আঘোণীয়া সপোন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, May 1, 2022

আঘোণীয়া সপোন

 


আঘোণীয়া সপোন

           ঝৰ্নালী শৰ্মা বৰকটকী


ৰুণুক জুনুক জুনুকা বজাই যায়

শাওণৰ  সপোনে পিতাইৰ পিঠিত

হালিজালি নাচিবাগি কিনো গীত গায়

সোণালী সপোন জাগে ওৰুখা পঁজাত

সীৰলুৰ  তেজ ঘাম বোকা আৰু পানী

লিহিৰী পাতৰ মাজে সপোন এধানি

একেলগে ৰচে সৱে সেউজীয়া আশা

কোনেনো বুজিব এই হৃদয়ৰ ভাষা।


গাখীৰতী থোকেৰে পথাৰ উপচিছে

হেঁপাহৰ সোন ভঁৰাললৈ আগমন্

পিতাইৰ দুচকুত উজ্জ্বলি উঠিছে

ভৱিষ্যতৰ সোণালী শস্যৰ সপোন।

পুৱাৰ কাঁচিয়লিত বাজে নৱ গান

নিৰলে পজাঁত জ্বলি উঠে বন্তি গছে।



ফোন - ৯১০১৮৬০৩৫৯


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages