জন্মদিন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, February 1, 2026

জন্মদিন

 


জন্মদিন


                        আগমনি ফুকন শইকীয়া


জন্মদিননো কি !

এটুকুৰা সুস্বাদু কেক

কেইডোখৰমান মিঠাই

এডাল মম

এধানিমান হাঁহি

আৰু

এটা নতুন ৰং-বিৰঙৰ চোলা।


জন্মদিনমানেই 

বেৰত কেইটামান নতুন গঁজাল

আৰু কেইখনমান নতুন ফটো


আচলতে জন্মদিনৰ প্ৰকৃত খবৰ

আৰ্চিখনৰ নখত

আৰু চন্দুকৰ তলত পৰি থকা 

জন্মকুণ্ডলীৰ দুবাহুত


জন্মদিনমানেই

দিনান্তৰ শেষত অস্তগামী বেলিৰ

চিৰাচৰিত যন্ত্ৰণা

আৰু আয়ুসৰ নেওতাত

এটি দিনৰ সুকোমল মৃত্যু


কিন্তু নাজানিছিলোঁ

জন্মদিন মানেই

আইৰ আঁচলৰ সাঁচতীয়া পোহৰ

পিতাইৰ তৰা ভৰা আকাশ…


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages