কুকুৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, October 2, 2021

কুকুৰ

 কুকুৰ

টম মেদক



'কুকুৰৰ পৰা সাৱধান'

পদূলিমুখত ভুকি ভুকি মালিকৰ পক্ষ ল’বলৈ

এই জানােৱাৰটোক কোনে প্রথম ঘৰচীয়া কৰিছিল !

এতিয়া আমাৰ ঘৰতাে


এই জন্তুটোক পােহে (পাগল নােহােৱালৈকে)

অৱশ্যে, কুকুৰক মােৰ দৰে হবলৈ নকওঁ

বৰঞ্চ ঘৰচীয়াৰ পৰা বনৰীয়া হ'বলৈকে

উপদেশ দিওঁ।


আনকি যুধিষ্ঠিৰৰ কুকুৰটোকো

ধৰ্মৰ গােড়ামিত নপৰিবলৈ সকীয়াই দিওঁ।


বেলিৰ শুকান হাড় কামুৰি

সময়ক নষ্ট নকৰিবলৈ

আৱাহন কৰোঁ।


নেজ পেলােৱা আৰু জিভাৰে অনবৰতে লেলাউটি

পৰি থকা

সেই জন্তুটোক কোনে প্রথমে মানুহ বুলি

নামকৰণ কৰিলে।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages