সূৰ্যটো দূৰতকৈও দূৰত থাকিও
ত্ৰিৰঞ্জন টাইড
সূৰ্যটো দূৰতকৈও দূৰত থাকিলেও
পোহৰে সদায় সঞ্চাৰ কৰে আমাৰ হৃদয়ত প্ৰাণৰ গঙ্গাৰ বন্দৰ
পোহৰে সদায় সদৰী কৰে আমাৰ হৃদয়ত প্ৰান গঙ্গাৰ ওচৰ চুবুৰি
পিছে
তুমি আমি
কাষতকৈও কাষত থাকিও
কথা পাতো
হৃদয়ৰ দূৰত্ব সদৰি কৰি
হৃদয়ৰ চুবুৰি ভাঙি ।
(দুই )
ঋতুবোৰ আহে আৰু যায়
দূৰণিবটীয়া আলহীৰ দৰে,
আমাৰ বুকুত চেনেহৰ কঠিয়া পাৰি
আমাৰ বুকুত মৰমৰ ডাঙৰি বান্ধি ,
বান্ধৈ - - -
এনেকৈয়েই
এনেকৈয়েই
দিনবোৰ আমাক বিদায় দি গুচি যায়
হাতে হাতে ফুটুকীয়া চিঠি বিলাই ।
No comments:
Post a Comment