আলি আঃয়ে লৃগাংঃ ইয়াৰ অতীত আৰু বৰ্তমান
টুনিৰাম মেদক
অসমৰ জনগোষ্ঠীসমূহৰ ভিতৰত এক দ্বিতীয় বৃহৎ জনগোষ্ঠী হৈছে মিচিংসকল। পুৰ্বে পাহাৰত থকা কালৰে পৰাই তেওঁলোকে কৃষি কৰ্মৰ লগত জড়িত। স্বকীয় কৃষ্টি সংস্কৃতিৰ ঐতিহ্যৰে চহকী মিচিং সকল হৈছে, মঙ্গোলীয় নৃগোষ্ঠীৰ তিব্বত-বৰ্মী শাখাৰ এক উপশাখা। কৃষিৰ উপযোগী সাৰুৱা মাটি আৰু অন্যান্য প্ৰাকৃতিক সা-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে নৈপৰীয়া অঞ্চলকে বসবাসৰ স্থান হিচাপে বাচি লৈছিল। পাহাৰৰ পৰা অন্যান্য কাৰণত ভৈয়াম উপত্যকালৈ প্ৰব্ৰজন কৰি খেতিয়েই আছিল তেওঁলোকৰ জীৱিকাৰ প্ৰধান সম্বল। বছৰটোত ঋতু ভেদে বিভিন্ন খেতিত জড়িত হৈ,কৰ্মময় জীৱনৰ কিছু শাৰীৰিক আৰু মানসিক অৱকাশ বিচৰাৰ লগতে আমোদ প্ৰমোদৰো প্ৰয়োজন বোধ কৰে। এনে প্ৰয়োজনীয়তাৰ অভাৱ সমুহ পূৰ্ণ কৰিবলৈ মনত প্ৰৱল ইচ্ছা আৰু তাৰ প্ৰচেষ্টাৰ ফল স্বৰূপে উৎসৱাদিৰ সৃষ্টি হৈছিল। তেনে এটি উৎসৱেই হৈছে, মিচিংসকলৰ বৈশিষ্টপূৰ্ণ জাতীয় উৎসৱ “আলি আ:য়ে লৃগাং”। পৃথিৱীৰ অন্যান্য জনগোষ্ঠীসমুহৰ উৎসৱাদিক লক্ষ কৰিলে, প্ৰায়বোৰ উৎসৱেই কৃষি কৰ্মৰ লগত জড়িত। কৃষিজীৱি মিচিংসকলেও আলি আ:য়ে লৃগাঙত শস্য সিঁচাৰ প্ৰাৰম্ভতে শস্যাদিৰ প্ৰজননৰ শক্তিৰ আধাৰ আই বসুন্ধৰাক (কি:নে নানে) উপাসনা কৰাৰ লগতে সৃষ্টিকৰ্তা দ:ঞি-প:ল (জোন-বেলি), কাৰ্চিং-কাৰ্তাং (বিজুলী বজ্ৰপাতৰ গৰাকী) চিনে-ম:ব (মৃত উপৰি পুৰুষ) আদিৰ সেৱা আগবঢ়ায় মঙ্গল কামনা কৰে; যাতে আগন্তুক বছৰটোত শস্যাদি লহপহকৈ বাঢ়ি অনিষ্টকাৰী পোক পৰুৱা, জীৱ-জন্তু আৰু যিকোনো প্ৰাকৃতিক দুৰ্যোগে অনিষ্ট কৰাৰ পৰা ৰক্ষা কৰি সমগ্ৰ মানৱ জাতিক অন্ন যোগান ধৰে সেয়াই হৈছে ইয়াৰ উদ্দেশ্য ।
আলি আঃয়ে লৃগাঙৰ আক্ষৰিক অৰ্থ হৈছে ‘আলি’ মানে মাটিৰ তলত হোৱা আলু, ‘আঃয়ে’ মানে গছৰ গুটি বা ফল আৰু ‘লৃগাং’ মানে সিঁচিবলৈ আৰম্ভ কৰা অৰ্থাৎ শস্য সিঁচাৰ আৰম্ভণিৰ প্ৰথম দিন। বসন্ত কাল অহাৰ লগে লগে অৰ্থাৎ ফাগুন চ'ত মাহত মিচিং জনগোষ্ঠীৰ প্ৰধান খেতি ধানৰ লগতে এঙে (কচু), অৌঙৃন বা আলি (কাঠ আলু), মৃৰচি(জলকীয়া), তাকে (আদা) আদি ৰুবলৈ আৰম্ভ কৰে। পুৰ্বতে সেই শস্য সিঁচা বা ৰোৱা কাৰ্য অঞ্চল আৰু গাঁও বিশেষে, নিজৰ সুবিধা মতে বেলেগে বেলেগে উদযাপন কৰি কোনো দিন বাৰ নিদ্ধাৰণ কৰা নাছিল। ১৯৫৬ চনৰ পৰাহে বাঃনে কেবাঙৰ সবল নেতৃত্বত, ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনটোত সমগ্ৰ অসমতে গাঁও আৰু নগৰ সমুহত একেলগে আলি আ:য়ে লৃগাং উদযাপনৰ শুভাৰম্ভ কৰে। যিহেতু বুধবাৰৰ দিনটো মিচিং সকলে সকলো ফালৰ পৰা মাঙ্গলিক দিন বুলি গণ্য কৰে। আগতে আলি আ:য়ে লৃগাং আৰম্ভ হোৱাৰ সপ্তাহ পষেকৰ আগত গাঁৱৰ পুৰুষসকলে চিকাৰ লৈ (কিঃৰুগ) গৈছিল। চিকাৰত পোৱা মাছ, মাংস শুকোৱাই লৃগাঙৰ সপ্তাহটোত খাব পৰাকৈ সংৰক্ষণ কৰি ৰাখিছিল। অনুৰুপ তিৰোতা সকলেও সপ্তাহ পষেকৰ আগতেই পুৰাঙৰ বাবে আমকেল (বৰাধানৰ চাউল) উলিয়াই যতনাই থয়। লগতে লৃগাঙলৈ এমাহ থাকোঁতেই পঃৰ আপং (ছাইমদ) বনাই এনেদৰে ৰাখি থয়, যাতে কোনো কাৰণতে অপবিত্ৰ নহয়।
আলি আঃয়ে লৃগাঙৰ দিনা পুৱাই ঘৰৰ গৃহিণীয়ে পথাৰৰ এচুকত কোৰেৰে মাটি চহাই নতুন শস্য সিঁচাৰ আৰম্ভ কৰিছিল। এই কাৰ্যকেই “লৃগ্ গদ” বুলি কোৱা হয়। সম্প্ৰতি এই লৃগ্ গদ কাৰ্য আনুষ্ঠানিকভাৱে কৰা দেখা যায়। লৃগ্ গদৰ মাঙ্গলিক কাৰ্য সম্পাদন কৰিবৰ বাবে এটা বিশেষ জেগাত মাটি চাহ কৰি লোৱা হয়। এই কাৰ্যত কঠিয়া যেনে চিংকিগ আলি (শিমলু আলু), ঙিনতি আলি (মিঠা আলু), মা:ঞং আলি (কাঠ আলু), এঙে (কচু), কামৰলি (পাত আলু) , তৌপাং (গোমধান), গুনি আম (আওধানৰ কঠিয়া) সংগ্ৰহ কৰি চিদ্ নে আনে (তিৰোতা গৰাকী) এগৃনত (হোৰা) ভৰাই মুৰত ওলোমাই লৈ যায়।চিদ্ ব আবু (পুৰুষ) গৰাকীয়ে মিদ্ দা আৰু দা:নৃগ (কাঠ বা বাঁহেৰে এমুৰ জোঙাল কৰা সজুলি) লৈ লৃগ্ গদ থলীত পোৱা পাছত দুয়ো পূবলৈ মুৰ কৰি, পুৰুষজনে লগত অনা মিদ্ দা নাইবা দা:নৃগেৰে চহাই থোৱা জেগাত সৰু সৰুকৈ গাত লগাব আৰু তিৰোতা গৰাকীয়ে হোৰাত অনা কঠিয়া এটা এটাকৈ গাতত দি, মোহাৰি প্ৰতীকি ৰূপত লৃগ্ গদ কাৰ্য সম্পাদন কৰে। ইয়াৰ পাছতে