বৃত্তিমূলক (Vocational) শিক্ষা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, May 1, 2022

বৃত্তিমূলক (Vocational) শিক্ষা

 



বৃত্তিমূলক (Vocational) শিক্ষা            ড° বুলজিৎ বুঢ়াগোহাঁই


     বৰ্তমান সময়ত বৃত্তিমূলক শিক্ষাৰ গুৰুত্ব বহু পৰিমাণে বৃদ্ধি পাইছে।  যিসকল যুৱক-যুৱতীয়ে সোনকালে উপাৰ্জন কৰিব বিচাৰে , তেওঁলোকে বৃত্তিমূলক শিক্ষা গ্রহণ কৰিব পাৰে । তেতিয়া নিজ ৰাজ্য বা  বহিঃৰাজ্যত সহজে  নিয়োজিত হ'ব পাৰিব ।   বিশ্ববিদ্যালয় অনুদান আয়োগে (www.ugc.ac.in) বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰৰ বাবে  Bachelor of Vocation (B.Voc.) পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে অনুমোদন জনাইছে ।  উচ্চতৰ মাধ্যমিক বা সমপৰ্যায়ৰ অৰ্হতা সম্পন্ন আগ্ৰহী ছাত্ৰ – ছাত্ৰীয়ে এই  পাঠ্যক্ৰম সমূহত নামভৰ্ত্তিৰ বাবে আবেদন জনাব পাৰে ।  অসমৰ কেইখনমান শিক্ষানুষ্ঠানত থকা বিষয়বোৰ তলত উল্লেখ কৰা হৈছে ।

 ১। অভয়াপুৰী মহাবিদ্যালয় (http://www.abhayapuricollege.in) ত  Information Technology আৰু Tourism আৰুTravel Management ;

২। ছয়দুৱাৰ মহাবিদ্যালয় (http://www.chaiduarcollege.org) ত

আগবঢ়োৱা পাঠ্যক্ৰম Paramedical and Health Care আৰু Mass Media ;

৩। জাগীৰোড মহাবিদ্যালয় (http://www.jagiroadcollege.co.in) ত

Retail Management আৰু Entertainment (Acting);

৪। কলিয়াবৰ  মহাবিদ্যালয় (http://www.kaliaborcollege.org) ত Tourism and Service Industry  আৰু Small Tea Garden management;

৫। নাজিৰা মহাবিদ্যালয় ( http://naziracollege.in) ত  Fashion Designing আৰু Information Technology;

৬। পূব কামৰূপ  মহাবিদ্যালয় (www.pubkamrupcollege.co.in) ত  Food Processing and Quality Management  আৰু Software Development and System Administration;

৭। সোণাপুৰ মহাবিদ্যালয়  (http://www.sonapurcollege.ac.in) ত Theater and Stage Craft , Retail Management and IT , Travel and Tourism Management,

৮। তেজপুৰ বিশ্ববিদ্যালয়   (http://www.tezu.ernet.in) ত  Food Processing আছে ।

         অসম চৰকাৰৰ অনুদানত Bachelor of Vocation (B.Voc.) পাঠ্যক্ৰম আৰম্ভ কৰা কেইটামান   পাঠ্যক্ৰম আৰু কেইখনমান শিক্ষানুষ্ঠান হ’ল-

১। ভোলানাথ মহাবিদ্যালয়, ধুবুৰী  (https://bncollege.co.in) ত Information Technology (IT),

২। শৰাইঘাট মহাবিদ্যালয় (http://saraighatcollege.co.in/) ত Tourism and Travel Management (TTM),

৩। নলবাৰী বাণিজ্য মহাবিদ্যালয়(http://www.nalbaricommercecollege.ac.in) ত Information Technology (IT),

৪। মাজুলী মহাবিদ্যালয় (https://majulicollege.in)  ত Information Technology (IT) আদি।



    অসমত থকা কমিনিউটি কলেজ থকা কেইখনমান আৰু তাত থকা বিভিন্ন  বিষয়বোৰ তলত উল্লেখ কৰা হৈছে ।

 ১। আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয় ( http://adpcollege.ac.in) ত  Fashion Designing,Fashion & Dress Designing Technology (FDDT)ডিপ্লমা পাঠ্যক্রম আছে ।

Fashion & Dress Designing, Electronic Instrument Maintenance, Human Rights and Duties, Gandhian Studies, Web Designing, Bio-informatics   চাৰ্টিফিকেট পাঠ্যক্রম আছে ।

২। আমগুৰি মহাবিদ্যালয় (https://www.amguricollege.com)  ত  Post Graduate Diploma in Computer Application (PGDCA)  পাঠ্যক্রম আছে ।

৩। বাহনা মহাবিদ্যালয় (www.bahonacollege.edu.in) তDiploma in Computer Application (6 Months),Certificate Course on Domestic Electrical Wiring and Maintenance (30 Days), Six Month Certificate Course on Governance and Leadership (6 Months)

