কথাবোৰ এবাৰ ভাৱি চোৱা
ৰাজু কুমাৰ নৰহ
তুমি মোৰ কোৱা
কথাবোৰ এবাৰ
ভাৱি চোৱা,
বাওঞ্চ হৈ যোৱা
বলৰ দৰে ওফৰাই নিদিবা।
নিঃশব্দে নিৰবে ভাহি অহা
শব্দৰ টোপোলাবোৰত
উৰি অহা গোন্ধবোৰ
শুঙি চোৱা ।
ক'ত যে শেৱালি, বকুলৰ সোৱাস পাবা,
এই সোৱাসৰ আধাৰেই
শব্দৰ পৰিচয়।
তাৰে আধাৰত কল্পিত
জীৱন, যৌৱন, সুখ, শান্তি
ক্ৰম বিৱৰ্ত্তন।
No comments:
Post a Comment