লগত অনা চাৰিডাল মেখেলা গছ চাৰি চুকত পুতি সূতাৰে বান্ধি দিয়ে। শেষত বিশেষ প্ৰণালীৰে তাকু কুবাদ কাৰ্য সমাধা কৰি, দঃঞি-পঃল, চেঃদি-মেঃল আদিক আশীষ বচন মাতি লৃগ্ গদৰ স্থানটোৰ চাৰিওফালে ঘড়ীৰ কাটাৰ গতিৰ বিপৰীতে পাঁচবাৰ ঘুৰি গোমৰাগ নৃত্য কৰি লৃগ্ গদ কাৰ্য সমাপন কৰা হয়।
লৃগ্ গদ মাঙ্গলিক কাৰ্য সম্পাদন হোৱাৰ পাছত আৰম্ভ হয় ভোজন আৰু আনন্দপৰ্ব। গোমৰাগ ঢোলৰ চেও আৰু লেঃনং-বাৰবাঙৰ ধ্বনিয়ে আকাশ বতাহ মুখৰিত কৰি মুৰং ঘৰৰ লত্তা উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি কৰে। কৌপাতেৰে বন্ধা বৰা চাউলৰ পুৰাঙৰ লগতে ঙচান(শুকান মাছ) আৰু দৃনচান (শুকান মাংস) আঞ্জা ৰান্ধি খোৱা হয়। বৰ্তমান কেঁচা মাছ আৰু গাহৰি মাংসৰ ব্যৱহাৰো কম নহয়। এই উৎসৱত সাধাৰণতে পঃৰ আপং ব্যৱহাৰ কৰে। নামচিংৰ (মাছ শুকাই চূঙাত খুন্দি থোৱা মাছ) লগত কচুৰ পাত আৰু ঠাৰিৰে বনোৱা আঞ্জাও খাদ্য তালিকাৰ এটা মূল উপকৰণ। এই উৎসৱত ডেকা-গাভৰু, বুঢ়া-মেথা, ল’ৰা-ছোৱালী সকলোৱে সমজুৱা বাবে অধিকাৰ লাভ কৰে। দুপৰীয়াৰ পৰা ৰাইজে ভোজন কৰাৰ লগতে গৰখীয়া লৰাবোৰেও প্ৰতি ঘৰে ঘৰে নিশা দেৰিলৈকে খোৱা -বোৱা কৰে যদিও, কোনো কোনো ঠাইত ইয়াৰ কিছু ব্যতিক্ৰমো নোহোৱা নহয়।
তাৰ পাছতে ডেকা -গাভৰু সকলে প্ৰতি ঘৰে ঘৰে গোমৰাগ চঃমান নাচে। গোমৰাগত লঃলে নি:তম গাই ঢোলৰ তালে তালে গাই নাচে যদিও গীততকৈ নৃত্যৰ প্ৰাধান্য বেছি হোৱা দেখা যায়। লৃগাঙত গোৱা গীত আৰু নৃত্যৰ নিজস্ব এক তাৎপৰ্য আছে। ইয়াৰ পৰিৱেশন ৰীতি, গীত, নৃত্য আৰু ঢোলৰ ধ্বনি বেলেগ উৎসৱত পৰিবেশন কৰা নহয়। ডেকাসকলে নিজস্ব গন্ ৰ উগন, গালোগ আৰু মুৰত মেৰপুং, গাভৰুসকলে ৰি:বি-গাছেং, মচাঃনাম এগে, হাতত লাকপুন, খোপাত দুমপুন আৰু ডিঙিত দকপুন পিন্ধি গোমৰাগ নৃত্য পৰিৱেশন কৰে। বিহুৰ হুঁচৰি গাওঁতে ঢোলৰ চেৱে চেৱে শাৰী শাৰীকৈ নচাৰ দৰে ডেকা-গাভৰু আটায়ে শাৰী শাৰীকৈ বৃত্তাকাৰে এক বিশেষ পদচালনাৰে নৃত্য কৰে, তাকে দাকে:-কে:লা চঃনাম বুলি কোৱা হয়। তাৰ পিছৰ দিনা অৰ্থাৎ দ্বিতীয় দিনা পুৱাৰ পৰা পুনৰ ঘৰে ঘৰে প্ৰত্যেক ঘৰৰ চোতাল গচকি ডেকা -গাভৰু একত্ৰিতভাৱে গোমৰাগ চ:মান কৰাটো নিয়ম। গোমৰাগ নৃত্যৰ বিষয়বস্তু সাধাৰণতে চিকাৰ কৰা, বোৱা কটা, ধান কটা, ধান সিঁচা, মাছ মৰা আদি বিভিন্ন দৃশ্য ফুটাই তুলি নৃত্য কৰি, গৃহস্থই আগবঢ়োৱা টকা, আপং আদি গ্ৰহন কৰি আশীৰ্বাদ দি যায়। তৃতীয় দিনা আগৰ দুদিনত পোৱা টকা, আপং আদিৰে সকলোৱে মিলি দপানতৃ:পান (ভোজভাত) খায়। চতুৰ্থ দিনা কোনো কামবন নকৰি সম্পূৰ্ণ গেনা হৈ থাকে। গেনাত মাটি খন্দা, বেত, বাঁহ, খেৰ, গছ আদি কটা বন্ধ থাকে। পঞ্চম দিনা চাগলেন বা লি:লেন (গেনা ভঙ্গ) কাৰ্য সম্পাদন কৰিবলৈ ঘৰৰ একোজন পুৰুষ ৰুগ্ বাদলৈ যাব লাগে। ৰুগ্ বাদ(গেনা ভঙ্গ) ৰ চিকাৰ কাৰ্য আৰু কি:ৰুগ (লৃগাঙৰ আগৰ চিকাৰ কাৰ্য) আগতে আছিল যদিও বৰ্তমান বনবিভাগৰ,বন সংৰক্ষণৰ প্ৰতি সন্মান জনাই উক্ত কাৰ্য লোপ পাই আহিছে। এইদিনা মাছ বা মাংসৰে গধূলি জুই আৰু লৃ:চিক কি:ৰে (জাকি) আপংদি ধোৱাই পেতম পেকি কৰি চাগলেন বা লি:লেন কাৰ্য সম্পাদন কৰি পাঁচদিন আলি আ:য়ে লৃগাং উৎসৱ পালন কৰা হয়।
পূৰ্বতে আলি আ:য়ে লৃগাং পাঁচদিন ধৰি পালন কৰি আহিছিল যদিও বৰ্তমান এদিনতে গাৱঁৰ সমুহ ৰাইজে মিলি লৃগ্ গদৰ পৰা আৰম্ভ কৰি সন্ধিয়ালৈ সকলো কাৰ্যসূচী সমাপন কৰা হয়। অৱশ্যে আজি কিছু বছৰৰ আগৰ পৰা বাঃনে কেবাঙে পাঁচদিনলৈকে আলি আ:য়ে লৃগাং পালনৰ কাৰ্য্যসূচী আৰু নিৰ্দেশনা ঘোষণা কৰা দেখা গৈছে। লৃগাং আগতে গাঁৱলীয়া পৰিৱেশত গাৱঁতেই আৱদ্ধ হৈ আছিল যদিও বৰ্তমান নগৰত বসবাস কৰা মিচিং ৰাইজেও জাকজমকতাৰে পালন কৰা দেখা গৈছে। অতি সম্প্ৰতি আলি আ:য়ে লৃগাং পথাৰৰ পৰা মঞ্চলৈও উঠিছে। বহু অঞ্চলত আঞ্চলিক আৰু কেন্দ্ৰীয় ভাৱেও উদ্ যাপন কৰি গোমৰাগ চঃমানকে ধৰি অন্যান্য প্ৰতিযোগিতা পতাও পৰিলক্ষিত হৈছে। সি যি কি নহওঁক আলি আঃয়ে লৃগাঙৰ নীতি নিয়ম অলপ ইফাল সিফাল হ’লেও আধুনিকতাক ধোৱাই মূল নীতি নিয়মৰ পৰা আতঁৰি আহি বিকৃত কৰিব নালাগে।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬


No comments:
Post a Comment