এতিয়া আৰু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, November 6, 2021

এতিয়া আৰু

 এতিয়া আৰু ...

মিনু হাজৰিকা

গুৱাহাটী



ব্যস্ততাৰ অজুহাততে অভিযোগ বোৰ কৰিবলৈ

বাদ দিলো ৷


সময়ৰ কূটিলতাৰ আহ্বানত

এই মায়াৰ চহৰত এতিয়া 

তুমি আৰু মই ৷


ব্যস্ততাৰ অজুহাততে ...

হাতে হাত ধৰি 

ওলাই নহা হলোঁ ৷


দিঘলী পুখুৰী পাৰ কিংবা

উমানন্দৰ তটত ৷

য’ত শিলে আৰু ঢৌৱে মিলি

অবিৰত ভাবে কৰে 

চুম্বনেৰে শত ব্যস্ত প্ৰেমিকৰ

অজুহাত নাশ ৷


ব্যস্ততাৰ বাবেই চাগে 

অৱস্থান আজি দুয়োৰে

দুই মেৰুত প্ৰবাস ৷




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages