিত সৰল মহিলাসকল বহুক্ষেত্ৰত স্বামীৰ কৃতকৰ্মক নজৰ আন্দাজ কৰি উদাৰতাৰ পৰিচয় দিয়া দেখা যায়।এনেহেন সৰলমতীয়া মিচিং নাৰীসকলৰ অৰ্থনৈতিক কৰ্মসূচী চমুকৈ দাঙি ধৰা হ’ল।
(ক) ঘৰুৱা কাম বনত মিচিং নাৰীঃ
গাঁৱৰ মিচিং মহিলা সকলে কুকুৰা ডাকতেই উৰালত ঢেঁকী দি দিনৰ চাউল কঠা যোগাৰ কৰে। ঢেঁকী দি অঁতাৰ পাছত হাতত কলহ লৈ নৈৰ পাৰলৈ পানী আনিব যায়। পানী আনি আকৌ শাক পাচলি বুটলি দিনৰ খোৱা সাজ যোগাৰ কৰিবলৈ ৰন্ধা বঢ়াত লাগি যায়।খোৱা শেষ হোৱাৰ পাছত গাহৰি ভাত দিয়া কাম কৰি আজৰি হোৱাৰ পাছত আকৌ পথাৰলৈ দৌৰিব লগা হয়।
(খ) পথাৰ সমাৰত মিচিং নাৰীঃ
প্ৰায় মিচিং গাওঁসমূহত আহু খেতি কৰা দেখা যায়। আহু সিঁচি শস্য অলপ ডাঙৰ হোৱাৰ পাছত জেঠ মহীয়া খৰত ধান নিৰোৱা কাম কৰিব লগা হয়। আহাৰ শাওন মাহত আহুধান দাই অঁতাই আকৌ শালি খেতিৰ বাবে কঠিয়া তোলা, ভূঁই ৰুৱা আদি নিত্য নৈমিত্তিক কাম মিচিং তিৰোতাৰ। আঘোনৰ পথাৰত আকৌ শস্য চপাবলৈ ধান দাই ভড়ালত ভৰোৱাৰ পাছতো খোৱা সাজৰ বাবে ভৰিৰে ধান মাৰি যোগাৰ কৰা কামৰ ভাৰ মিচিং তিৰোতাৰ।পথাৰৰ কামত পুৰুষৰ সমানে সমানেই মিচিং তিৰােতাই অংশগ্ৰহন কৰিব লগা হয়।
(গ) শিপিনীৰ ৰূপত মিচিং নাৰীঃ
ভাদৰ শেষলৈকে ভূঁই ৰুৱা সামৰি আহিন কাতি মাহত নিজৰ পিন্ধা কাপোৰকে আদি কৰি গামোছা আদি ববলৈ তাঁতৰ শালত বহে।মিচিং জীয়ৰী সকলৰ উপৰিও বোৱাৰী বিলাকে তাঁত শালত মেখেলা ছাদৰ,ৰিঃবি গাছেং, গামোছা, গন্ৰ উগন, অৗৰকগ আৰু ভিন্নৰঙী ফুল বাছি কাপোৰ বোৱাত মিচিং শিপিনী পাকৈত। আজি কালি মিচিং মেখেলা ছাদৰ অসম তথা ভাৰতৰ বিভিন্ন ঠাইত আনকি আন্তৰ্জাতিক পৰ্য্যায়তো সমাদৰ লাভ কৰিছে আৰু চাহিদা বাঢ়িছে। বহুতো জীয়ৰী তিৰোতাই মিচিং কাপোৰ বৈ অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হোৱা দেখা যায়।
অসম চৰকাৰৰ বয়ন বিভাগ বা মিচিং স্বায়ত্ব শাসিত পৰিষদে মিচিং অধ্যুষিত অঞ্চলত পাৱাৰ লোমৰ ব্যৱস্থা কৰি সৰু সৰু কুটিৰ শিল্প বহুৱাই বয়ন শিল্পটো আগুৱাই নিয়াৰ অৱকাশ আছে।
(ঘ) গাহৰি কুকুৰা পালনত মিচিং নাৰীঃ
সাধাৰণতে কুকুৰা পালিব পাৰিলেও গাহৰি পালন কৰাতো মুখৰ কথা নহয়। সেইক্ষেত্ৰত মিচিং নাৰী সকল অভ্যস্ত। ঘৰৰ বাহি ভাত আদি খুওৱাৰ পাছতো বিভিন্ন বনৰীয়া কচু আৰু বন লতা সিজাই গাহৰি পালন কৰা কাৰ্য মিচিং নাৰীৰ একচেতিয়া কৃতি বুলি কলেও বঢ়াই খোৱা নহব নিশ্চয়। মিচিং মহিলা সকলে গাহৰিক দানা খুৱাবলৈ গাহৰি মতাৰো বিশেষ এটা কায়দা আছে। মালিকনীয়ে যেতিয়া.....”অৃই কামৃই কামৃই গাঃদৃ দৃদৃ”....বুলি চিঞৰিব, গাহৰি যতেই চৰি নাথাকক লাগে গৃহিনীৰ মাত শুনি দানা খাবলৈ দৌৰি আহে। মিচিং মহিলাৰ গাহৰি মাতি দানা দিয়াও এটা ক'লা। ঠিক তেনেকৈ ..”ট্ৰুও ট্ৰুও ট্ৰুও”.. বুলি কুকুৰাক দানা খোৱাবলৈ মাত দিয়াও এবিধ কলা। আজিকালি কিন্তু সেই টেকনিক বোৰ আধুনিকতাৰ পৰশ পৰি হেৰাই যাব ধৰিছে আৰু এতিয়াৰ গাহৰি কুকুৰাই সেই টিপিকেল মাতবোৰো বুজি নোপোৱা হৈ আহিছে। হাঁহ-কুকুৰা, ছাগলি, গাহৰি, গাই আদি পালন কৰি বহু কাজি মিচিং তিৰোতাই ঘৰৰ খৰছ উলিওৱাৰ ওপৰিও লৰা ছোৱালীৰ কাপোৰ কানি কিতাপ ফলিৰ খৰছ পাতিৰ যোগান ধৰে।
(ঙ) সুৰা (আপং) তৈয়াৰত মিচিং নাৰীঃ
আপং মিচিং সকলৰ জনপ্ৰিয় পানীয়। খেতি পথাৰত কঠোৰ পৰিশ্ৰম কৰি আপং এবাটি খাই তৃষ্ণা পলোৱাৰ লগতে ভাগৰ মাৰে মিচিং মুনিহ তিৰোতাই। আপং নহলে যেন মিচিং সকলৰ দৈনন্দিন জীৱনেই অচল। আপং দুই প্ৰকাৰৰ। বগা আৰু ছাইমদ। তাৰোপৰি চুলাই বা ফটিকাও বনাবলৈ লৈছে বেপাৰৰ তাগিদাত। আজি কালি বহু গাঁৱত দুখীয়া তিৰাতোই ছাইমদ, লাওপানী আৰু ফটিকা বনোৱা দেখা যায় অৰ্থ উপাৰ্জনৰ বাবে। ঘৰুৱা পদ্ধতিৰে ছাইমদ প্ৰস্তুতকৰণ (fermentation) মিচিং নাৰী সকলৰ একচেতিয়া প্ৰণালী। ছাইমদ অকল মিচিং তিৰোতাহে প্ৰস্তুত কৰিব পাৰে। চৰকাৰে উদ্যোগ ললে ছাইমদৰ ডিষ্টিলাৰী স্থাপন কৰি সুস্বাদু বিয়েৰ তৈয়াৰ কৰি আয় কৰিব পাৰে আৰু বহু নিপুন মিচিং তিৰোতাক কৰ্মস্থান দিয়াৰ লগতে বুজন পৰিমানৰ ৰাজহ সংগ্ৰহ কৰিব পৰা যায়।
(চ) অন্যান্য কৰ্মত মিচিং নাৰীঃ
দৈনন্দিন ঘৰুৱা কৰ্ম,কৃষি কৰ্ম, বয়ন শিল্প,গাহৰি কুকুৰা পালন আৰু সুৰা প্ৰস্তুত কৰা কাৰ্য্যত আত্মনিয়োগ কৰাৰ পাছতো মিচিং গঞা মহিলাই অন্যান্য অৰ্থনৈতিক কাৰ্য্যতো লিপ্ত থাকে। যেনে-মাহ সৰিয়হৰ খেতি,এৰি পলু/পাট মুগা পালন তথা শাক পাচলিৰ খেতি কৰিও ধন আৰ্জি স্বাৱলম্বী হয়। কৰিব পৰা উপাৰ্জনৰ এটাও পথ মিচিং মহিলাই পৰাপক্ষত এৰি নিদিয়ে। মিচিং নাৰী সকল যিমান উদ্যমী আৰু কৰ্মঠ, একেধৰণেই মিচিং পুৰুষ সকল পৰিশ্ৰমী হোৱা হলে হয়তু আজি মিচিং সমাজ উন্নতিৰ শিখৰত থাকি আদৰ্শ জনজাতিলৈ পৰ্যবসিত হ’ল হেঁতেন। মিচিং তিৰোতাৰ তুলনাত মিচিং পুৰুষ সকল ধোদ। এয়া অপ্ৰিয় হলেও সত্য। একপ্ৰকাৰ মিচিং নাৰীক পৰোক্ষভাৱে পুৰুষ সকলে কায়িক আৰু মানসিক নিৰ্যাতন কৰাৰ দৰেই লাগে। মিচিং সমাজে, বিশেষকৈ গঞা সমাজে সেই কথা অনুধাৱন কৰিবৰ হল, আত্মবিশ্লেষণ কৰিবৰ হ’ল।
ঘৰ বা পৰিয়ালৰ অৰ্থনৈতিক স্বাৱলম্বীতাত মিচিং নাৰীসকলে প্ৰভুত পৰিমানে অৱদান আগবঢ়ায়। তাৰোপৰি হাবি জংঘলৰ পৰা খৰি লুৰি, ঝাৰণি জোপোহাৰ পৰা শাক বুটলি, নৈ খাল বিল পুখুৰীৰ পৰা মাছ ধৰি আনি খাদ্য সংগ্ৰহ কৰা কামতো সচৰাচৰ অভ্যস্ত হৈ থাকে মিচিং মহিলা সকল। মুঠতে মিচিং মহিলা কোনো কামতেই পুৰুষতকৈ পিছ পৰি নাথাকে।
পৃথিৱীৰ কৰ্মযোগী সকলৰ ভিতৰত মিচিং গঞা নাৰীৰ এক সুকীয়া স্থান যে আছে তাত কাৰো দ্বিমত নাথাকিব।


No comments:
Post a Comment