খিলঞ্জীয়াৰ (!) চৰকাৰৰ দিনতে
ভূমিহীন খিলঞ্জীয়াৰ বিননি
ৰয়েল পেগু
জোনাই
অসমৰ ভূমিপুত্ৰসকলৰ ভূমি সমস্যাই দিনে দিনে অধিক জটিল হৈ আহিছে। খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ ৰাইজৰ ভূমি অধিকাৰ সুৰক্ষিত হোৱাৰ বিপৰীতে ভূমিহীন ভূমিপুত্ৰৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে। ভূমি হৈছে ভূমিপুত্ৰ খিলঞ্জীয়া ৰাইজৰ জন্মস্বত্ব অধিকাৰ। ভূমিক সাৰথি কৰিয়েই ভূমিপুত্ৰ খিলঞ্জীয়া কৃষক ৰাইজে জীৱন চৰ্যা কৰি আহিছে। গ্ৰাম্যপ্ৰধান অসমত বৰ্তমানেও কৃষি কাৰ্যই জীয়াই থকাৰ প্ৰধান সম্বল। কৃষক ৰাইজে সেউজীয়া পথাৰত সোণোৱালী সপোন ৰচি অসমীয়া চহা জীৱনৰ সংস্কৃতিক বৰ্ণময় আৰু সমৃদ্ধ কৰি ৰাখিছে। গ্ৰাম্য সমাজে স্বকীয় সংস্কৃতিৰ বাহক আৰু ধাৰক। কৃষকসকলেই গ্ৰাম্য অৰ্থনীতিৰো বুনিয়াদ গঢ়োতা খনিকৰ। কিন্তু বৰ্তমান ভূমিহীন কৃষক সংখ্যাধিক সমস্যাই চিন্তাৰ কাৰণ হৈ পৰিছে। বিশেষকৈ বানপানী আৰু গৰাখহনীয়াৰ লগতে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া মানুহে স্থানচ্যুত হৈ ভূমিহীন হ'বলগা হৈছে। দ্ৰুত নগৰিকৰণ, উদ্যোগিকৰণৰ ফলটো কৃষক ৰাইজে স্থানচ্যুত হৈ ভূমিহীন অঘৰী জীৱন যাপন কৰিব লগীয়া হৈছে। ভূমিৰ অবিহনে সপোন দেখিব নোৱৰা ভূমিপুত্ৰ খিলঞ্জীয়া ৰাইজৰ সপোনবোৰ অকালতে মৰহি গৈছে। চৰকাৰে খিলঞ্জীয়া ৰাইজক ভূমি পট্টা প্ৰদান কৰাৰ কথা সততে কৈ আহিছে। কিন্তু চৰকাৰৰ কথা আৰু কামৰ বিসংগতি সৰ্বজনবিদিত। অনুসূচিত জনজাতি বনবাসী আৰু অন্যান্য পৰম্পৰাগত বনবাসী (বন অধিকাৰ আইন)-2006 ৰ অধীনত ভূমিপুত্ৰ খিলঞ্জীয়া জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ৰাইজক ভূমি পট্টা প্ৰদান কৰা কথা সততে কৈ আহিছে। কিন্তু সেয়াও বিভিন্ন ৰঙা ফিটাৰ মেৰপাকত বন্দী। হালুৱা-বনুৱা-শ্ৰমিকসকলেই দেশ আৰু জাতিৰ ধৰণী ধৰোতা। এই অন্নদাতা কৃষক-শ্ৰমিক ৰাইজক জন্মস্বত্ব ভূমি অধিকাৰ পৰা বঞ্চিত কৰি কেতিয়াও দেশ আৰু জাতিৰ প্ৰগতিৰ সোপান ৰচনা কৰিব নোৱাৰে।
খিলঞ্জীয়াৰ (!) চৰকাৰৰ দিনতে ভূমিহীন খিলঞ্জীয়াৰ বিননি শুনা গৈছে। খিলঞ্জীয়াৰ চৰকাৰৰ দিনত ভূমিপুত্ৰৰ বিপৰ্যয় সীমা নোহোৱা হৈছে। লাইকা-দধীয়াবাসীৰ পৰা আৰম্ভ কৰি আমচাং, ধেমাজি, জোনাই, শদিয়া আদি বিভিন্ন ঠাইত ভূমিহীন খিলঞ্জীয়াৰ লাঞ্ছনা-বঞ্চনা আৰু দুৰ্দশাৰ অবৰ্ণনীয় কাহিনী বিদ্যমান।
