মাদক দ্ৰব্য
পূৰৱী মৰাং
মাদকদ্ৰব্যৰ ব্যৱহাৰ বা সেৱন বৰ্তমান সমাজৰ এক ব্যাধিৰূপে দেখা দিয়া পৰিলক্ষিত হৈছে৷ আমাৰ সমাজখনত বিৰূপ প্ৰভাৱ পেলোৱা এই মাদক দ্ৰব্যসমূহ, যেনে- মদ, কানি বা আফিং, ভাং, চিগাৰেট, ধঁপাত আদি খোৱাৰ পাছত মানুহৰ চিন্তাশক্তিত ব্যাঘাত জন্মাৰ বাবে তেনে মানুহে অস্বাভাৱিক আচৰণ কৰে৷ এনেধৰণৰ মানুহৰ শৰীৰ ও মগজুত প্ৰভাৱ পেলোৱা নিচাজাতীয় বস্তুকে মাদকদ্ৰব্য বোলে৷ আমাৰ দেশত বৰ্তমানে প্ৰয়োগ হোৱা মদ,ভাং,কানি আৰু ধঁপাতেই হ’ল সাধাৰণ শ্ৰেণীৰ মাদকদ্ৰব্য৷ ইয়াৰ উপৰিও "ড্ৰাগ" নামৰ মাদকদ্ৰব্যবিধৰ প্ৰচলনে সমাজত ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এইবিধক জীৱনান্তক মাদকদ্ৰব্য বুলিও কোৱা হয়৷ হিৰোইন,কোকেইন,ব্ৰাউন ছুগাৰ আদি বিভিন্ন নামেৰে পৰিচিত এই মাৰাত্মক দ্ৰব্য ড্ৰাগে ভাৰতৰ লগতে বিশ্বৰ অন্যান্য দেশসমূহৰ যুৱ সমাজক প্ৰচুৰভাৱে ক্ষতিসাধন কৰিছে৷
বৰ্তমান যুৱ সমাজত নিচাযুক্ত দ্ৰব্য সেৱনৰ আসক্তি দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা গৈছে। ই সমাজৰ বাবে এক ভয়াবহ স্ংকট বুলি ক’ব পাৰি। কিয়নো, যুৱ সমাজ হৈছে সমাজ তথা দেশ গঢ়াৰ মূল ভেটিস্বৰূপ। এই ভেটি সুদৃঢ় নহ’লে সমাজত শান্তি সম্ভৱ নহয়। প্ৰচলিত নিচাযুক্ত দ্ৰব্যৰ ভিতৰত মদ, ধঁপাতৰ দ্বাৰা তৈয়াৰী অন্যান্য দ্ৰব্য আদি স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক দ্ৰব্য। অকল শাৰীৰিকেই নহয়, মানসিক স্বাস্থ্যৰ বাবেও ই পৰিপন্থী। এই দ্ৰব্যসমূহ পান কৰিলে সুস্থ মগজুৰ স্নায়ুতন্ত্ৰত বিশৃংখল ঘটে আৰু ইয়াৰ মাত্ৰা অধিক হ’লে বিবেক আৰু হিতাহিত জ্ঞানশূন্য হয়। মাদকদ্ৰব্য দীৰ্ঘদিন সেৱনৰ ফলত স্মৃতিশক্তি, দৃষ্টিশক্তি, ধাৰণাশক্তি ক্ষীণ হোৱাৰ উপৰি হাওঁফাওঁ, হৃদযন্ত্ৰ, স্নায়ুদুৰ্বলতা আৰু ৰক্তচাপ বৃদ্ধি ৰোগৰ সৃষ্টি কৰে। ইয়াৰ বাহিৰেও পাকস্থলী, প্লিহা, যকৃত, অন্ত্ৰ আদিত হোৱা কৰ্কট ৰোগ আৰু যকৃতত হোৱা ‘লিভাৰ ছিৰ’ছিছ’ নামৰ কঠিন ৰোগ মদ পানৰ পৰা সৃষ্টি হোৱা দেখা যায়। আনহাতে এই ৰাগিয়াল দ্ৰব্য সেৱনৰ ফলত মানুহৰ নিদ্ৰাহীনতা বৃদ্ধি হয়, মূৰৰ বিষ, মগজুৰ ৰোগ, ৰক্তহীনতা, তেজৰ কৰ্কট ৰোগ, শ্বাসৰোগ, নেফ্ৰাইটিছ বা কিডনীৰ ৰোগ, টন্ছিলাইটিছ, গ্ৰেষ্টাইটিছ বা পেটৰ ৰোগ, মুখ, ওঁঠ, পেট, মূত্ৰাশয় আদিৰ বেমাৰ হ’ব পাৰে৷এই ক্ষেত্ৰত উল্লেখযোগ্য হ’ল সমগ্ৰ দেশত কৰ্কট আৰু আন কঠিন ৰোগৰ প্ৰকোপ সৰ্বাধিক। মদ্যপানৰ লগত মাত্ৰাধিক মাংস ভোজন আৰু অন্যান্য নিচাযুক্ত বা ৰাগিয়াল দ্ৰব্য সেৱন ইয়াৰ একমাত্ৰ কাৰণ। অকল ৰোগ সৃষ্টিয়েই নহয়, বিভিন্ন অপৰাধমূলক ঘটনা, দূৰ্ঘটনা, অসামাজিক কাৰ্যৰ অধিকাংশই ইয়াৰেই পৰিণতিস্বৰূপ৷
