বেদনাৰ অনুভূতি
চন্দ্রিকা দলে
পূৰ্ণিমাৰ জোনাকেৰে ভৰা এটি ৰচংগা সপোনত; এছাতি অদম্য বতাহে শ্পৰ্শিলে
মোৰ গভীৰতম অন্তৰত ।
জোনাকে যেন সোনালী পোহৰেৰে পোহৰ বিলাই অন্ধকাৰ পৃথিৱীখন উজ্জ্বলাই ৰাখিছে ।
অবিৰাম বৈ যোৱা নৈখনেও চন্দ্রমাৰ নিলাভ কৰুণ জ্যোতিত
যেন দুগুণে জিলিকি উঠিছে।
পুবেৰুণ জোনাকী পোহৰক নেওচি জোনাকে যেন আৰু জিলিকি উঠিছিল।
লাহে লাহে ক'ৰবাৰ পৰা আহি এটুকুৰা ক'লা ডাৱৰে সমগ্র ধৰনীখন অন্ধকাৰ বুকুত ডুবাই থৈ গ'ল....
বজ্রপাত পৰা পথিকৰ দৰে ৰৈ গ'লো মই
হঠাৎ গভীৰ নিদ্রাৰ পৰা সাৰ পাই দেখো
পূর্ণিমাৰ জোনাক যেন একে পোহৰেৰে উজ্জ্বলি আছে।
No comments:
Post a Comment