![]() |
মিচিং জনগোষ্ঠী খেল-গোত্ৰ আৰু উপাধি বিচাৰ
জুৱেল পেগু
১:১। মিচিং জনগোষ্ঠী
ভাৰত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ২০৯ টাৰো অধিক আদিম জাতি-জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপে সাংবিধানিক স্বীকৃতি প্রদান কৰিছে। এই আদিম জাতি জনগোষ্ঠীসমূহৰ ভিতৰত 'মিচিং 'সকল অসমৰ দ্বিতীয় সর্ববৃহৎ জনজাতি। ভাষা বিজ্ঞানীসকলৰ মতে মিচিংসকল মূলতঃ মংগোলীয় গোষ্ঠীৰ, তিব্বত বর্মী ভাষা পৰিয়ালৰ, উত্তৰ অসম শাখাৰ লোক। সম্প্রতি নতুনকৈ ভাষা বিজ্ঞানীসকলে উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠীসমূহক ভাষাগতভাৱে দুটা ভাগত বিভক্ত কৰিছে। উক্ত ভাগ দুটাক ‘কক্ৰবৰক' আৰু 'আবতানি' ভাষাগোষ্ঠী বুলি উল্লেখ কৰিছে। সেইমতে মিচিংসকল ‘আবতানি' ভাষাগোষ্ঠীৰ অন্তৰ্গত। কিংবদন্তি, গৱেষণা আৰু অধ্যয়নৰদ্বাৰা প্রাপ্ত তথ্যমতে মিচিংসকলৰ উৎপত্তি স্থান চীন-মংগোল-তিব্বত দেশ সংলগ্ন ত্রিকোণীয়া ভূমিভাগ বুলি ধাৰণা কৰা হৈছে। চীন দেশৰ প্রধান নদী ইয়াংচিকিয়াং আৰু হোৱাংহো উৎপত্তি উপত্যকা মিচিং তথা অন্যান্য তানিগোষ্ঠীৰ লোকসকলৰ আদিম বাসস্থান বুলি ঠাৱৰ কৰা হৈছে। এই আদিম বাসস্থানৰপৰা উক্ত জনগোষ্ঠীৰ লোকসকল খাদ্য আৰু বাসস্থানৰ নিৰাপদ স্থান বিচাৰি ক্ৰমে দক্ষিণ-পশ্চিম চীনলৈ প্ৰব্ৰজন কৰি পৰৱৰ্তী কালত তিব্বতৰ উত্তৰ অংশলৈ গতি কৰি বসতি স্থাপন কৰিছিল বুলি জনা যায়। এই অঞ্চলত বহু বছৰ থকাৰ পিছত নতুন বাসোপযোগী ভূমিৰ সন্ধান কৰি মধ্য তিব্বতলৈ বসতি স্থানান্তৰ কৰে। এই মধ্য তিব্বতত থাকোতেই মিচিং তথা তানিগোষ্ঠীৰ লোকসকলৰ সামাজিক-সাংস্কৃতিক জীৱন পদ্ধতিয়ে পূর্ণাংগ ৰূপ ধাৰণ কৰিবলৈ ধৰে বুলি কিংবদন্তি তথা ইতিহাস চৰ্চাৰ জৰিয়তে জনা যায়। মধ্য তিব্বতত বহু বছৰ থকাৰ পিছত উক্ত অঞ্চলৰপৰাও বিভিন্ন কাৰণত তানিগোষ্ঠীৰ লোকসকলে দক্ষিণ তিব্বতলৈ প্ৰব্ৰজন কৰে। দক্ষিণ তিব্বততো বহু বছৰ থকাৰ পিছত লুছা গিৰিপথেদি লাহে লাহে আহি ভাৰতৰ ভূ-খণ্ড, বৰ্তমানৰ অৰুণাচলত প্ৰৱেশ কৰে। দক্ষিণ তিব্বতৰপৰা ক্রমান্বয়ে জনগোষ্ঠী হিচাপে ভাগে ভাগে প্ৰব্ৰজন কৰাসকলৰ ভিতৰত মিচিংসকলেই প্রথমে অৰুণাচলত প্ৰৱেশ কৰিছিল বুলি কিংবদন্তিয়ে কয়। মিচিংসকল অশাচল পাহাৰৰ গেলিং, তুঃতিং, য়িকিয়ং, কার্ক, চিমং, গেকু, আলং, ৰিউ, ৰিগা, মাৰ্য্য়াং, দাম্ৰঃ, মৗঃব আদি ঐতিহাসিক ঠাইবোৰত বসবাস কৰিছিল। অৰুণাচল প্ৰদেশৰ উক্ত পাহাৰীয়া অৰণ্য আৰু সমতল ভূমিবোৰত পহু চিকাৰৰ লগতে ঝুম পদ্ধতিৰে কৃষি কৰ্ম কৰি আদিম জীৱন-যাপন কৰিছিল । পিছত লিখিত বুৰঞ্জীয়ে স্পর্শ নকৰাৰ বহু বছৰ আগতে অধিক সাৰুৱা কৃষি ভূমিৰ সন্ধানত অসমৰ বৰ নৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে লগতে চিয়াং, দিবাং, দিহিং, দিচাং, দিখৌ, ধনশিৰি, কেটা, সোৱণশিৰি, ডিক্ৰং, ৰঙানৈ, জীয়াভৰলী আদি উপনৈসমূহৰ কৃষি উপযোগী সাৰুৱা উপত্যকাসমূহত পর্যায়ক্রমে থিতাপি লয়। বর্তমান মিচিংসকল অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া এই আঠখন জিলাৰ অন্তৰ্গত ২৮ খনৰো অধিক ৰাজহ চক্ৰ আৰু গুৱাহাটী মহানগৰৰ পাঁচটা অঞ্চল সাঙুৰি প্ৰায় দুহেজাৰখন গাঁৱত বসবাস কৰি আছে। লগতে তাহানিৰ ‘নেফা’ তথা বৰ্তমান অৰুণাচল প্ৰদেশৰ পূব চিয়াং, দিবাং ভেলী আৰু লোহিত এই তিনিখন জিলাতো স্বকীয় পৰম্পৰা আৰু নিজস্ব ৰীতি-নীতিৰে ৩৪ খনৰো অধিক গাঁৱত বসবাস কৰি আছে। অসম আৰু অৰুণাচলত থকা লোকসকলক সাঙুৰি মিচিং জনগোষ্ঠীৰ মুঠ জনসংখ্যা বাৰ লাখৰো অধিক হোৱা সম্ভাবনা আছে।
মিচিং শব্দৰ অৰ্থ হ'ল – মি= মানুহ, চিং = আত্মীয় বা একে ভাষা-সংস্কৃতিৰ লোক। পিছে অধিকাংশ মিচিঙে নিজকে 'আমি' (মানুহ) + ‘আনুচিং' (শীতল) – মিচিং অর্থাৎ শীতল মনৰ মানুহ বা সহজ সৰল, শান্তিপ্রিয় জনগোষ্ঠী বুলি নিজকে পৰিচয় দিব বিচাৰে বা পৰিচয় দি ভাল পায়। ভৈয়ামলৈ অহাৰ পিছৰপৰাহে মিচিঙৰ ঠাইত ‘মিৰু’ শব্দৰ প্ৰচলন হ’ব ধৰে। মিচিংসকলৰ সংস্কৃতি, ৰীতি-নীতি তথা পৰম্পৰাৰ ৰক্ষক আৰু পালকজনক ‘মিবু’ বা ‘মিৰৃ’ বোলা হয়। এই মিবু বা মিৰ্ব দেওধাই বা পুৰোহিতৰ সমকক্ষ। ওচৰৰ জনগোষ্ঠীবোৰে মিচিঙৰ স্বকীয় সংস্কৃতি, ৰীতি নীতি, পৰম্পৰা দেখি বিমুগ্ধ হৈ ৰক্ষক আৰু পালকজনৰ নামেৰে এই বিশেষ জনগোষ্ঠীটো ‘মিৰৃ’>মিৰি' বুলি সম্বোধন কৰিছিল বোধহয়। মনস্তাত্ত্বিক দিশৰপৰা বিচাৰ কৰি চালে এনেকৈয়ে মিচিঙৰ ঠাইত মিৰি শব্দৰ প্ৰচলন হোৱা যেন ধাৰণা হয়। ভাৰত স্বাধীন হোৱাৰ পিছত ভাৰতীয় সংবিধান লিপিবদ্ধ হোৱাৰ সময়ত ‘মিৰি’ জনজাতি নামকৰণেৰে অন্তর্ভুক্তি হোৱাৰ লগে লগে চৰকাৰী নথি-পত্ৰসমূহত মিচিঙৰ ঠাইত ‘মিৰি' শব্দই ঠাই পায়।
১:২। খেল বা ফৈদ
মিচিং জনগোষ্ঠীৰ অন্তৰ্গত খেল বা ফৈদ (ope:) কেইবাটাও আছে। বর্তমান ব্যৱহৃত হৈ থকা এই খেল বা ফৈদবোৰ হ’ল— ১। দীলু (Délu) 2। পাগ্ৰঃ (Pagro) ৩। মঃয়ু (Moying) 8| চাঃয়াং (Sayang) ৫। অয়ান (Oyan) ৬। দাম্বুগ (Dambug) ৭। চামুগুৰিয়া (Samuguriya) ৮। বিহিয়া (Bihiya) ৯। তামাৰ-বংকোৱাল (Tamar Bongkual) |
১:২। গোত্র
মিচিং জনগোষ্ঠীৰ খেলসমূহৰ অন্তৰ্গত গোত্র (Gu:min) আমি জনাত বিছটাৰো অধিক আছে। বর্তমান ব্যৱহৃত হৈ থকা এই গোত্ৰবোৰ হ’ল– ১। কন্দাৰ (Kondar) ২। কন্তু (Kontu) ৩। কেবঃ (Kebo) 8। কেদঃ (Kedo) ৫। চব (So: bo) ৬। চদ (Sodo) ৭। চুঙাৰ (Sungar) ৮। জঃতৃৰ (Jo:tir) ৯। জঃবঃ (Jo:bo) ১০। তঃৰি (Tori) ১১। পাংকং (Pangkong) ১২। পৗদং (Pédong) ১৩। বকি (Boki) ১৪। বজু (Boju) ১৫। বনুং (Bonung ) ১৬। বমি (Bomi) ১৭। বজুম (Bojum) ১৮। লংগৃহ (Longging) ১৯। লঃয়ঃ (Lo:yo) ২০। লঃয়ং (Lo:yong) ২১। লঃং (Lo:ring) ২২। লুংকং (Lingkong) ২৩। য়ঃবঃ (Yo:bo)।
১:৩। উপাধি
মিচিং জনগোষ্ঠীৰ গোত্ৰসমূহৰ অন্তৰ্গত উপাধি (Opin) ৰ সংখ্যা পঞ্চাছটাৰো অধিক বুলি ক'ব পাৰি। পিছে গোত্ৰসমূহত অন্তৰ্ভুক্ত নোহোৱা উপাধিৰ সৈতে মিচিঙৰ উপাধিৰ সংখ্যা নব্বৈটাৰো অধিক আছে বুলি আমি জানিব পাৰিছো। বর্তমান ব্যৱহৃত হৈ থকা এই উপাধিবোৰ হ’ল— ১। অয়েঙীয়া (Oyenngiya) ২। ইৰিং (Ering) ৩। কায়ুং (Kagyung) ৪। কার্লং (Kardonng) ৫। কামান (Kaman) ৬। কামৃতি (Kamti) ৭। কাৰি (Kari) ৮। কপ্তাক (Koptak ) ৯। কুলি (Kuli) ১০। কুম্বাং (Kumbang) ১১। কুটুম (Kutum) ১২। গাম (Gam) ১৩। গাতাগ (Gatag) ১৪। গাঃৰে (Gare) ১৫। ভাতে (Ngate) ১৬। চাৰহ/চাৰঃ ( Saroh/Saro) ১৭। চায়েঙীয়া (Sayengiya) ১৮। চাংমাই (Sangmai) ১৯। সাতুলা (Satula) ২০। চিন্তে (Sinte :) ২১। চিৰাম (Siram) ২২। চূঃৰাং (Si:rang) ২৩। চন্দি (Sondi) ২৪। চুংক্ৰাং (Sungkrang) ২৫। জিমে (Jime:) ২৬। তাহু (Tahu) ২৭। তাকু (Taku) ২৮। টাইদ/টাত্মদ (Taid/Taid) ২৯। টাই (Tai) ৩০। তার (Tao) ৩১। তাঞ্জ ( Tanyo) ৩২। তাৰাক (Tarak) ৩৩। টায়ে (Taye) ৩৪। টায়েং (Tayeng) ৩৫। টায়ুং (Tayung) ৩৬। দাং (Da:ng) ৩৭। দার (Dao) ৩৮। দাঃচাং (Da:sang ) ৩৯। দাপাগ (Dapag) ৪০। দাউক (Dauk) ৪১। দাগ (Darig) ৪২। দালং (Dalong) ৪৩। দলে (Dole: 88 নৰহ/নৰঃ (Noroh/ Noro) ৪৫। পাৱ (Pao) ৪৬। পাৱ গাম (Pao Gam) ৪৭। পাতিৰ/পাতৃৰ (Pa:tir) ৪৮। পাগ্দুং (Pagdung) ৪৯। পাঃজে (Paje) 50 পাতিৰি (Patiri) ৫১। পাঠৰি (Pathori) ৫২। পাটগিৰি (Patgiri) ৫৩। পাদুন ( Padun) ৫৪। পাংগৃং (Pangging) ৫৫। পাঃয়েং/পাঃয়াং (Payeng/ Payéng) ৫৬। পাঃএবং (Pa:nyang) ৫৭। পাঃমে (Pa:me) ৫৮। পাঃমে গাঃম (Pame Gam) ৫৯। পাঃদি (Pa:di) ৬০। পাহাদি (Pahadi) ৬১। পাঃইত (Pait) ৬২। পাংচাৰ (Pa:sar) ৬৩। পাঃচুং (Pa:sung) ৬৪। পায়ন (Payon) ৬৫। পাঃয়ুন (Pa:yun) ৬৬। পেঃগু (Pe:gu) ৬৭। পীৰ্তিন (Pértin) ৬৮। পীৰমে (Pérme:) ৬৯। পগাগ (Pogag) ৭০। পলৗং (Poléng) ৭১। বাঃঢ়ং (Ba:sing) ৭২। বৰি (Bori) ৭৩। বৰাং (Borang ) ৭৪। মেধি (Medhi) ৭৫। মেদক/মৗদক (Medok/ Médok) ৭৬। মিচং (Misong) ৭৭। মিৰাং (Mirang) ৭৮। মিলি (Mili) ৭৯। মিপুন (Mipun) ৮০। মিৰি (Miri) ৮১। মঃদি (Modi) ৮২। মঃৰাং (Morang) ৮৩। মঃয়ং (Moyong) ৮৪। ৰাতান (Ratan) ৮৫। ৰেগন/ ৰৗগন (Regon / Régon ) ৮৬। ৰিবা (Riba) ৮৭। বৃচং (Risong) ৮৮। লাগাচু (Lagasu) ৮৯। লাচন ( Lason) ৯০। লীগঃ (Légo) ৯১। লঃয়িং (Lo:ying) ৯২। য়েইন/য়াঅন (Yein/Yéin) ৯৩। য়িঃৰাং (Yi:rang)।
উল্লেখ্য যিবোৰ উপাধি বিশ্লেষণ কৰি গোত্র নির্ণয় কৰিব পাৰি সেইবোৰ মিচিঙৰ বিভিন্ন খেলৰ অন্তৰ্ভুক্ত। আনহাতে যিবোৰ উপাধিৰ গোত্ৰ নিৰ্ণয় কৰিব নোৱাৰি সেইবোৰ বিভিন্ন উৎসৰপৰা মিচিং জাতি গঠন প্ৰক্ৰিয়াত চামিল হৈ বৃহত্তৰ মিচিং সমাজ গঢ় দিয়াত সৰ্বতোপ্ৰকাৰে সহায় কৰিছে।
No comments:
Post a Comment