মাদকদ্ৰব্যই মানুহক ৰুগীয়া কৰে, আয়ুস কমায়৷ আৰ্থিকভাৱেও মানুহৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায়৷ মাদকদ্ৰব্য বৰ্জন কৰাটো সভ্য সমাজৰ পৰিচায়ক৷ কাৰণ ৰাগিয়াল বস্তু যিমানে খায়, সিমানে ইয়াৰ বাবে আসক্তি বাঢ়ে৷ এই আসক্তিয়েই এটা সময়ত স্বভাৱত পৰিণত হয়৷
মাদকদ্ৰব্য সেৱন কৰাৰ দুটা দিশ থাকে৷ এটা হ’ল- প্ৰত্যক্ষ সেৱনকাৰী৷ আনহাতে আনটো দিশ হ’ল পৰোক্ষ সেৱনকাৰী৷ যিজনে এই নিচাজাতীয় মাদকদ্ৰব্যসমূহ সেৱন কৰে তেওঁ হ’ল প্ৰত্যক্ষ সেৱনকাৰী৷ সেইদৰে যিজনে নিজে সেৱন নকৰে কিন্তু সেৱন কৰা মানুহৰ সংস্পৰ্শত থাকে তেৱেই হ’ল পৰোক্ষ সেৱনকাৰী৷ ৰাজহুৱা স্থানত সেৱন কৰা মাদকদ্ৰব্যই পৰোক্ষভাৱে আনকো ক্ষতি কৰে৷ৰাজহুৱা স্থানত ধূমপান কৰি ধোঁৱা এৰাটো এটা অতি গৰ্হিত কাম৷ বহু দেশ তথা ভাৰতৰ দুই এখন ৰাজ্যত সেয়ে ৰাজহুৱা স্থানত ধূমপান কৰাটো নিষেধ কৰা দেখা যায়৷
সাধাৰণতে মাদকদ্ৰব্য সেৱন কৰাৰ কাৰণ কি বুলিলে একেষাৰেই কোৱা টান৷ কিছুমানে ঔষধ হিচাপে কদাচিত ব্যৱহাৰ কৰে যদিও বেছিভাগেই এই মাদকদ্ৰব্য সেৱন কৰে সংগদোষৰ ফলত৷ কিছুমানে আকৌ কিছুমান মানসিক কাৰণটো মাদকদ্ৰব্য সেৱন কৰে৷ কিছুমানে ঘৰুৱা অশান্তিৰ পৰা হাত সাৰিবলৈ, পিতৃ- মাতৃৰ স্নেহৰ পৰা বঞ্চিত হোৱাৰ ফলত অথবা কিছুমানে নোপোৱা কিবা এটা পাবলৈ আকাংক্ষা কৰি এই ৰাগিয়াল দ্ৰব্যসমূহ সেৱন কৰিবলৈ শিকে৷
মদ হ’ল এক সামাজিক ব্যাধি, মদে মানৱ জাতি ধ্বংস কৰিব পাৰে ৷ ধৰ্মগ্ৰন্থতো উল্লেখ আছে সুৰাপানৰ বাবেই ভগৱান শ্ৰীকৃষ্ণৰ যদুবংশ এদিন ধ্বংস হৈছিল ৷ সমাজক ধ্বংস কৰা, পৰিয়ালক ধ্বংস কৰা এনে ব্যৱসায়ৰ সমাজত প্ৰয়োজনীয়তা আছেনে? সুৰা পান কৰাৰ অপকাৰীতাৰ বিষয়ে জ্ঞাত হৈও বাৰু আমি কিয় নিমাত হওঁ ?
মাদকদ্ৰব্য সেৱনৰ ফলস্বৰূপে ব্যক্তিৰ আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতা নাইকিয়া হৈ যায়৷ এই মাদকদ্ৰব্যই বিশ্বৰ অসংখ্য মানুহৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱন ধ্বংস কৰি দিছে৷ সেয়েহে সমাজৰ, দেশৰ মানুহৰ কল্যাণ আৰু শান্তিৰ বাবে এই মাদকদ্ৰব্য সেৱন বা ব্যৱহাৰৰ বিৰুদ্ধে ব্যাপক কাৰ্যকৰী ব্যৱস্থা লোৱাটো অতীব প্ৰয়োজন৷ কাৰণ মাদকদ্ৰব্য ব্যৱহাৰ হ’ল একপ্ৰকাৰ সামাজিক ব্যাধি৷ ই একো একোজন মানুহক, পাৰিয়ালসমূহক তথা একো একোখন সমাজক ধ্বংসৰ গৰাহলৈ লৈ যায়৷ সেয়েহে সমাজৰ সকলোৱে এনে বদ অভ্যাস ত্যাগ কৰা বা নিজেও পৰিহাৰ কৰি থকাৰ সিদ্ধান্ত লোৱা উচিত৷
No comments:
Post a Comment