আজিও অনিশ্চিত হৈ আছে লাইকা-দধীয়াবাসীৰ পুনৰ সংস্থাপন। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গঠন কৰি দিয়া বিশেষ সমিতিয়েও আশা কৰামতে তৎপৰতা দেখুৱা পৰিলক্ষিত নহ'ল বুলি আন্দোলনকাৰী লাইকা-দধীয়াবাসীৰ মাজত গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে। কিয় এনেদৰে বাৰে বাৰে প্ৰতাৰিত, প্ৰবঞ্ছিত হ'বলগা হৈছে ভূমিপুত্ৰ লাইকা-দধীয়াবাসী। লাইকা-দধীয়াৰ উদ্বাস্ত্ত ভূমিপুত্ৰ জনতাই পুনৰ সংস্থাপনৰ দাবীত চলি থকা আন্দোলনে অসমৰ বিবেকৱান প্ৰতিগৰাকীৰ মানুহৰ হৃদয় চুই যোৱাৰ লগতে চৰকাৰৰ বিৰুদ্ধে হৃদয়ে হৃদয়ে উপজিছে চৰম ঘৃণাভৰা ধিক্কাৰ। লাইকা-দধীয়াৰ উদ্বাস্ত্ত ভূমিপুত্ৰই পুনৰ সংস্থাপনৰ দাবীত সুদীৰ্ঘ বছৰ ধৰি সংগ্ৰাম কৰি আহিছে। বিগত বৰ্ষত পুহমহীয়া হাড় কপোৱা প্ৰচণ্ড জাৰৰ মাজতো লাইকা-দধিয়াবাসীৰ ভূমিহীন ভূমিপুত্ৰ ৰাইজে পুনৰ সংস্থাপনৰ দাবীত তিনিচুকীয়াৰ লেজাইহোলাত অস্থায়ী শিবিৰত প্ৰায় দুমাহ দিন ধৰি গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে। লাইকা-দধীয়াবাসীৰ এই পুনৰ সংস্থাপনৰ আন্দোলনত ইতিমধ্যে দুগৰাকী মহিলাই কৰুণ মৃত্যুক সাৱতি ল'বলগা হৈছে। কিন্তু ইয়াৰ পিছতো চৰকাৰ, প্ৰশাসন তথা বন বিভাগৰ হৃদয়ৰ বৰফ গলা নাই। মাটি-ভেটি তথা জাতি সুৰক্ষাৰ শ্ল'গানেৰে ৰাজপাট দখল কৰা চৰকাৰৰ দিনত বান-খহনীয়াত সৰ্বস্বান্ত ৰাইজে বহু প্ৰতিকূল পৰিস্থিতিৰ মাজত এটুকুৰা ভূমিৰ বাবে, জীয়াই থকাৰ বাবে দশক দশক ধৰি অবিৰত সংগ্ৰাম চলাই থাকিব লগা হোৱা ঘটনাই অসমত ভূমিপুত্ৰৰ চৰম বিপৰ্যয়ৰ অৱস্থাকে প্ৰতিপন্ন কৰিছে। দশক দশকজুৰি কিয় সমাধান হোৱা নাই লাইকা-দধীয়াৰ পুনৰ সংস্থাপনৰ দাবী ? কিয় বাৰে বাৰে প্ৰতাৰিত ল'বলগা হৈছে ভূমিপুত্ৰ লাইকা-দধীয়াবাসী ? বাংলাদেশক ভূমি এৰি দিব পাৰে, ধৰ্মৰ নামত বাংলাদেশীক নাগৰিকত্ব দিব পাৰে তেন্তে লাইকা-দধিয়াৰ উদ্বাস্ত্ত ভূমিপুত্ৰক কিয় চৰকাৰে পুনৰ সংস্থাপন দিব নোৱাৰে ? লাইকা-দধীয়াবাসীক পুনৰ সংস্থাপন চৰকাৰৰ দায়িত্ব নহয় নেকি ? এনে অযুত প্ৰশ্নৰ উত্তৰ জানো চৰকাৰৰ ওচৰত আছে ? উল্লেখযোগ্য যে বিগত 2021 চনৰ পুহমহীয়া হাড় কপোৱা প্ৰচণ্ড জাৰৰ মাজতো লাইকা-দধীয়াৰ উদ্বাস্ত্ত ভূমিপুত্ৰ ৰাইজে পুনৰ সংস্থাপনৰ দাবীত তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত মুকলি আকাশৰ তলত টিৰ্পালৰ চালি সাজি প্ৰচণ্ড শীতকো নেওচি পুনৰ সংস্থাপনৰ দাবীত অৱস্থান কৰে। কিন্তু কৌশলেৰে ধ্বংস কৰা হ'ল এই আন্দোলন ! এই সৰ্বস্বান্ত মানুহখিনিৰ পুনৰ সংস্থাপনৰ বিষয়টো আজিও অনিশ্চিত হৈ ৰ'ল। কৰ্তৃপক্ষৰ নাই অকণো মানৱীয়তাৰ অনুকম্পা। খিলঞ্জীয়াৰ চৰকাৰ বুলি জহাই ফুৰা এইখন চৰকাৰৰ দিনত ভূমিপুত্ৰ খিলঞ্জীয়া লাইকা-দধীয়াবাসীৰ এই দহাৰ বাবে জগৰীয়া কোন ? লাইকা-দধীয়াবাসীৰ পুনৰ সংস্থাপনৰ আন্দোলনে কেইবাদশক অতিক্ৰম কৰিছে যদি প্ৰতাৰিত লাইকা-দধিয়াবাসীয়ে আজিও পুনৰ সংস্থাপনৰ লাভ কৰিবলৈ সক্ষম নোহোৱা আঁৰত কি ৰহস্য নিহিত হৈ আছে ? উল্লেখযোগ্য যে অসমৰ ভিতৰতে বহুলভাৱে চৰ্চিত দুখন বনগাঁৱৰ নাম হ'ল- লাইকা-দধিয়া। উজনি ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় বন্যপ্ৰাণী উদ্যানৰ অন্তৰ্গত লাইকা আৰু দধিয়া বনগাঁৱৰ সহজ-সৰল ৰাইজে অনিশ্চিত ভৱিষ্যতক বুকুত সাবটি কেইবাদশক পাৰ কৰিব লগা হৈছে। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় বন্যপ্ৰাণী উদ্যানৰ বুকুত অৱস্থিত বন্যাৰ্ত-বুভুক্ষুৰ লাইকা-দধিয়া বনগাঁওবাসীৰ ৰাইজে জীয়াই থকাৰ সম্বল হেৰুৱাই পেলোৱা উপক্ৰমৰ হৈছে। উল্লেখযোগ্য যে ১৯৫০ চনৰ প্ৰলয়ংকৰী ভূমিকম্পৰ ফলত বিধ্বস্ত হোৱা তাহানিৰ কেইবাখনো গাঁৱৰ ৰাইজক ডিব্ৰু সংৰক্ষিত বনভূমিত চৰকাৰে সংস্থাপন দি বনগাঁও হিচাপে স্বীকৃতি দিয়ে। এয়াই লাইকা আৰু দধিয়া বনগাঁও। লাইকা পমুৱা, লাইকা পাঁচিদিয়া আৰু লাইকা ৰিগবি গাঁৱৰ সমষ্টিয়েই হৈছে লাইকা বনগাঁও। আনহাতে দধিয়া চাৰিসুঁতি, দধিয়া কুলি গাঁও, দধিয়া মহমৰা আৰু দধিয়া টেঙাবাৰী গাঁৱৰ সমষ্টিয়েই হৈছে দধিয়া বনগাঁও। 2018 চনত বন বিভাগে জি পি এছ পদ্ধতিৰে পিয়ল কৰামতে লাইকাত 572 ঘৰ পৰিয়াল আৰু 3,022 জনসংখ্যা আছে। (বৰ্তমান লাইকাৰ 572 টা পৰিয়ালৰ 109 টা পৰিয়াল তিনিচুকীয়া জিলা জাগুনৰ নাফাই বনাঞ্চলৰ নামচিক তাপুত অনিশ্চিত ভৱিষ্যতক বুকুত সাবটি অস্থায়ীভাৱে আশ্ৰয় লৈ আছে)। ইপিনে দধিয়াত 906 ঘৰ পৰিয়াল আৰু 3,843 গৰাকী জনসংখ্যা আছে। উল্লেখযোগ্য যে প্ৰশাসনিক দিশৰ পৰা লাইকা বনগাঁও তিনিচুকীয়া জিলাৰ অন্তৰ্গত আৰু দধিয়া বনগাঁও ডিব্ৰুগড় জিলাৰ অন্তৰ্গত। ১৯৮৬ চনত ডিব্ৰু অৰণ্য আৰু ছৈখোৱা অৰণ্যক একত্ৰিত কৰি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্য ঘোষণা কৰা হয় আৰু তাৰ সমান্তৰালভাৱে বনগাঁও লাইকা-দধিয়াবাসীক সকলো চৰকাৰী সা-সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি চৰকাৰে প্ৰদান কৰে। পিছলৈ ১৯৯৯ চনত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ৰূপে চৰকাৰে ঘোষণা কৰে। যিহেতু বন আইনমতে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মানুহৰ বসতি সম্পূৰ্ণৰূপে নিষিদ্ধ সেয়ে বন্যপ্ৰাণী সুৰক্ষা আইনৰ কথা দোহাই দি চৰকাৰে ক্ৰমান্বয়ে লাইকা আৰু দধিয়া বনগাঁওবাসীৰ চৰকাৰী সা-সুবিধাসমূহ খৰ্ব কৰিবলৈ আৰম্ভ কৰে। ক্ৰমে লাইকা-দধিয়াবাসী ৰাইজ অন্তহীন সমস্যাৰ চাকনৈয়াত পৰে। লাইকা-দধিয়া বনগাঁৱৰ অস্তিত্ব বিপন্ন হৈ উঠে। ইপিনে লোহিত নদীৰ বান-খহনীয়াত বছৰি সৰ্বস্বান্ত হৈ ভূমিহীন হৈ পৰে লাইকা-দধিয়াৰ জনগণ। ফলত লাইকা-দধিয়াবাসীয়ে বিগত 2005-06 চনৰ পৰা তেওঁলোকক উপযুক্ত অন্য ঠাইত পুনৰ সংস্থাপনৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই পুনৰ সংস্থাপনৰ সংগ্ৰাম আৰম্ভ কৰে। মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠন টি এম পি কেৰ তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বত লাইকা-দধিয়াৰ পুনৰ সংস্থাপনৰ আন্দোলনৰ যোগেদি তিনিচুকীয়া জিলা উপায়ুক্ত, ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ লগতে বন বিভাগ, বনমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ ওচৰত বাৰম্বাৰ আবেদন-নিবেদনৰ পিছতো আজিকোপতি পুনৰ সংস্থাপন নেপালে লাইকা-দধিয়াবাসীয়ে। বিগত 2017 চনৰ শেষৰ ফালে তদানীন্তন বনমন্ত্ৰীগৰাকীয়ে আঠ মাহৰ ভিতৰত লাইকা-দধিয়াবাসীক পুনৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু সেয়াও সময়ত গৈ ফুটুকাৰ ফেনত পৰিণত হ'ল। বছৰি হোৱা বিধ্বংসী বানপানী আৰু গৰাখহনীয়াত উদ্ধাস্তু লাইকা আৰু দধিয়া বনগাঁৱৰ ৰাইজে ডিব্ৰু-ছৈখোৱাৰ বুকুত আধুনিক মানৱ সভ্যতাৰ স্পৰ্শ নোপোৱাকৈয়ে জীয়াই থাকিব লগা হৈছে। শেহতীয়াকৈ বনগাঁও লাইকা-দধিয়াবাসীয়ে অন্তহীন অভাৱ, অভিযোগ আৰু সমস্যাৰ গৰাত পৰি মানুহ হিচাপে জীয়াই থকাৰ সম্বল হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে। ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নদীৰ বান-খহনীয়াত ঘৰ-ভেটি, শস্যপথাৰ হেৰুৱাই সৰ্বস্বান্ত হৈ পৰিছে লাইকা-দধিয়াবাসী। তদুপৰি দুৰ্বিষহ যাতায়াত, স্বাস্থ্য, শিক্ষা আদি মানুহ হিচাপে জীয়াই থকাৰ মৌলিক সা-সুবিধাৰ ভীষণ অভাৱৰ মাজেৰে জীয়াই থকা লাইকা-দধিয়াবাসী পুনৰ সংস্থাপন কেতিয়া হ'ব? এয়াই তেওঁলোকৰ বাবে আজিও লাখ টকীয়া প্ৰশ্ন। বনগাঁও লাইকা আৰু দধিয়াবাসীৰ এশ শতাংশই ভূমিপুত্ৰ খিলঞ্জীয়া মিচিং জনগোষ্ঠী লোক। বৰ্তমান ৰাজ্য চৰকাৰত মিচিংসকলৰ চাৰিগৰাকী বিধায়ক আছে। ইয়াৰে এগৰাকী মন্ত্ৰীও। ফলত মন্ত্ৰী ডা: ৰণোজ পেগুৰ লগতে বাকী মিচিং বিধায়কসকলেও চৰকাৰৰ ওচৰত তীব্ৰ হেঁচা দি বন্যাৰ্ত লাইকা আৰু দধিয়া বনগাঁওবাসীৰ পুনৰ সংস্থাপনৰ পদক্ষেপ লোৱাটো সকলোৰে কাম্য।মিচিং স্বায়ত্তশাসিত পৰিষদেও লাইকা-দধিয়াবাসীক পুনৰ সংস্থাপনত আপোচহীন ভূমিকাৰে যথোচিত পদক্ষেপ গ্ৰহণ কৰাটো সকলোৰে কাম্য। লাইকা-দধিয়াৰ মিচিং ৰাইজক পুনৰ সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ লগতে মিচিং স্বায়ত্তশাসিত পৰিষদেও দায়বদ্ধ। মানৱীয় দৃষ্টিৰেই বন্যাৰ্ত লাইকা-দধিয়াবাসীক পুনৰ সংস্থাপন দিয়াটো চৰকাৰৰে দায়িত্ব। ইপিনে 2016-17 বৰ্ষৰ বাজেটত তদানীন্তন বিত্তমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ নাম দহ কোটি টকা ধাৰ্য কৰিয়েই দায়িত্ব সামৰিলে। কাজেই ৰাজ্য চৰকাৰে লাইকা-দধিয়াবাসীক পুনৰ সংস্থাপনৰ নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰি নিজৰ জাতি-মাটি-ভেটি সুৰক্ষাৰ শ্ল'গানক বাস্তৱ ৰূপ দান কৰক। লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপনত সাম্প্ৰতিক বিভেদ তথা বিভাজনৰ ৰাজনীতি নকৰি সৰ্বগ্ৰহণযোগ্য নীতি গ্ৰহণ কৰাটো চৰকাৰৰ দায়িত্ব। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় বন্যপ্ৰাণী উদ্যানৰ সুৰক্ষাৰ বাবেও বনগাঁও লাইকা-দধিয়াক অন্য উপযুক্ত ঠাইত পুনৰ সংস্থাপন দিয়াটো সময়োচিত আহ্বান। কিন্তু লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপন কেতিয়া হ'ব ? চৰকাৰৰ হাতত আছে উত্তৰ? আছেনে সদ্ইচ্ছা চৰকাৰৰ ? এডোখৰ ভূমিৰ বাবে ভূমিহীন ভূমিপুত্ৰ ৰেৱতী পাৱ আৰু কস্মিকা মৰাঙৰ দৰে আৰু অধিক লোক জীৱন ত্যাগ কৰাৰ আগতে চৰকাৰে লাইকা-দধিয়াবাসীক পুনৰ সংস্থাপন দিয়ক। অন্যথাই পৰিস্থিতি অধিক অৱনতি ঘটিলে চৰকাৰেই জগৰীয়া হ'ব।
ইপিনে তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাত গৰিষ্ঠ সংখ্যক খিলঞ্জীয়াই দেশৰ স্বাধীনতাৰ সাত দশকৰ পিছটো ভূমি পট্টা পোৱা নাই। শদিয়া মহকুমাত 123 খন ৰাজহ গাঁও আছে। তদুপৰি অমৰপুৰ, আপাৰ নাচাই গাঁও, গড়গাঁও, অসমীয়া নাচাই, মুগলপুৰ আদি13 খন জৰীপবিহীন গাঁও-এলেকাৰ লগতে ছখন বনাঞ্চলৰ ভূমিত প্ৰজন্ম প্ৰজন্ম ধৰি বহু পৰিয়ালে বসবাস কৰি আহিছে। উল্লেখযোগ্য যে শদিয়াৰ বৃহত্তৰ অমৰপুৰ পঞ্চায়তক মাত্ৰ এখন জৰীপবিহীন গাঁও হিচাপে চৰকাৰী নথিত আছে। কিন্তু অমৰপুৰ এখন পূৰ্ণাংগ পঞ্চায়ত। ডেৰ কুৰিৰো অধিক জনবসতিপূৰ্ণ গাঁৱেৰে পৰিপূৰ্ণ অমৰপুৰ পঞ্চায়তত বিশ হেজাৰৰো অধিক জনসংখ্যা আছে। কিন্তু এই অমৰপুৰ পঞ্চায়তৰ ডেৰ কুৰিৰো অধিক গাঁৱৰ বিশ হেজাৰ ৰাইজে স্বাধীনতাৰ সাত দশকৰ পিছটো ভূমি পট্টা পোৱা নাই। একেদৰেই আন জৰীপবিহীন গাঁও আৰু বনাঞ্চলত বাস কৰা শ শ খিলঞ্জীয়া ৰাইজে তথাকথিত খিলঞ্জীয়াৰ চৰকাৰৰ দিনটো ভূমি অধিকাৰ পৰা বঞ্চিত।
অৰণ্য সুৰক্ষা তথা সংৰক্ষণ প্ৰতিজন সচেতন নাগৰিকেই সমৰ্থন কৰে আৰু কৰা উচিত। অৰণ্যৰ প্ৰতিজোপা গছ-লতা, বন্য জীৱ-জন্তু, চৰাই-চিৰিকটিৰ সুৰক্ষাৰ দায়িত্ব জীৱশ্ৰেষ্ঠ মানুহৰ, চৰকাৰৰ। একেদৰেই বান-খহনীয়া, প্ৰাকৃতিক দুৰ্যোগত সৰ্বস্বান্ত হৈ বনাঞ্চলত আশ্ৰয় গ্ৰহণ কৰা উদ্বাস্ত্ত খিলঞ্জীয়া মানুহৰ পুনৰ সংস্থাপনৰ দায়িত্ব গণতান্ত্ৰিক চৰকাৰ। কিন্তু আমচাঙত ভূমিপুত্ৰ খিলঞ্জীয়া ৰাইজে অনিশ্চিত ভৱিষ্যতক বুকুত সাবটি দিন ৰাতি পাৰ কৰিব লগা হৈছে। বিভিন্ন বাতৰি কাকতৰ প্ৰকাশ কৰা তথ্যমতে আমচাঙত আশ্ৰয় গ্ৰহণ কৰা মানুহখিনিৰ সৰহভাগেই বানবিধ্বস্ত ধেমাজি, লখিমপুৰ, মাজুলী, ঢকুৱাখনা আদিৰ। এই জনজাতীয় লোকসকলে বছৰ বছৰ ধৰি বানপানী-গৰাখহনীয়াত আপোন ঘৰ ভেটি , কৃষি ভূমি হেৰুৱাই অৱশেষত জীৱনৰ মমতাত আমচাং বনাঞ্চলত থিতাপি লোৱা। এই খিলঞ্জীয়া উদ্বাস্ত্ত মানুহখিনিক চৰকাৰে পুনৰ সংস্থাপনৰ বিকল্প ব্যৱস্থা গ্ৰহণ নকৰাকৈ অমানৱীয়ভাৱে বাৰম্বাৰ উচ্ছেদ কাৰ্য চলোৱাটো এখন জনকল্যাণকামী চৰকাৰৰ চৰিত্ৰ হ'ব নোৱাৰে। আমচাঙৰ খিলঞ্জীয়া মানুহখিনি উচ্ছেদ হ'লেই অৰণ্যখন সুৰক্ষিত হ'বনে? সঁচাকৈয়ে অৰণ্যখন সুৰক্ষাৰ বাবেই আমচাঙত উচ্ছেদ চলিছিল নে? খিলঞ্জীয়াক উচ্ছেদৰ পৰবৰ্তী সময়ত চৰকাৰৰ আশীষধন্য কোনো বহুজাতিক কোম্পানীৰ হাঁতোৰা আমচাঙত নপৰিবনে বা এদিন সন্দেহভাজন বাংলাদেশী নাগৰিকৰ হাতত আমচাং বিপন্ন নহ'ব তাৰ কি নিশ্চয়তা আছে। ৰাজ্য চৰকাৰে উচ্ছেদৰ পূৰ্বে আমচাঙত বাস কৰা খিলঞ্জীয়া লোকসকলৰ এক সঠিক জৰীপ কৰি পুনৰ সংস্থাপনৰ বিকল্প দিহা কৰাটোহে কল্যাণকামী চৰকাৰৰ প্ৰথম দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত।
বানবিধ্বস্ত ধেমাজি জিলাত মুঠ 960 খন ৰাজহ গাঁও, 362 খন জৰীপবিহীন গাঁও আৰু 226 খন বন গাঁও আছে। ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰত ৰাজহ গাঁও 197 খন, জৰীপবিহীন গাঁও 170 খন, বন গাঁও 151খন, চিচিবৰগাঁও ৰাজহ চক্ৰত জৰীপবিহীন গাঁও 110 খন, বন গাঁও 55 খন, ধেমাজি ৰাজহ চক্ৰত জৰীপবিহীন গাঁও 11 খন, বন গাঁও 8 খন আৰু গোগামুখ ৰাজহ চক্ৰত জৰীপবিহীন গাঁও 71 খন আৰু বন গাঁও 12 খন আছে। ইয়াৰে জৰীপবিহীন গাঁও আৰু বন গাঁৱৰ শ শ কৃষক ৰাইজে আজিকোপতি ভূমি পট্টা পোৱা নাই। ধেমাজি জিলা জোনাই মহকুমাৰ 12,923 হেক্টৰ বনভূমি আগুৰি থকা একালৰ হাতী মহলাৰ বাবে বিখ্যাত গালী সংৰক্ষিত বনাঞ্চলখন বৰ্তমান এশ শতাংশ ধ্বংস হৈ জনাৰণ্যলৈ পৰিণত হ'ল। এই গালী সংৰক্ষিত বনাঞ্চলত যুগ যুগ ধৰি ভূমিপুত্ৰ খিলঞ্জীয়া ৰাইজে বসবাস কৰি আহিছে। বৰ্তমান গালী সংৰক্ষিত বনাঞ্চলত চাৰিখন পঞ্চায়তৰ লগতে বিভিন্ন স্কুল-কলেজ, অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়লৈ উঠিছে। কিন্তু আজিকোপতি তাৰ বহু ৰাইজে ভূমি পট্টা পোৱা নাই। একেদৰে জামজিং, চেঙাজান আদি সংৰক্ষিত বনাঞ্চল জনাৰণ্যলৈ ৰূপান্তৰ হ'ল। অনুসূচিত জনজাতি বনবাসী আৰু অন্যান্য পৰম্পৰাগত বনবাসী ( বন অধিকাৰ আইন)-2006 মতে বনাঞ্চলত তিনিটা প্ৰজন্ম বা 75 বছৰ বাস কৰা জনজাতীয় ৰাইজে ভূমি অধিকাৰ লাভ কৰে। কিন্তু এই অধিকাৰৰ পৰাও বঞ্চিত শ শ ভূমিপুত্ৰ। মুঠতে খিলঞ্জীয়াৰ চৰকাৰৰ দিনতে বিপৰ্যস্ত খিলঞ্জীয়া ভূমিপুত্ৰ।
বৰ্তমান বিজেপি ৰাজ্য চৰকাৰে 'মিছন বসুন্ধৰা ' আঁচনি প্ৰৱৰ্তন কৰিছে। পূৰ্বেও কংগ্ৰেছৰ চৰকাৰৰ দিনত 'ধৰিত্ৰী 'আচঁনি আছিল। চৰকাৰৰ অভিলাষী আঁচনি 'মিছন বসুন্ধৰা'ৰ অধীনত উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, দলিল সূত্ৰই নামজাৰি, বিবাদমুক্ত বাটোৱাৰা, একচনীয়া পট্টাৰ ম্যাধিকৰণ, মাটিৰ শ্ৰেণীৰ পৰিবৰ্তন, ৰাজহ নথিৰ পৰা দখল বা স্বত্ববিহীন পট্টাৰ নাম কৰ্তন, আবণ্টিত মাটিৰ ম্যাদিকৰণ, ভূমি নথিৰ সংশোধনী (নাম আৰু মাটিকালি) ভূমি নথিত পট্টাদাৰৰ ম'বাইল নম্বৰ অন্তৰ্ভুক্তকৰণ আদি সুবিধাসমূহ প্ৰদানৰ কথা কৈছে। কিন্তু এই সুবিধাসমূহ ৰাইজে সঠিককৈ পাইছা নে - ই লাখ টকীয়া প্ৰশ্ন। ইপিনে অসমত সকলো জিলাতে হেজাৰ হেজাৰ কৃষকৰ দখলত জলডুবা মাটি আছে। কিন্তু কৃষকৰ জলডুবা মাটিৰ পট্টা প্ৰদানৰ চৰকাৰী নিৰ্দেশনা নাই। জলডুবা মাটিৰ পোনপটীয়া পট্টা প্ৰদান বা শ্ৰেণী পৰিবৰ্তন কৰি পট্টা প্ৰদান ব্যৱস্থা গ্ৰহণ কৰাটো কাম্য।
অসমৰ সকলো জিলাতে ভূমি জৰীপ সম্পূৰ্ণ কৰি ৰাইজক ভূমি পট্টা প্ৰদান কৰিব লাগে। ভূমিহীন ভূমিপুত্ৰ খিলঞ্জীয়া কৃষক ৰাইজক উপযুক্ত ভূমিত পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যুগ যুগ ধৰি বনাঞ্চলত বাস কৰা জনজাতীয় আৰু অন্যান্য পিছ পৰা শ্ৰেণীৰ ৰাইজক বন অধিকাৰ আইনৰ অধীনত ভূমি অধিকাৰ প্ৰদান কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে বন গাঁওসমূহ ৰাজহ গাঁও লৈ পৰিবৰ্তন কৰাৰ বিষয়টো চৰকাৰে বিবেচনা কৰিব লাগে। অসমত বিভিন্ন জিলাত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আছে। এই প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলসমূহ জীৱ-বৈচিত্ৰ্যৰ ভঁৰাল। কিন্তু বহু প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ অস্তিত্ব আজি বিপন্ন। অসমৰ বন সুৰক্ষাৰ স্বাৰ্থতে এই প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলসমূহ সংৰক্ষিত বনাঞ্চললৈ উন্নীতকৰণ কৰি যথাযত সুৰক্ষা তথা ৰক্ষণাবেক্ষণ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইপিনে যিসমূহ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল সম্পূৰ্ণকৈ জনাৰণ্যলৈ পৰিণত হৈছে পুনৰ জৰীপ কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে। আনহাতে অসমৰ বিভিন্ন জিলাৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত বহু ভূমি সংক্ৰান্তীয় আবেদন নিষ্পত্তি নোহোৱাকৈ আছে। ৰাজহ আদালতৰ জৰিয়তে এই ভূমি সম্পৰ্কীয় আবেদন নিষ্পত্তি কৰি খিলঞ্জীয়া ভূমিহীন ৰাইজক ভূমি পট্টা প্ৰদান কৰিব লাগে। চৰকাৰে কেৱল ভাষণ আৰু শ্ল'গানতে খিলঞ্জীয়াপ্ৰেমী নহয়, ভূমিপুত্ৰ খিলঞ্জীয়া ৰাইজক ভূমি পট্টা প্ৰদান কৰি প্ৰকৃত খিলঞ্জীয়াৰ চৰকাৰৰ পৰিচয় দিয়ক।
ম'বাইল : 9954638967
No comments:
Post a Comment