বৰদৈবাম বিলমূখ পক্ষী উদ্যান
প্রগ্ৰেছ মেদক
১৯৯৬ চনত ৩ জুলাই তাৰিখে অসমৰ দ্বিতীয়খন পক্ষী উদ্যান অভয়াৰণ্য ৰূপে স্বীকৃতিৰ প্ৰাথমিক অধিসূচনা লাভ কৰা বৰদৈবাম বিলমূখ বিলক আকৰ্ষণীয় পৰ্য্যটনস্থলী হিচাপে গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাবনা থকা স্বত্বেও অসম চৰকাৰৰ কেতবোৰ নেতিবাচক চিন্তা চৰ্চাৰ বাবে বিলখনৰ ভবিষ্যৎ সংকটাপন্ন হৈ পৰিছে।
বৰদৈবাম বিলমূখ বিলৰ সমীপৰ গাওঁ সমূহৰ অবাদ মূক্ত বিচৰণ, জালপাতি চৰাই ধৰা, কৰ্ত্তৃত্বহীন বাবে মাছ ধৰা বিষয়টোক লৈ প্ৰকৃতিপ্ৰেমী সংগঠনবোৰে দীর্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছিলে। শেহতীয়াকৈ বিলমূখ সমুদায় ভূমি অবৈধ বাবে বে-দখল কৰি সমীপবর্তী গাৱঁৰ বাসিন্দাই উদ্যান খনৰ অস্তিত্ব বিহীন কৰিছে।
১৯৯৬ চনত ই অসমৰ দ্বিতীয়খন পক্ষী উদ্যান তালিকাত আৰু ভাৰতবৰ্ষৰ স্হানৰ এখন উল্লেখযোগ্য দেশী বিদেশী পক্ষীৰ বিচৰণ আৰ্দ্ৰভূমি বুলি চিহ্নিত হয়। ২০০২ চনত ৰামচাৰ স্হান চিনাক্ত কৰা কৰ্ত্তৃ পক্ষলৈ ৰামচাৰ স্হান হিচাপে ঘোষণা বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল অসম চৰকাৰক।
উদ্যানখনৰ দাঁতি-কাষৰীয়া অঞ্চলৰ খেতিয়কৰ বে-দখল কৰি খেতি কৰা কাৰ্যই পক্ষীকূলৰ (দেশী বিদেশী) ভাবুকিৰ সৃষ্টি কৰি চৰাইৰ বিচৰণৰ পৰিৱেশ সম্পূৰ্ণ বিনষ্ট কৰে। তাৰ পিছতো মানুহৰ অবাধ মাছমৰা কাৰ্য্যই সেয়া অঞ্চলটোৰ পক্ষীকূলৰ ভাবুকি হৈ পৰে বুলি মত প্ৰকাশ কৰিছে পৰিৱেশবিধ সকলে।
(আগলৈ……………..)
No comments:
Post a Comment