শিয়ালৰ সাধু
জিতেন নৰহ
সান্ধ্য আৰতিয়ে গিলিব খুজা
কাণিমুনি সন্ধিয়া এটাত
হঠাৎ শিয়ালৰ হোৱা এটাই লুটিয়াই থৈ গ'ল
মোৰ সোণসেৰীয়া শৈশৱৰ সেউজীয়া পৃষ্ঠা।
কুমলীয়া কলিজাটোক আতংকিত কৰি
গাৰ নোম নেদেখা আন্ধাৰতো
আমাৰ নোমবোৰ থিয় হৈছিল
আইতাৰ আপং বাতিত জী উঠা
সিজোৱা কচু খোৱা শিয়ালবোৰৰ সাধুত।
তুংগেঙৰ পৰা আইতাৰ য়ুপ্ক আচুবলৈ
গজি উঠা সাধুকথাৰ অৰণ্য গচকি
তামোলৰ হাঁচতি বিচাৰি আমি
উঠি যাব পৰা নাছিলো৷
কি ঠিক !
দুৱাৰ চুকতে হয়তো লুকাই আছে
আমাৰ ভাগৰ পিঠা কাঢ়ি খোৱা ধূৰ্ত শিয়ালবোৰ!
এই শিয়ান শিয়ালবোৰৰ বাবেই
ককা-আইতাহঁতে কিমানবাৰ যে হেৰুৱাইছিল
আমাৰ বাবে অনা মাহ-প্ৰসাদ আৰু পিঠা-পনা৷
খং উঠি শাও দিছিলোঁ শিয়ালবোৰ নিপাত যাওক৷
হাঁহ ধৰিবলৈ গৈ টোপনি খটি কৰা শিয়ালবোৰ
যেতিয়া শুই থাকে হালোৱা পুৱাৰ পথাৰত
পথাৰ উপচি চিঞৰৰ ৰোল উঠে ৷
চিঞৰবোৰে বাট কাটে শিয়ালৰ আয়ুস ৰেখাৰ।
দবুৰ পূজাৰ দিনটোলৈ বাট চাই চাই
ডাঢ়ি গোফৰ স'তে কৈশোৰত
সাহস অকণ গজি উঠিছিল ৷
দাদাহঁতৰ লগত এদিন চামিল হৈছিলো
শিয়াল খেদা চিকাৰত ৷
আৰু চিকাৰী হাতত লাহে লাহে
হেৰাই থাকিল নিচুকনিৰ সেই মায়াসনা ৰাতিবোৰ -
-শিয়ালিয়ে নাহিবি ৰাতি
তোৰে কাণে কাটি লগামে বাতি...
কি আচৰিত !
আমাৰ ল'ৰা ছোৱালীয়ে এই নিচুকনিত ভোল নাযায়
ৰাতি বাৰ বজালৈকে টিভিত ভুতৰ চিনেমা চায় !
টোকাঃ মিচিং শব্দৰ অৰ্থ
তুংগেং > ঘৰৰ বাহিৰৰ চাং
য়ুপ্ক আচুব > শোৱা পাটি
দবুৰ পূজা > জেঠ মাহৰ ১৫ তাৰিখে ৰাজহুৱাকৈ পতা পূজা৷

No comments:
Post a Comment