বাস্তৱ-বিভ্ৰাট
অংকুৰণ আৰ্ফ
আজি স্বপ্ন যেন
লাগে
সেই সময়
য’ত মই এদিন নিজেই বাস্তৱ আছিলো! আজি অসম্ভৱ অভিনয় যেন লাগে সেই মধুময় সময়
য’ত মই নিজেই বাস্তৱ চৰিত্ৰ আছিলোঁ! পলকতে পিছলি পৰে প্ৰতিটো গানময় পল
জীৱন এনেও এসোপা
জ্বলি যোৱা সময়ৰ স্মৃতিৰে সমদল!
জীৱন কি সঁচাকৈ মায়াৰ অভিনয় ?
যদিওবা হয়
অথচ
মানি ল’বলৈ কষ্ট হয়!!
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৫
No comments:
Post a Comment