বেলিৰ বাট
দীপক সূত্ৰধাৰ
ওদালগুৰি
ৰঙা বেলি এটা লৈ আমাক জগাই তোলা
অ' কণমানি মইনা
তুমি সকলোকে পোহৰাই তোলা
বেলি এটা লৈ সজীৱ কলৰোল এটা ।
তোমাৰ সোণ-ৰঙা বেলিৰ
সৰল উচ্ছল পোহৰৰ উল্লাস
বিয়পি যায় চুবুৰীৰ জেলেকা চোতাল গোবাট মচি
পাহাৰলৈ নদীলৈ আকাশলৈ গছ বন মানুহলৈ
ৰং-বিৰঙৰ চিলাৰে খলমলাই মোলান বতাহ
মোকো তুমি ধৰি ৰাখা সৰল কোমল আঁকবাঁকেৰে
অথচ তুমি কেনেকৈ জানিবা
আমাৰ ডুবি যোৱা বেলিয়ে বিচাৰিছে তোমাৰ আঙুলি
আমাৰ বাটৰ গাঁতত তোমাৰ বেলিৰ পোহৰ
জপিয়াই জপিয়াই তোমালোক গৈ থাকিবা,
পিতামহৰ মমতা আৰু দায়িত্বেৰে গছবোৰে লৈ থাকিব
জলফাই পাতৰ জলমল মুকুট ।
No comments:
Post a Comment