 ৪। ছয়দুৱাৰ মহাবিদ্যালয় (http://www.chaiduarcollege.org) ত Theatre, Stage Craft & Acting আৰুNursing & Health Careডিপ্লমা পাঠ্যক্রম আছে । লগতে আছে-Performing Arts আৰু Tea Plantation and Management ।

 ৫। দক্ষিণ কামৰূপ  মহাবিদ্যালয়  (http://dkcollegeonline.in) ত  Retail Management & IT আৰু  Banking and Financial Services ডিপ্লমা পাঠ্যক্রম আছে ।

 ৬। জাগীৰোড  মহাবিদ্যালয়  (www.jagiroadcollege.co.in) ত Pulp and Paper Technology (PPT) আৰু Fashion Designing(FT) ডিপ্লমা পাঠ্যক্রম আছে । লগতে One Year Advance Diploma in Construction Works (ADCW) আৰু Master of Tourism Management ।

৭।  উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় (https://nlc.ac.in)ত  Sericulture ডিপ্লমা পাঠ্যক্রম আছে । লগতে Women’s Studies, Human Rights, Gandhian Thought, Analytical and Computational Chemistry, Performing Arts, Fish Culture & Breeding, Travel & Tourism Management আৰু Yoga ৰ চাৰ্টিফিকেট পাঠ্যক্রম আছে ।

৮। ৰহা মহাবিদ্যালয় (http://rahacollege.co.in)ত Pisciculture আৰু Retail Management ডিপ্লমা পাঠ্যক্রম আছে ।

৯। ৰূপহী  মহাবিদ্যালয় (https://rupahicollege.ac.in/) ত  Computer Application  চাৰ্টিফিকেট পাঠ্যক্রম আৰু Fish and Fishery , Beauty and Wellness আৰু Food and Vegetable Technologyৰ ডিপ্লমা পাঠ্যক্রম আছে ।

১০। উত্তৰ কামপীঠ  মহাবিদ্যালয় (http://www.ukmahavidyalaya.org) ত Fashion Designing আৰু Food Processing ৰ ডিপ্লমা পাঠ্যক্রম আছে ।


  Bachelor of Vocation (B.Voc.) পাঠ্যক্ৰম থকা আন কেইখনমান শিক্ষানুষ্ঠান হ’ল-


১।ফৰকাটিং মহাবিদ্যালয় (http://www.furkatingcollege.edu.in/) ত Hospitality Management ;

২।নগাঁও ছোৱালী কলেজ(http://nowgonggirlscollege.edu.in/) ত Computer Applications,Geoinformatics, Mass Communication and Journalism আৰু Modern Farming Technology and Nursery Management;

৩। খাৰুপেটীয়া মহাবিদ্যালয় (https://kharupetiacollege.in)ত Information Technology (IT) আৰু Retail Management (RMT);

৪। অসম বিশ্ববিদ্যালয় (www.aus.ac.in) ত Food Processing (F.P.)  আৰু Farm Machinery and Power Technology (FMPT) আদি।

     পলিটেকনিকত শিক্ষা গ্রহণ কৰিব পাৰে ।পলিটেকনিকবোৰত তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্রম প্রদান কৰা হয়। পলিটেকনিক এডমিচন টেষ্ট [Polytechnic Admission Test (PAT)] প্রৱেশ পৰীক্ষাৰ জৰিয়তে এই পাঠ্যক্রমত নামভৰ্তিৰ সুবিধা আছে । এই পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে সাধাৰণ শ্রেণীৰ প্রাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ত নূন্যতম ৪০ শতাংশ , অনুসূচিত জাতিৰ প্রাৰ্থীয়ে ৩৫ শতাংশ আৰু জনজাতিৰ প্রাৰ্থীয়ে ৩৩ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ'ব লাগিব আৰু পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ৩১ ডিচেম্বৰত  সাধাৰণ শ্রেণীৰ প্রাৰ্থীৰ বয়স ২০ বছৰ ৬মাহৰ ভিতৰত হ’ব লাগে আৰু অনুসূচিত জাতি আৰু জনজাতিৰ প্রাৰ্থীৰ বয়স ২৩ বছৰ ৬মাহৰ ভিতৰত হ’ব লাগে। এই প্রৱেশ পৰীক্ষা অনলাইন পদ্ধতিত আৱেদন কৰিব লাগে । ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল - https://dte.assam.gov.in । এই পৰীক্ষাৰ  প্রশ্নসমূহ বস্তুনিষ্ঠ  ধৰণৰ লগতে গণিত আৰু বিজ্ঞান বিষয়ত মুঠ ১০০ নম্বৰৰ প্রশ্ন সন্নিবিষ্ট কৰা হয়।

