বৃদ্ধ পিতৃ মাতৃৰ প্ৰতি সন্তানৰ কৰ্তব্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, May 1, 2022

বৃদ্ধ পিতৃ মাতৃৰ প্ৰতি সন্তানৰ কৰ্তব্য

 


বৃদ্ধ পিতৃ মাতৃৰ প্ৰতি সন্তানৰ কৰ্তব্য

                                              জাতিৰাম কমান  

                                            

   ন্মগ্ৰহন কৰাৰে পৰা মানুহে বয়সৰ কেবাটিও স্তৰ পাৰ কৰি বৃদ্ধাৱস্থাত উপনিত হয়।বয়সৰ প্ৰথম অৱস্থাটো হল মানুহৰ শিশু কাল বা শৈশৱ কাল।শিশু কালটোৱেই হল মানুহৰ আটাইতকৈ সুখৰ কাল।কুৰ্চুট কপটতাহীন নিৰ্মল নিকা অন্তৰেৰে,সুখ আনন্দেৰে ৰং ধেমালি কৰাৰ সেইখিনিয়েই উত্তম সময়।কাজেই,শৈশৱ কালটো সোনালী শৈশৱ কাল বুলি কোৱা হয়।শৈশৱৰ পাছতেই আহিল কৈশোৰ কাল।শৈশৱ গৰকি অকন মান জনা বুজা হোৱা বয়সেই হল কৈশোৰ।কৈশোৰত লৰা ছোৱালীয়ে ভাল বেয়াৰ পাৰ্থক্যবোৰ কিছু বুজি পোৱা হয়।কি কৰিব লাগে কি কৰিব নালাগে সেই বাদ বিচাৰবোৰ কিছু কৰিব পৰা হয়।

   কৈশোৰৰ পাছতে আগমন যৌৱন কালৰ।যৌৱন কালটোৱেই ভৰপূৰ সময় মানুহৰ বাবে।প্ৰেম ভালপোৱাৰ সময়।জীৱনক ভালপোৱাৰ সময়।ৰঙীন স্বপ্ন দেখাৰ সময়।ভৱিষ্যত গঢ়াৰ সময়।যৌৱন কালৰ বাট বৰ ওখোৰা মোখোৰা আৰু পিছল!ভালকৈ বাট নুবুলিলেই পিছলি দ খাৱৈত পৰিব।যৌৱনৰ দুৱাৰ দলিতেই বহু অঘটন হয়।খুপি জুপি সন্তৰ্পনে আগবাঢ়ি পাৰ হব পাৰিলেই জীৱনৰ বাকীছোৱা স্বাচ্ছন্দ্যে পাৰ হৈ যায়।

   যৌৱনৰ পাছতেই উপনিত হয় প্ৰাপ্ত বয়স্কৰ অৱস্থালৈ।প্ৰাপ্ত বয়স্ক অৱস্থাত মানুহে জীৱনৰ দ্বিতীয় ঢাপত ভৰি দিব পাৰে।অৰ্থাৎ জন্মৰ পাছৰ দ্বিতীয় ঢাপেই হল বিবাহ।সন্তান প্ৰাপ্ত বয়স্ক হলে উপযুক্ত সংগী বাছি বিবাহ পাশত আৱদ্ধ হব পাৰে।বিবাহৰ পাছতেই মানুহৰ জীৱনৰ সঁচা সংঘৰ্ষ আৰম্ভ হয় যাৰ নামেই হল জীৱন সংগ্ৰাম।

    বিবাহ বন্ধনত বান্ধ খাই ঘৰ সংসাৰ কৰি ব্যতিব্যস্ত হৈ জীৱনৰ হিচাপ নিকাচবোৰ কৰি কৰি কপালৰ ৰেখাবোৰ স্পষ্ট ৰূপে ধৰা দি বয়সৰ ছাপ পৰি মানুহ অাদ বয়সীয়া হয়।অৰ্থাৎ জীৱনৰ আধা ভাগ অতিক্ৰম কৰি যায়।এয়াই হল আদহীয়া অৱস্থা বা আদ বয়সীয়া।আদহীয়া বয়সেই হল সংসাৰৰ গুৰু ভাৰ লোৱাৰ বয়স।এই বয়সতেই মানুহে পা পৰিয়ালৰ সমস্ত গধুৰ দায়িত্ববোৰ লব লগা হয়।

   আদহীয়া অৱস্থা পাৰ হৈ মানুহে যেতিয়া সংসাৰৰ দায় দায়িত্বৰ পৰা অকন আজৰি হৈ ধৰ্ম কৰ্মত মতি থাকে সেই সময়েই হল বাৰ্ধক্য কাল।

   বৃদ্ধ কালত মানুহৰ দেহ অলৰ অচৰ হয়।দেহত বল শক্তি নাইকিয়া হয়।চকুৰে কম দেখা হয়,কাণেৰে কম শুনা হয়,খোজবোৰ থৰক বৰক হয়।বৃদ্ধাৱস্থা হল মানুহৰ শিশু অৱস্থাৰ পুনৰাগমন।

    পিতৃ মাতৃয়ে সন্তানক শিশু অৱস্থাৰ পৰা পোহ পাল দি ডাঙৰ দীঘল কৰি নিজে থিয় হব পৰা কৰি তোলে সন্তানক। কিছু খুটি খাব পৰাকৈ মানুহ ৰূপে গঢ়ি তোলে।সন্তানৰ উন্নতিৰ কাৰণে,সন্তানৰ ভৱিষ্যত গঢ়িবৰ বাবে পিতৃ মাতৃয়ে নিজে নাখাই সন্তানৰ পঢ়া শুনাৰ খৰছ যোগায়।

নিজৰ পেট কাটি কাটি সন্তানৰ বয় বস্তু,কিতাপ পত্ৰ যোগাৰ কৰে।ভাল স্কুল কলেজত পঢ়ায় যাতে সন্তানে সংসাৰত মানুহ ৰূপে নিজকে চিনাকি দিব পাৰে।

   সন্তানৰ ভৱিষ্যত গঢ়াৰ বাবে পিতৃ মাতৃয়ে কোনো এটা কামেই  বাদ নিদিয়ে।সন্তানৰ খৰছ যোগাৰ কৰিবলৈ আনৰ ঘৰত গেবাৰি খাটিবলৈয়ো মাক বাপেকে কুন্ঠাবোধ নকৰে।মাক বাপেকে সন্তানৰ বাবে নকৰে কি?পিতৃ মাতৃয়ে সন্তান জন্ম দিয়েই ক্ষান্ত নাথাকে বৰঞ্চ সন্তানক গঢ় দিবলৈ আপ্ৰাণ চেষ্টা কৰে।মুঠতে পিতৃ মাতৃয়ে সন্তানৰ বাবে যিমান কষ্ট কৰে তাৰ ধাৰ শুজিব সহজে নোৱাৰে সন্তানে।

  যি পিতৃ মাতৃয়ে নিজে নাখাই সন্তানক খুৱাই ডাঙৰ দীঘল কৰি মানুহ কৰি গঢ়ি তোলে সেই সন্তানে পিতৃ মাতৃৰ প্ৰতি কৰিব লগা বহু কৰ্তব্য থাকে।বিশেষকৈ পিতৃ মাতৃ বৃদ্ধ হলে বৃদ্ধ পিতৃ মাতৃক আলপৈচান ধৰাৰ কৰ্তব্য আৰু দায়িত্ব থাকে।

   পূৰ্বতে আমাৰ সমাজ ব্যৱস্থাত বৃদ্ধ পিতৃ মাতৃৰ প্ৰতি যিমান আদৰ যতন লোৱা হৈছিল আজিকালি তেনেদৰে লোৱা দেখা নাযায়।যৌথ পৰিয়ালত বহু পুত্ৰ বোৱাৰী  নাতি নাতিনীৰে ভৰপূৰ সংসাৰ থাকিলেও খোৱা লোৱা,থকা মেলা অথবা পিন্ধা উৰাৰ বাবে খৰছ ধৰাত পো বোৱাৰীয়ে কৃপনালি কৰা নাছিল।জীৱনৰ বিয়লি বেলাত সুখ স্বাচ্ছন্দ্যৰেই দিনবোৰ পিতৃ মাতৃয়ে অতিবাহিত কৰি জীৱনৰ অন্তিম শ্বাস লৈছিল।কিন্তু বৰ্তমান আধুনিক জীৱন প্ৰণালীৰ ধামখুমীয়াত পৰিয়ালবােৰ সংকুচিত হল।আধুনিকতাৰ বা ত উটি ভাঁহি গৈ সন্তানে বৃদ্ধ পিতৃ মাতৃৰ প্ৰয়োজনবোৰ গম নোপোৱা হল।শ্ৰদ্ধা ভক্তিটোতো বাদেই, কৰিব পৰা নূন্যতম আলপৈচান খিনিও নধৰা হল।বস্তুবাদী জীৱন শৈলীত নিমজ্জিত সন্তানে বিষয় আসয়ত মত্ত হৈ নিজৰ বৈষয়িক ভোগ বিলাসত বাধাৰ সৃষ্টি কৰিব বুলি বহু সন্তানে বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত গতাই থৈ আহেগৈ।এইখিনিতে প্ৰণিধানযোগ্য যে বৃদ্ধাশ্ৰমবোৰ পশ্চিমীয়া বিজতৰীয়া কুসংষ্কৃতিৰ আমদানিকৃত পৰম্পৰাহে।এয়া ভাৰতীয় সামাজিক পৰম্পৰাৰ ফচল নহয়।আমি কোৱা নাই যে পশ্চিমীয়া সমাজ সংষ্কৃতি বেয়া।পশ্চিমতো সামাজিক সুস্থ বাতাবৰণ আছে।পশ্চিমৰ আধ্যাত্মিক সমাজখন আমাতকৈ অনেক গুণে সমৃদ্ধ এটা গুণী সমাজ।গুণী জ্ঞানীলোকৰ আকাল নাই পশ্চিমৰ সমাজবোৰত।কিন্তু হলেও বিত্তবান,সম্পদশালী পশ্চিমীয়া বস্তুবাদী মুক্ত সমাজ ব্যৱস্থাই এচাম উশৃংখল জেনেৰেচনৰ সৃষ্টি কৰিছে যি প্ৰজন্মই বৃদ্ধ পিতৃ মাতৃক নিজৰ লগত নাৰাখি বৃদ্ধাশ্ৰমত গতাই থৈ আহেগৈ যাতে সিঁহতবোৰৰ দৈনন্দিন মুক্ত অবাধ জীৱন শৈলীত প্ৰাচীৰ নহয়।অৱশ্যে অকল পশ্চিমীয়া পৰম্পৰা বোলাটোৱেই সমীচিন নহব বৰঞ্চ আজিকালি পূৱা পশ্চিমা এক হল।পূৱ পশ্চিমৰ অসুস্থ সামাজিক পৰম্পৰা একেধৰণৰ হল বুলি ক'লেও বঢ়াই কোৱা নহব নিশ্চয়।ভালটো পশ্চিমতো ভাল পূবতো ভাল।বেয়াটো বেয়াই,দুয়োটাতেই বেয়া।

    যিটাে সন্তানক মাকে ন মাহ গৰ্ভত ৰাখি অনেক কষ্ট কৰি জনম দিয়ে,যি সন্তানক শৈশৱ কালত পিতৃয়ে আঙুলিত ধৰি খোজ কঢ়াবলৈ শিকায়,যি সন্তানক অনেক দুখ যন্ত্ৰনা সহ্য কৰি হলেও পিতৃ মাতৃয়ে মানুহ কৰি গঢ়ি তোলে,সেই সন্তানেই আকৌ পিতৃ মাতৃ বৃদ্ধ হলে ঘৰৰ বোজা বুলি ভাৱি লয়!এয়া আকৌ কেনেকুৱা কথা?পিতৃ মাতৃয়ে সন্তানৰ পৰা বহুত বেছি আশা নকৰে বৃদ্ধাৱস্থাত।মাত্ৰ অকন মান আদৰ যতন কৰিলেই মাক বাপেক সুখী হয়।পুতেক বোৱাৰীৰ দয়াত মাক বাপেক জীয়াই নাথাকে।তেওঁলোক সন্তানৰ দয়াৰ পাত্ৰ নহয় বা হব নোৱাৰে।আচলতে চাবলৈ গলে সন্তানে বৃদ্ধকালত পিতৃ মাতৃক আলপৈচান ধৰাতো পিতৃ মাতৃৰ নৈতিক আৰু বিধিগত অধিকাৰহে।সন্তানৰ দ্বাৰা বহু পিতৃ মাতৃ নিঃগৃহীত হোৱাৰ ঘটনা পৰিলক্ষিত হোৱা বাবে চৰকাৰে তেনে সম্পৰ্কীয় বহু কিছু আইন কানুনো তৈয়াৰ কৰিছে।অভিভাৱকৰ প্ৰাপ্ৰ্য সামাজিক ন্যায় সমাজে দিব নোৱাৰিলেও ন্যায়সংগত অধিকাৰ দিয়াৰ ব্যৱস্থা ন্যায় বা আইনে কৰাৰ যথোপযুক্ত ব্যৱস্থা নিশ্চয় আছে।বহু চাকৰিয়াল সন্তানে পিতৃক ইচ্ছাকৃত ভাৱে খা খৰছৰ যোগান নধৰিলে আইনে সন্তানক বাধ্য কৰাব পাৰে পিতৃ মাতৃক মাহেকীয়া খৰছ যোগান ধৰাত।এই সম্পৰ্কীয় বহু কেছ মামলা আদলতত আছে আৰু নিষ্পত্তিও হৈছে।কিন্তু ইয়াতেই প্ৰশ্ন হয় যে মাক বাপেকে মাহটো চলিবৰ কাৰণে কিয় চাকৰিয়াল পুত্ৰৰ পৰা আদালতৰ নিৰ্দেশানুযায়ী মাহেকীয়া খৰছ আদায় লব লগাত পৰে?নিজৰ দাবী সাবাস্ত্য কৰিবলৈ কিয় আদালতৰ ওচৰ চাপিব লগীয়া হয় বৃদ্ধ পিতৃ মাতৃয়ে?বিচাৰালয়ৰ নিৰ্দেশত পুত্ৰই দৰমহাৰ ভাগ পিতৃক দিব লগা হোৱা কথাটো গাজত নলগা কথা।শুনি ভাল নলগা কথা।কিন্তু তেনে অশোভনীয় আচৰণৰ মুখ দেখাতো পিতৃৰ বাবে গৰ্হিত কাম নহয়,বিপৰীতে এয়া পুত্ৰৰ বাবেহে গৰ্হিত আচৰণ।যিটো কাম পিতৃ মাতৃৰ বাবে কৰিবলগীয়া নৈতিক দায়িত্ব আৰু কৰ্তব্য সেই কামকেই স্বেচ্ছাই নকৰা বাবে আইনীগত ভাৱে বাধ্যত পৰি কৰিব লগা হোৱাটো সেই সন্তানৰ বাবে চৰম লজ্জাজনক আৰু দুৰ্ভাগ্যজনক কথা।

  পিতৃৰ দহা শ্ৰাদ্ধত আমি কিয় এই সংষ্কৃত শ্লোকফাকি লিখোঁ এইবুলি______


   পিতা স্বৰ্গ: পিতা ধৰ্ম: পিতা পৰমং তপ:

পিতৰি প্ৰীতিমাপন্নে সৰ্বা: প্ৰীয়ন্তি দেৱতা:


   ইয়াৰ অৰ্থ হল__মোৰ পিতৃয়েই হল মোৰ স্বৰ্গ,মোৰ ধৰ্ম আৰু জীৱনৰ পৰম তপস্যা।যেতিয়াই তেওঁ আনন্দিত হয় তেতিয়া সকলো দেৱতাই সুখ পায়।আমি এই সংষ্কৃত শ্লোকফাকি মৰণোত্তৰভাৱে লিখি পিতৃশ্ৰাদ্ধ কৰোঁ,শ্ৰদ্ধা ভক্তি কৰোঁ হয়,কিন্তু সেই কৰ্ম দৰাচলতে পিতৃৰ জীৱিত অৱস্থাতহে কৰিব লাগে।জীৱিতাৱস্থাত দুখ নিদিয়াকৈ,মনোকষ্ট নিদিয়াকৈ পিতৃক সুখে সন্তোষে ৰাখিলেহে শ্লোকৰ সাৰমৰ্ম ৰক্ষা হব।মৃতকৰ আত্মাই শান্তি পোৱা নোপোৱাতো বিশ্বাসৰ কথা কিন্তু প্ৰত্যক্ষ বা চাক্ষুসভাৱে পোৱা শান্তিখিনি হল পিতৃয়ে জীৱিতাৱস্থাত পোৱা সন্তানে দিয়া সুখ।যি সুখ তুলনাবিহীন।


    'সৰ্বতীৰ্থময়ী মাতা: সৰ্বদেৱময়: পিতা

মাতৰং পিতৰং তস্মাৎ সৰ্বয়ত্নেন্ পূজয়েৎ'


  অৰ্থাৎ,মাতৃ হল সৰ্বতীৰ্থময়ী আৰু পিতৃ সম্পূৰ্ন দেৱতাৰ স্বৰূপ।গতিকে যত্ন সহকাৰে পিতৃ মাতৃক পূজা অৰ্চনা কৰাটো উচিত।যিয়ে ম‍াতা পিতাক পৰিদৰ্শন কৰে তেওঁ সপ্তদ্বীপ সম্পন্ন ধৰাখনিক প্ৰদক্ষিণ কৰা সম।

  ভগৱান শিৱ আৰু পাৰ্বতীৰ সন্তানদ্বয় কাৰ্তিক গনপতি।ময়ুৰ ৰথত উঠি গোটেই ব্ৰহ্মাণ্ড প্ৰদক্ষিণ কৰিলে কাৰ্তিকে পিতৃ-মাতৃৰ ভক্তিৰ চিনস্বৰূপে।কিন্তু গনপতিয়ে হৰগৌৰীৰ চাৰিওফালে এপাক মাত্ৰ ঘূৰি ভক্তিপথত কাৰ্তিকতকৈ শত যোজন আগত থাকিল।ঈশ্বৰ প্ৰাপ্তিৰ বাবে হাজাৰ মাইল বাট বুলি তীৰ্থ দৰ্শন কৰিব নালাগে।পিতৃ মাতৃৰ চৰণ ধুই ভক্তি কৰিলেই ভগৱৎ প্ৰাপ্তি হব পাৰে।ইয়াকেই গনপতিয়ে দৃষ্টান্ত দেখুৱাই থৈ গৈছে মানৱ সমাজক।


সত্যম মাতা: পিতা জ্ঞানম

ধৰ্ম্মং ভ্ৰাতা দয়া সখা।

শান্তি: পত্নী ক্ষমা পুত্ৰ॥


   সত্যই মােৰ মাতৃ জ্ঞানেই মোৰ পিতৃ।Truth is my mother,knowledge is my father.জন্মদাত্ৰী মা'ৰ যে আমি সন্তান এয়া চিৰন্তন সত্য।এই সত্যক কস্মিনকালেও নস্যাৎ কৰিব নোৱাৰি বাবেই 'সত্য'ক মাতৃ ৰূপ দিয়া হৈছে।সত্য হল মাতৃ স্বৰূপা আৰু মাতৃয়েই হল চৰমসত্য।ঠিক তেনেকৈ জ্ঞানৰ স্বৰূপ হল পিতৃ।পিতৃ সত্য হল জ্ঞানৰ দ্বাৰা উপলব্ধ।

জ্ঞান স্বৰূপ হল পিতৃ অথবা পিতৃৰ স্বৰূপ হল জ্ঞান।সন্তানৰ বাবে পিতৃ অবিহনে যেনেকৈ মাতৃ সম্পূৰ্ণ নহয় ঠিক তেনেকৈ জ্ঞান বিহনে সত্যও সম্পূৰ্ন হব নোৱাৰে।

মাতৃ বিহনে জ্ঞানলব্ধ পিতৃৰ স্থিতিও অসত্য তথা অসম্পূৰ্ণ।দুয়ো দুয়োৰে পৰিপূৰক।এটাক এৰি আনটোক ধৰিব নোৱাৰি।

    অৱশেষত আমি ইয়াকেই কব পাৰোঁ যে পিতৃ মাতৃ আমাৰ চিৰ পূজনীয়,চিৰ স্মৰণীয় আৰু চিৰনমস্য।গতিকে পিতৃ-মাতৃক শ্ৰদ্ধা ভক্তি,আদৰ যতন কৰাৰ লগতে সদায়ে সুখে সন্তোষে ৰাখিব লাগে।এয়া সন্তানৰ একান্ত কৰ্তব্য পিতৃ মাতৃৰ প্ৰতি।

   এফাকি সংষ্কৃৰ শ্লোকেৰে লেখনিৰ মুখনি মাৰিবলৈ লৈছোঁ।


ত্বমেব মাতা চ পিতা ত্বমেৱ

ত্বমেৱ বন্ধুস্ব সখা ত্বমেব।

ত্বমেব বিদ্যা দ্ৰবিনং ত্বমেব

ত্বমেৱ সৰ্ব মম: দেৱ দেৱ:।


  শ্লোকফাকি আচলতে ভগৱন্তক লৈহে  কৰা হৈছে।তথাপিও এয়া পিতৃ মাতৃৰ প্ৰতিও কৰা শ্ৰদ্ধা ভক্তিৰ শ্লোক।শ্লোকৰ সাৰমৰ্ম ৰাখি আমি পিতৃ মাতৃক সদায়েই শ্ৰদ্ধা ভক্তি কৰিব লাগে।শ্লোকত কোৱা বাবেই যে কৰিব লাগে এয়া নহয়।পিতৃ মাতৃক আলপৈচান ধৰি সুখে সন্তোষে ৰখাটো সকলো সন্তানৰেই নৈতিক কৰ্তব্য আৰু দায়িত্ব,বিশেষকৈ বৃদ্ধকালত,যি সময়ত পিতৃ মাতৃক সাহায্যৰ প্ৰয়োজন হয় বিশেষকৈ পো বোৱাৰীৰ পৰা।

   শিশুক ডাঙৰ দীঘল কৰি মানুহ কৰাৰ দায়িত্ব যেনেকৈ পিতৃ মাতৃৰ ঠিক তেনেকৈ বৃদ্ধকালত পিতৃ মাতৃৰ দায়িত্ব লোৱা সন্তানৰ একেই দায়িত্ব।ইয়াক সন্তানে স্বীকাৰ কৰিবই লাগিব।অন্ততঃ আইনে তাকেই কয়।কৰ্তব্য,দায়িত্ব আৰু নীতি নিষ্ঠতা পাছৰ কৰা।ই ব্যক্তি নিৰ্ভৰ।কিন্তু সামাজিক দায়িত্বৰ কথা আইনে যেতিয়া আঙুলিয়াই দিব যিটো নিৰ্দেশ কোনো নাগৰিকে অমান্য কৰিব নোৱাৰে।লাগে সেই সন্তান খোদ ন্যায়াধীশেই নহওঁক কিয়।

   পিতৃ মাতৃৰ চকুত সন্তান সদায়েই সন্তান।কাজেই,বৃদ্ধ পিতৃ মাতৃক পোহপাল দি সন্তান হিচাপে সন্তানৰ দায়িত্ব পালন কৰাটোৱেই হল সামাজিক পৰম্পৰা,ৰীতি-নীতি আৰু নৈতিক দায়িত্ব আৰু কৰ্তব্য॥




ফোনঃ  9678005058


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages