অনুতপ্ত
জুৰিতি মিলি পেগু
আবেলি ৰিংচিঙে নৈৰ পাৰতে লাগি থকা হাবিখনৰপৰা শুকান খৰি অলপ বুটলি ললে। ৰাতি ঠাণ্ডাত টোপনি নাহিলে ঠেৰেঙা লগা গাটোৱে সেকিব পাৰিব। সি হুমুনিয়াহ এটা কাঢ়ি নৈৰ পাৰতে বহি পৰিল। সি নিজৰ জীৱনটোক কেনেকৈ কৰপৰা আৰম্ভ কৰিব সেয়া সি চিন্তা কৰিয়ে একো তত পোৱা নাই। মাক-দেউতাক জীয়াই থাকোঁতে সিহঁতৰ অৱস্থা-পাতি ঠিকেই আছিল। দেউতাক গাঁৱৰে ধনী মানুহ এঘৰত হালোৱাৰ কাম কৰিছিল আৰু মাকে ৰুৱনীৰ কাম। তাক মাক-দেউতাকে বৰ মৰমেৰে তুলি-তালি ডাঙৰ-দীঘল কৰিছিল। মাক-দেউতাকৰ দৰে আনৰ ঘৰত কাম কৰিব লগা যাতে নহয় তাৰ বাবে তাক পঢ়ি-শুনি কিবা এটা হোৱাটো বিচাৰিছিল। কিন্তু সি মাক-দেউতাকৰ সপোনবোৰ পূৰণ কৰিব নোৱাৰিলে। মেট্ৰিকত প্ৰথম বিভাগত লেটাৰ লৈ পাছ কৰিছিল যদিও নিজৰ অৱহেলাৰ বাবেই সি পাছলৈ উন্নতিৰ শিখৰ চুব নোৱাৰিলে। দেখাত ধুনীয়া আৰু চঞ্চল আছিল সি। কলেজত ছোৱালীৰ প্ৰেমত হাবু-ডুবু খাই মাক-দেউতাকৰ কষ্টৰ মূল সি নুবুজিলে। কিতাপৰ সতে থকা বন্ধুত্বৰ এনাজৰী ডাল তাৰ পৰা একেবাৰে বিছিন্ন হৈ পৰিল। ইফালে মাক-দেউতাক দুয়ো জনকে বয়সৰ লগে-লগে বেমাৰে আগুৰি ধৰিলে। খেতি-মাটি যিখিনি অলপ আছিল সেয়া বাৰিষাত নৈৰ গৰাহখহনীয়াই গিলি পেলালে। মাক-দেউতাকেনো তাৰ কাৰণে কিমান কষ্ট কৰিব। যেনে-তেনে স্নাতক ডিগ্ৰীটো লৈ সি চাকৰি বিচাৰিছিল যদিও নাপালে। সিহঁতৰ গাঁৱৰ বহুত লৰাই অসমৰ বাহিৰত কাম কৰিবলৈ সেই সময়ত গৈ আছিল। তাৰো মন গল বাহিৰত থাকি কিবা এটা কৰাৰ । দেউতাকে তাক বহুত বুজাইছিল। যাব নালাগে বুলি, দেউতাকে কাম কৰা ঘৰতে ট্ৰেক্টৰ চলাই খেতি বাতিৰ কামবোৰ চালেই মালিকে চলিবলৈ ভাল দৰমহা দিব লগতে চাকৰিৰ ইণ্টাৰভিউৰ কাৰণে ৰাতি-ৰাতি পঢ়িবলৈ সময়ো পাব। নাই সি নুশুনিলে মাক-দেউতাকৰ কথা। বাংগালোৰত যোৱাৰ পাছতহে সি বুজি পালে তাৰ ভুলখিনি। বহুত কষ্টেৰে মাহেকত পেটৰ ভোক নিবাৰণৰ বাবে কেইটকামান পাইছিল। ভবিষ্যতৰ বাবে জমা কৰাটো দূৰৰে কথা আছিল, আনকি ঘৰলৈকো পঠিয়াব পৰা নাছিল। এনেকৈয়ে সি কেইবাবছৰ কটালে বাহিৰত। মাকৰ মৃত্যুৰ খবৰ পাই সি আৰু তাত থাকিব নোৱাৰিলে। নুখুৱা-নুবুৱাকৈ টকা অকনমান সাচি ঘৰলৈ গুচি আহিল। সি অহাৰ এমাহৰ পাছতে দেউতাকো তাক এৰি মাকৰ কাষলৈ গুচি গল। তাৰ কথাবোৰ ভাবি থাকোতে চকুজুৰি সেমেকি উঠিল। সি নৈৰ পানীলৈ শিলগুটি এটা দূৰলৈ দলি মাৰি দিলে। তাৰপাছত সি ভাবিলে, নাই সি হাৰ নামানে বহুত পৰিশ্ৰম কৰিব লগতে মাক-দেউতাকে দেখা সপোন সি পূৰণ কৰিব। তেতিয়া হয়তো মাক-দেউতাকৰ আত্মাই শান্তি লাভ কৰিব।
No comments:
Post a Comment