অসমত থকা পলিটেকনিক কেইখন হ’ল : ১।অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট ,গুৱাহাটী ২।গাৰ্লছ পলিটেকনিক , গুৱাহাটী ৩।বঙাইগাঁও পলিটেকনিক ,৪।শিলচৰ পলিটেকনিক ,৫। নগাঁও পলিটেকনিক ,৬। প্রিন্স অব্ ৱেলছ ইনষ্টিটিউট অব্ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি , যোৰহাট ৭। ডিব্রুগড় পলিটেকনিক ৮। গাৰ্লছ পলিটেকনিক , গোলাঘাট ৯।অসম টেক্সটাইল ইনষ্টিটিউট , গুৱাহাটী ১০। ডিফু পলিটেকনিক , ডিফু ।

   নতুনকৈ আৰম্ভ হোৱা পলিটেকনিক কেইখন হ'ল -১। বাক্সা পলিটেকনিক,২।বৰপেটা পলিটেকনিক,৩। ধেমাজি পলিটেকনিক,৪। কৰিমগঞ্জ পলিটেকনিক,৫। লখিমপুৰ পলিটেকনিক,৬। গোলাঘাট পলিটেকনিক,৭। গোৱালপাৰা পলিটেকনিক,৮। নলবাৰী পলিটেকনিক, ৯। কামৰূপ পলিটেকনিক,১০। শিৱসাগৰ পলিটেকনিক,১১। শোণিতপুৰ পলিটেকনিক, ১২ । তিনিচুকীয়া পলিটেকনিক ,   ১৩।  মৰিগাঁও  পলিটেকনিক ১৪। ওদালগুৰি  পলিটেকনিক ১৫। হাইলাকান্দি পলিটেকনিক আৰু ১৬। চিৰাং  পলিটেকনিক ।

      পলিটেকনিকবোৰত পঢ়াৰ সুবিধা থকা বিভিন্ন বিভাগবোৰ হ’ল : এগ্রিকালচাৰ , চিভিল, মেকানিকেল, কেমিকেল, ইলেকট্রিকেল , ইলেকট্রনিকছ এণ্ড টেলিকমিউনিকেচনছ, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, ইনষ্টুমেনটেছন, টেক্সটাইল টেকন’লজি, ফেছন টেকন’লজি, গাৰমেণ্ট টেকন’লজি, এগ্রিকালছাৰ , আৰ্কিটেক্ট এছিষ্টণ্ট আদি ।       

        তদুপৰি, ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই.ৰ বিভিন্ন ট্রেডত প্রশিক্ষণ শিক্ষা গ্রহণ কৰিব পাৰে । ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই.ৰ বিভিন্ন ট্রেডত পঢ়িবলৈ বাবে শিক্ষাগত অৰ্হতা বেলেগ বেলেগ হয়।  আই.টি.আই.ত নামভৰ্তিৰ বাবে আবেদন অনলাইন যোগেদি কৰিব     লাগে । ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল – www.itiassam.nic.in।  আবেদন কৰোতে এটা ই-মেইল আই.ডি. আৱশ্যক হয় । গতিকে, প্রাৰ্থীসকলে এটা ই-মেইল আই.ডি. খোলা প্রয়োজন আছে । এই পাঠ্যক্রমত নামভৰ্তিৰ হোৱা বৰ্ষৰ ১ আগষ্টত প্রাৰ্থীৰ বয়স ১৪ বছৰৰ কম হ’ব নালাগে । নম্বৰৰ ওপৰত ভিত্তি কৰি  নামভৰ্তি হয়।  

       অষ্টম শ্রেণী উত্তীৰ্ণ সকলে এবছৰীয়া পাঠ্যক্রম ৱেল্ডাৰ, প্লাম্বাৰ , ড্রেছ মেকিং ,  ছুয়িং টেকন'লজী, এমব্রইডাৰী আৰু দুবছৰীয়া  পাঠ্যক্রম ৱায়াৰমেন ট্রেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে ।   হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে নামভৰ্তি কৰিব পৰা  এবছৰীয়া পাঠ্যক্রমবোৰ হ’ল –ষ্টেনোগ্রাফা এণ্ড ছেক্রেটেৰিয়েল প্রেকটিচ(ইংৰাজী)[Stenographer & Secretarial Assistant (English)], ফেশ্বন ডিজাইন এণ্ড টেকনলজী (Fashion Design & Technology), ডেক্সটপ পাব্লিচিং  (ডি টি পি) অপাৰেটৰ [Desk Top Publishing (DTP) Operator], মাল্টি মিডিয়া এনিমেচন এণ্ড এছপিচিয়েল এফেক্ট  (Multi Media Animation and Special Effects),  ডিজিটেল ফটোগ্ৰাফাৰ,  (Digital Photographer), অ'ট্র ব'ডি পেণ্টিং মেকানিক (Mechanic Auto Body Painting), ছেক্রেটেৰিয়েল প্রেকটিচ (ইংৰাজী) [Secretarial Practice (English)], ক'চমেট'ল'জী (Cosmetology),   ফ্রণ্ট   অফিচ এচিছটেণ্ট Front Office Assistant, ফায়াৰ  টেকনলজী এণ্ড  ইণ্ডাষ্টিয়েল   ছেফ্টি মেনেজমেণ্ট (Fire Technology & Industrial Safety Management),কম্পিউটাৰ অপাৰেটৰ এণ্ড প্রগ্রেমিং এছিছটেণ্ট (Computer Operator & Programming Assistant)। হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিজ্ঞান আৰু গণিত বিষয়সহ  উত্তীৰ্ণ হোৱা সকলে নামভৰ্তি কৰিব পৰা  দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল : ইলেকট্রিচিয়ান ( Electrician), মটৰ ভেৰিকল মেকানিক,  (Mechanic Motor Vehicle), ড্রাফটমেন মেকানিক( Draughtsman Mechanical), ফিটাৰ( Fitter), মেচিনিষ্ট  ( Machinist), টাৰ্ণাৰ ( Turner), ড্রাফটমেন চিভিল (  Draughtsman Civil), চাৰ্ভেয় (Surveyor), চিভিল ইঞ্জিনিয়াৰিং এচিছটেণ্ট (Civil Engineering Assistant), ইলেকট্রনিকচ মেকানিক ( Electronics Mechanic),  ইনষ্টুমেণ্ট মেকানিক (Instrument Mechanic), ৰিফ্রিজেৰেচন এণ্ড এয়াৰ কণ্ডিচনাৰ মেকানিক (Refrigeration & Air Conditioner Technician), ইনফৰ্মেচন এণ্ড কমিউনিকেচন টেকনলজী মেইটেনেচ (Information & Communication Technology System Maintenance),  মেনটেনেছ মেকানিক কেমিকেল প্লান্ট  (Maintenance Mechanic Chemical Plant) , এগ্রিকালচাৰেল মেচিনাৰি মেকানিক (Mechanic Agricultural Machinery )। হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিজ্ঞান আৰু গণিত বিষয়সহ   উত্তীৰ্ণ হোৱা সকলে নামভৰ্তি কৰিব পৰা এবছৰীয়া  পাঠ্যক্রম : ডিজেল ইঞ্জিন মেকানিক(Mechanic Diesel), পাম্প অপাৰেটৰ কাম মেকানিক(Pump Operator cum Mechanic), প্লাষ্টিক প্রচেছিং অপাৰেটৰ (Plastic Processing Operator), ট্রেক্টৰ মেকানিক (Mechanic Tractor), চয়ল টেছটিং এণ্ড ক্র’প টেকনিচিয়ান (Soil Testing and Crop Technician), অ'ট্র ব'ডি ৰিপেয়াৰ মেকানিক( Mechanic Auto Body Repair), সৌলাৰ টেকনিচিয়ান (ইলেকট্রিকেল)[Solar Technician (Electrical)]।  ছয়মহীয়া ( এটা  চিমেষ্টাৰ)  বড়ো ট্রাইপৰাইটিং  পাঠ্যক্রমৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে ।

      অসমত থকা ঔদ্যোগিক প্রশিক্ষণ কেন্দ্র বা আই.টি.আই. কেইখনৰ নাম হ’ল : ১।আই.টি.আই. কৰিমগঞ্জ, ২। আই.টি.আই.কোকৰাঝাৰ , ৩। আই.টি.আই.গড়গাঁও, 

৪। আই.টি.আই.গোৱালপাৰা, ৫।আই.টি.আই. গুৱাহাটী, ৬। আই.টি.আই.ডিব্রুগড় 

৭। আই.টি.আই. তেজপুৰ, ৮। আই.টি.আই. তিনিচুকীয়া, ৯। আই.টি.আই.দক্ষিণ শালমাৰা, 

১০। আই.টি.আই.নগাঁও, ১১।আই.টি.আই. বঙাইগাঁও, ১২। আই.টি.আই. বৰপেটা, 

১৩। আই.টি.আই. যোৰহাট ,১৪। আই.টি.আই. শিলচৰ, ১৫। আই.টি.আই. ধনশিৰি, 

১৬। আই.টি.আই.ধেমাজি, ১৭।আই.টি.আই.নলবাৰী, ১৮। আই.টি.আই.ভেৰগাঁও, 

১৯ । আই.টি.আই. মৰিগাঁও, ২০।আই.টি.আই.হাইলাকান্দি, ২১। আই.টি.আই.মাজুলী, 

২২।আই.টি.আই.ডিফু, ২৩। আই.টি.আই.হাফলং ।

      মহিলাৰ বাবে সংৰক্ষিত আই.টি.আই. কেইখন হ’ল: 

১। আই.টি.আই.শিলচৰ ,২। আই.টি.আই. গুৱাহাটী,৩। আই.টি.আই.তিনিচুকীয়া, 

৪। আই.টি.আই.মাজবাট, ৫।আই.টি.আই. উত্তৰ লখিমপুৰ ।

      National Council for Vocational Training (NCVT)ৰ অধীনৰ পাঠ্যক্রমত উত্তীৰ্ণ প্ৰাৰ্থীসকলক এনচিভিটি(NCVT) প্ৰমাণপত্ৰ প্রদান কৰে আৰু State Council for Vocational Training (SCVT)ৰ অধীনৰ পাঠ্যক্রমত উত্তীৰ্ণ প্ৰাৰ্থীসকলক এছচিভিটি(SCVT) প্ৰমাণপত্ৰ প্রদান কৰে । ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানৰ পৰা প্রশিক্ষণ গ্রহণ কৰিলে সেই প্রতিষ্ঠানখন National Council for Vocational Training (NCVT) বা State Council for Vocational Training (SCVT)ৰ স্বীকৃতিপ্রাপ্তিৰ মর্যাদাৰ সবিশেষ জানি ল’লে ভাল হয় । অধ্যয়ন কৰা ট্রেডৰ ওপৰত ভিত্তি কৰি চৰকাৰী আৰু বেচৰকাৰী খণ্ডত নিযুক্তি লাভ কৰিব পাৰে ।  ইয়াৰ উপৰিও স্ব-নিয়োজনৰ ব্যৱস্থা কৰিব পাৰে।


     অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্রস্তুত কৰা বৃত্তিমুখী শিক্ষাৰ পাঠ্যক্রমসমূহ হ’ল –

1. General Foundation Course                         

2. Accountancy and Auditing                           

3. Automobile Engineering Technology                           

4. Commercial Art                       

5. Commercial Garment making and Designing                      

6. Computer Technique                    

7. Horticulture                 

8. Inland Fisheries                 

9. Maintenance and Repairing of Electrical & Domestic Appliances                   

10. Mechanical Engineering Technology                         

11. Office Management

12. Office Secretary ship

13. Repair and Maintenance of Radio & TV Receiver

14. Repair and Maintenance of Power Driven Farm machinery

15. Textile Designing

  

   ছাত্র-ছাত্রী তথা অভিভাৱকসকলে বৃত্তিমুখী শিক্ষাৰ পাঠ্যক্রমসমূহৰ সবিশেষ তথ্য লাভৰ  বাবে গুৱাহাটীৰ বামুনীমৈদাম স্থিত ‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ’ৰ কাৰ্য্যালয়ত খবৰ কৰিব পাৰে।

      উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা সকলে পেৰামেডিকেলৰ বিভিন্ন বিভাগত (Medical Laboratory Technology, Medical Radiographic Technology , Cardiac Care Technology, Physiotherapy, ICU Technology, Physicians Assistance Course , Emergency & First Aid, O.T. Technology (O.T. + Anaesthesia+ Endoscopy), Dialysis Technician Course ) ডিপ্লমা শিক্ষা গ্রহণ কৰিব পাৰে । পেৰামেডিকেল পাঠ্যক্রমৰ বিভিন্ন বিভাগত ডিপ্ল’মা শিক্ষা গ্রহণ কৰিব বাবে সুবিধা থকা অসমৰ চৰকাৰী শিক্ষানুষ্ঠান কেইখন হ’ল : ১। ইনষ্টিটিউট  অৱ  পেৰামেডিকেল চায়েঞ্চ , ডিব্রুগড়;২। ইনষ্টিটিউট  অৱ  পেৰামেডিকেল চায়েঞ্চ , গুৱাহাটী।;৩। ইনষ্টিটিউট  অৱ  পেৰামেডিকেল চায়েঞ্চ , শিলচৰ;৪। ইনষ্টিটিউট  অৱ  পেৰামেডিকেল চায়েঞ্চ, যোৰহাট ;৫। ইনষ্টিটিউট  অৱ  পেৰামেডিকেল চায়েঞ্চ, বৰপেটা ।      

      শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেও বহু ক্ষেত্রত আমাৰ ৰাজ্যখনৰ বহুসংখ্যক যুৱক-যুৱতীয়ে চৰকাৰী অথবা ব্যক্তিগত প্রতিষ্ঠানত আশা কৰা মতে নিযুক্তি লাভ কৰিবলৈ সক্ষম নহয় । ফলত ৰাজ্যখনত নিবনুৱা সমস্যাই গা কৰি উঠিছে । আমি সকলোৱে বুজা উচিত যে, কেৱল চাকৰিৰ দ্বাৰা নিবনুৱা সমস্যাৰ সমাধান কেতিয়াও সম্ভৱ নহয় । চাকৰিৰ বাহিৰেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্যৰ জৰিয়তে নিজে উপাৰ্জনক্ষম হৈ উঠাৰ লগতে আনকো নিয়োগৰ সুবিধা প্রদান কৰিব পাৰি । এই সম্পৰ্কে চৰকাৰী, বে-চৰকাৰী, স্বেচ্ছাসেৱী অনুষ্ঠান আৰু ছাত্র সংগঠনসমূহে ৰাজ্যখনৰ সকলো অঞ্চলতে সজাগতা সভা আৰু কৰ্মশালা আয়োজন কৰি ছাত্র-ছাত্রী তথা যুৱক-যুৱতীসকলক কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ বিষয়ে ভালদৰে বুজাই দিয়াৰ লগতে বিভিন্ন ধৰণৰ ঋণ আগবঢ়োৱা বিত্তীয় অনুষ্ঠানসমূহৰ বিষয়েও বিতংকৈ জনাব লাগে । তদুপৰি, বাতৰি কাকত আৰু আলোচনীসমূহেও সামাজিক দায়বদ্ধতাৰে সমাজ আৰু ৰাজহুৱা স্বাৰ্থৰ প্রতি লক্ষ্য ৰাখি ‘স্বনিয়োজন’ৰ বিভিন্ন দিশ সামৰি নিয়মীয়াকৈ লেখা প্রকাশ কৰিলেও জনসাধাৰণ লাভৱান্বিত হ’ব । চৰকাৰী চাকৰিৰ অবিহনেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰিও যে সন্মানীয় জীৱন নিৰ্বাহ কৰিব পাৰি সেই কথা উপলব্ধি কৰি কিছু সংখ্যক যুৱক-যুৱতীয়ে স্বনিয়োজনৰ পথ বাচি ল’লে নিবনুৱা সমস্যা অলপ হ’লেও কমিব বুলি আশা কৰিব পাৰি ।

              এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে,কেৰিয়াৰৰ  ক্ষেত্রত কোনো ব্যক্তিয়েই এশ শতাংশ সন্তুষ্টি লাভ নকৰে । কোনো ব্যক্তিয়ে হয়তো দৰমহাক লৈ সন্তুষ্ট নহ’ব পাৰে, কোনোবাজন হয়তো কৰ্মস্থলীলৈ নতুবা সহকৰ্মীকলৈ সন্তুষ্ট নহ’ব পাৰে ইত্যাদি ।ব্যক্তিগত খণ্ডত সৎ ভাৱে চাকৰি কৰি বা ব্যৱসায়-বাণিজ্য কৰি জীৱন ধাৰণ কৰি থকা সকলে চৰকাৰী খণ্ডত নিযুক্তি লাভ কৰা নাই বুলি হীনমন্যতাত ভোগা উচিত নহয় । তদুপৰি,ব্যক্তিগত খণ্ডৰ চাকৰিয়াল তথা ব্যৱসায়-বাণিজ্য কৰা ব্যক্তিসকলক চৰকাৰী খণ্ডৰ চাকৰীয়াল সকলৰ দৰে সম দৃষ্টিৰে নোচোৱাৰ মানসিকতা পৰিহাৰ কৰিব পাৰিলেহে সমাজৰ প্রত্যেক জন ব্যক্তিৰে যিকোনো কৰ্মৰ প্রতি আগ্রহ বৃদ্ধি হ’ব । উদ্যোগীসকলে নিজে উপাৰ্জন কৰাৰ লগতে আনকো নিয়োগৰ সুবিধা প্রদান কৰিব পাৰে ।চাকৰিয়ালৰ উপাৰ্জন সীমিত কিন্তু উদ্যোগীৰ নহয়। উদ্যোগীসকলে যিমানেই যত্ন কৰে সিমানেই উপাৰ্জনো বৃদ্ধি হয় আৰু নতুন নতুন দিশত কাম সম্প্রসাৰিত কৰিব পাৰে । চাকৰিয়ালসকল সদায় সীমাৰ মাজত আবদ্ধ ।চাকৰিয়ালসকলৰ দিনটোৰ বাবে নিৰ্দিষ্ট কৰ্মৰ সময় থাকে কিন্তু উদ্যোগীসকলৰ ক্ষেত্রত কৰ্মৰ কোনো নিৰ্দিষ্ট সময় সীমা    নাথাকে । সাধাৰণতে, চাকৰি কৰি সৎ উপায়েৰে ধনী হোৱাটো সম্ভৱ নহয় কিন্তু সৎ উপায়েৰে উদ্যোগ স্থাপন কৰি বা ব্যৱসায় কৰি ধনী হোৱা সম্ভৱ ।

            ব্যৱসায়-বাণিজ্য বা উদ্যোগ স্থাপন কৰিবলৈ প্রয়োজন হোৱা বিভিন্ন ধৰণৰ ঋণ আৰু সাহায্য আঁচনিৰ বিষয়ে পৰামৰ্শ গ্রহণ কৰিবলৈ আগ্রহী ব্যক্তিয়ে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্র,  চৰকাৰী বিভাগ অনুষ্ঠান-প্রতিষ্ঠানবোৰৰ উপৰিও ৰাষ্ট্রীয় আৰু ৰাজ্যিক বিত্তীয় অনুষ্ঠান, ৰাষ্ট্রীয়কৃত বেংকসমূহত যোগাযোগ কৰিব পাৰে । যেনে- ৰাষ্ট্রীয় ঔদ্যোগিক বৃত্তীয় নিগম (Industrial Finance Corporation of India , https://www.ifciltd.com) , ভাৰতীয় লঘু উদ্যোগ বিকাশ বেংক (Small Industries Development Bank of India , https://www.sidbi.in)  , ৰাষ্ট্রীয় লঘু উদ্যোগ নিগম (National Small Industries Corporation, https://www.nsic.co.in)  , ৰাষ্ট্রীয় কৃষি আৰু গ্রামীণ উন্নয়ন বেংক (National Bank for Agriculture and Rural Development , https://www.nabard.org ), ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক (Industrial Development Bank of India , https://www.idbibank.in ), নেড্ ফি (North Eastern Development Finance Corporation Ltd , https://www.nedfi.com ) , অসম বিত্তীয় নিগম (Assam Financial Corporation , http://www.afconline.gov.in ), অসম ঔদ্যোগিক নিগম (Assam Industrial development Corporation, http://aidcltd.com ), অসম লঘু উদ্যোগ নিগম (Assam Small Industries Development Corporation, http://asidcltd.assam.gov.in ), ভৈয়াম জনজাতি উন্নয়ন নিগম , অনুসূচিত জাতি উন্নয়ন নিগম ,অন্যান্য পিছপৰা জাতি উন্নয়ন নিগম আদি। সেইদৰে ৰাষ্ট্রীয়কৃত বেংক যেনে-ষ্টেট বেংক অৱ ইণ্ডিয়া, এলাহাবাদ বেংক , অন্ধ বেংক ,বেংক অৱ ব’ৰডা,বেংক অৱ   ইণ্ডিয়া , বেংক অৱ মহাৰাষ্ট্র ,কানাড়া বেংক, ক’পৰেচন বেংক ,চেণ্ট্রেল বেংক অৱ ইণ্ডিয়া , ডেনা ইণ্ডিয়ান বেংক, ইণ্ডিয়ান ওভাছিয়াছ বেংক, পাঞ্জাৱ নেচনলেবেংক,পাঞ্জাৱ এণ্ড সিন্দ বেংক সিণ্ডিকেট  বেংক , ইউনিয়ন বেংক অৱ ইণ্ডিয়া ,ইউনাইটেড বেংক অৱ ইণ্ডিয়া, অৰিয়নটেল বেংক অৱ কৰ্মাচ , ইউকো বেংক , বিজয়া বেংক আদিৰ নিজা নিজা কিছুমান ঋণ আৰু সাহায্য আঁচনি     আছে ।

   

     ব্যৱসায়-বাণিজ্য বা উদ্যোগ স্থাপনৰ বাবে প্রশিক্ষণ প্রদান কৰা অসমৰ কেইটামান প্রতিষ্ঠান হ’ল :

১। ৰাজ্যিক গ্রামোন্নয়ন প্রতিষ্ঠান (State Institute of Rural Development , https://sird.assam.gov.in) 

২। আই. আই. ই. (Indian Institute of Entrepreneurship , http://www.iie.gov.in) 

৩। চিপেট (Central Institute of Plastic Engineering and Technology , http://www.cipet.gov.in)

৪। ফাইনাৰ (Federation of industries & Commerce of North Eastern region, https://finer.in) 

৫। ভাৰতীয় উদ্যোগী বিকাশ প্রতিষ্ঠান (Entrepreneurship Development Institute of India, https://www.ediindia.org)  ইত্যাদি ।

       ভাৰতীয় উদ্যোগী বিকাশ প্রতিষ্ঠানত দুবছৰীয়া   PGDM-Entrepreneurship আৰু PGDM- Innovation, Entrepreneurship & Venture Development (IEV) পাঠ্যক্রম অধ্যয়নৰ সুবিধা আছে । এই পাঠ্যক্রম দুটাত নামভৰ্তিৰ বাবে শিক্ষাগত অৰ্হতা হ’ল  স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা  যিকোনো শাখাত ৫০শতাংশ নম্বৰসহ স্নাতক ডিগ্রীধাৰী হ’ব   লাগে  আৰু লগতে মেনেজমেণ্ট টেষ্ট (CAT,MAT,XAT,ATMA,C-MAT)ৰ নম্বৰ থাকিব লাগে । 

     অসমত মহিলাই স্থাপন কৰিব পৰা কিছুমান উদ্যোগ তথা ব্যৱসায় হ’ল- বিউটি পাৰ্লাৰ, নাৰ্চাৰী,অসমীয়া গহনা বিক্রীৰ প্রতিষ্ঠান,কম্পিউটাৰৰ প্রয়োজনীয় সামগ্রী যোগান, টিভি   মেৰামতি , কুকুৰা , ছাগলী ,গৰুৰ ফাৰ্ম ,পোহনীয়া জন্তু চৰাইৰ বিক্রী কেন্দ্র, কুৰিয়াৰ ছাৰ্ভিচ , কিতাপ,আলোছনী আদি বন্ধা ,মাছৰ একুৰিয়াম, কেটাৰিং ছাৰ্ভিচ ,মটৰ ড্রাইভিং স্কুল , কেৰিয়াৰ কাউন্সেলিং ,স্কুল আৰু কলেজৰ ছাত্র-ছাত্রীৰ ইউনিফৰ্ম, এম্ব্রইডাৰি, পুতলা নিৰ্মাণ,বুক বাইণ্ডিং , ফটোষ্টেট আৰু লেমিনেচন, ডি.টি.পি., ভিডিঅ’ ৰেকৰ্ডিং, ট্রেভেল এজেন্সি,পৰ্যটন সেৱা কেন্দ্র, ভাড়াত গাড়ী দিয়া, পেকেজিং উদ্যোগ, আচাৰ আৰু জাম-জেলী প্রস্তুত, কাঠফুলাৰ খেতি, ফুলৰ বাগিচা, বাঁহ-বেতৰ উদ্যোগ, গাখীৰৰ পৰা তৈয়াৰী বিভিন্ন সামগ্রী, ফাষ্ট ফুড ৰেস্তোৰাঁ, টেণ্ট হাউচ, মৰাপাটেৰে তৈয়াৰী বিভিন্ন সামগ্রী, আইচক্রীম, বেকাৰী, পিঠা আৰু লাডু প্রস্তুত, ক্রেচ, ছবি অঁকা স্কুল ,গানৰ স্কুল  আদি ।

           বৰ্তমান সময়ত বহুসংখ্যক যুৱক-যুৱতীক দেখা গৈছে যে, লাজ আৰু সংকোচৰ বাবে নিজ ৰাজ্যত কিছুমান বৃত্তিত নিয়োজিত হ’বলৈ নিবিছাৰে কিন্তু ,বহিঃৰাজ্যত গৈ একেধৰণৰ বৃত্তিতে নিয়োজিত হৈ আছে। এই নিবনুৱা যুৱক-যুৱতীসকলে বহিঃৰাজ্যলৈ যোৱাৰ সলনি নিজ ৰাজ্যতে তেনেবোৰ বৃত্তিৰ প্রতি আগ্রহী হ’লে শাৰীৰিক,মানসিক তথা আৰ্থিকভাৱেও যে লাভৱান্ৱিত হ’ব, সেই সম্পৰ্কে সজাগতা আনিবৰ বাবে অসমৰ ছাত্র সংগঠনবোৰ তথা স্বেচ্ছাসেৱী অনুষ্ঠান, চৰকাৰী, বে-চৰকাৰী অনুষ্ঠান আৰু ছ’চিয়েল নেটৱর্কিং ছাইটৰ অসমৰ হকে কাম কৰি থকা বিভিন্ন গোটবোৰ আগ বাঢ়ি আহিলে ভাল হয় ।


 

সংযোজন :


 গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ (Global Assamese Entrepreneurship Forum) : গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ (Global Assamese Entrepreneurship Forum) হৈছে অসমীয়া উদ্যোগীসকলৰ এক আন্তৰ্জাতিক মঞ্চ । এই মঞ্চৰ সভাপতি হৈছে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ  নিবাসী পাৰ্থ গগৈ আৰু সম্পাদক অঞ্জনা বৰদলৈ । এই মঞ্চৰ লক্ষ্য হৈছে তৃণমূল পৰ্যায়ৰ উদ্যোগীসকলক মূলসুঁতিৰ উদ্যোগীসকলৰ সৈতে একত্ৰিত কৰা । যিহেতু তৃণমূল পৰ্যায়ৰ উদ্যোগী আৰু  মূলসুঁতিৰ উদ্যোগীসকলৰ মাজত  এটা ব্যৱধান আছে আৰু  যিটো পূৰণ কৰাৰ প্ৰয়োজন আছে। এই মঞ্চই ভৱিষ্যতে উদ্যোগী হ’বৰ বাবে পৰিকল্পনা কৰা সকলক পৰামৰ্শ, নিৰ্দেশনা আৰু সংযোগ কৰাৰ ব্যৱস্থা গ্রহণ কৰিছে।  এই মঞ্চৰ যোগেদি উদ্যোগীসকলে তেওঁলোকৰ সফলতা ভাগ বতৰা কৰিব পাৰে । অধিক তথ্য  জানিবৰ আগ্ৰহী সকলে  এই মঞ্চৰ ফে’চবুক (Global Assamese Entrepreneurship Forum, https://www.facebook.com/groups/440248043822192) গোটতোত চাব পাৰে আৰু ই-মেইল Gaef2021@gmail.comত যোগাযোগ কৰিব পাৰে।



ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com 

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages