যুদ্ধ
ববী দত্ত
যুদ্ধৰ কুচকাৱাজ চলিছে
হাতৰ তলুৱাত কৰ্কশ চাপৰিৰ যুদ্ধ
ওঁঠত শব্দৰ যুদ্ধ
চকুবোৰত জুইৰ আঙঠা
ধাৰাল অস্ত্ৰৰ লগত অস্ত্ৰৰ
মৃত্যুৰ লগত জীৱনৰ যুদ্ধ
অস্ত্ৰবোৰ তীক্ষ্ণ নোহোৱালৈকে ধৰাই থকা হৈছে
নতুন কাহিনী এটাৰ বুকুত জাহ গৈছে পুৰণি কাহিনীৰ নীতিদীৰ্ঘ ছাঁ
যুদ্ধৰ কথা শুনিয়েই মানুহবোৰৰ উশাহত উলমিছে বুকু
বুকুৰ স্পন্দন ঘন হোৱাৰ বাবেই ভৰিবোৰে হেৰুৱাইছে স্থিৰতা
কুষ্মাণ্ড সদৃশ শৰীৰবোৰে চোঁচৰাইছে ভৰিৰ আঙুলি
যুদ্ধৰ কথা শুনি মানুহবোৰ নৰিয়াত পৰি ভ্ৰম বকিবলৈ ল'লে
যুদ্ধৰ ধূসৰ ছবিত সিহঁত ওপঙি আছে, ওপঙি আছে
সিহঁতৰ চিতাবোৰ দপদপকৈ জ্বলিছে
অনিমন্ত্রিত চগাবোৰ জাহ গৈছে।
কাৰ বুকুত যুদ্ধৰ ধোঁৱাই কুণ্ডলী পকায়?
আকাশত জাক জাক শগুন
মৃত ,গেলা দেহৰ গোন্ধত সিহঁত পাগল পক্ষী
সিহঁতে নাজানে যুদ্ধৰ পৰা যুদ্ধলৈ কিমান দূৰত্ব
যুদ্ধৰ পৰা যুদ্ধলৈ কেইটা ঘড়ী
কিমান শব্দ,উশাহ,আত্মা,কান্ধোন
ডাৱৰ আৰু নাই বুলিলেই যুদ্ধ শেষ হৈ নাযায়
যুদ্ধ মানেই জীৱন নহয়,কিন্তু জীৱনত যুদ্ধ হয় বাৰে বাৰে
যুদ্ধ মানেই সূৰ্য নহয়,কিন্তু সূৰ্যৰ দৰে অপাৰ শক্তি লাগিব যুদ্ধৰ বাবে
যুদ্ধ মানেই জয় নহয়,কিন্তু জয়ী হবলৈ যুদ্ধৰ অত্যন্ত প্ৰয়োজন আছে।
যুদ্ধ এক জটিল পৰীক্ষা
যুদ্ধ এক প্ৰগাঢ় প্ৰচেষ্টা
হাতৰ,ওঁঠৰ, চকুৰ,অস্ত্ৰৰ অথবা জীৱনৰ!
যুদ্ধৰ মান জন্মৰ পৰা মৃত্যূলৈকে
আবদ্ধ।
যুদ্ধ কোনোদিন নহয় বুদ্ধ।
No comments:
Post a Comment