আজি ৰাতিটো কি দুৰ্বোধ্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, October 2, 2021

আজি ৰাতিটো কি দুৰ্বোধ্য

 আজি ৰাতিটো কি দুৰ্বোধ্য


মূল কবি - ছাদি ইউসুফ (ইৰাণ) 

অনুবাদ -দিগন্ত ৰাগ




আজি ৰাতি মনত পেলাব’লগীয়া একো নাই

মনত পেলাব বিচাৰিছোঁ, মনত পৰা নাই

মই ক’ত জন্ম হৈছিলোঁ

মোৰ কোনো সত্যতা নাই

জীয়াই থকাৰ বাবে 

এমুঠি ভাতৰ প্ৰয়োজন আছে নে,

মাও চে তুঙৰ সমাজতন্ত্ৰ সকলোতকৈ শ্ৰেষ্ঠ নে,

মাজে মাজে সুৰংগৰ ভিতৰৰ সুৰংগত 

আমি প্ৰতিফলিত হওঁ নেকি?


প্ৰথম সুৰংগটোত প্ৰৱেশ নকৰাটোৱে হয়তো 

আমাৰ বাবে আটাইতকৈ ভাল

মাও চে তুঙৰ সমাজতন্ত্ৰ সকলোতকৈ উত্তম 

কিম্বা ক্ষোভত ফাটি পৰা ভোকৰ শ্লোগান


“আমাক এমুঠি ভাত লাগে”৷


মই ক’ত জন্মিছিলোঁ- 

এই কথাষাৰ হয়তো মোৰ মনত ৰখা উচিত

কৈছোঁ--জন্ম হৈছিলোঁ 'বসৰা' চহৰত

সেইখন দেশ, যিখনক সকলোৱে ইৰাক নামেৰে জানে

ইতিহাসেও তাকে সোঁৱৰে ৷

মই কওঁ - মোৰ দেহৰ তেজৰ স্ৰোত মাথোঁ ইৰাকৰ বাবে প্ৰবাহিত

আৰু ইৰাক কোনোদিনে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নহয়



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages